মুখ্য-পৃষ্ঠা

অনলাইন জুৱাৰ বজাৰ আৰু আমাৰ সমাজ

Asomiya Pratidin
অনলাইন জুৱা সকলোৰে মাজত জনপ্রিয়। অনলাইন জুৱাখেলৰ এপবোৰে মানুহক ঘৰতে বহি বহি কোটিপতি হোৱাৰ সপোন দেখুৱাই আৰু তেওঁলোকৰ জালত ভৰি দি সর্বস্বান্ত হোৱা মানুহৰ উদাহৰণৰ সীমা সংখ্যা নোহোৱা হৈছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন শিতানত লক্ষ্মীপ্ৰিয়া দত্তৰ এই লেখা-

বর্তমান সময়ত অনলাইন জুৱা বিশেষকৈ যুৱপ্রজন্মৰ মাজত জনপ্রিয় হৈ পৰিছে। ক্রিকেট খেলুৱৈৰ পৰা বলিউডৰ অভিনেতা অভিনেত্ৰীলৈ, ইউটিউবাৰৰ পৰা সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশন কৰোতালৈ সকলোৱে অনলাইন জুৱা খেলৰ প্রচাৰত নামি পৰা পৰিলক্ষিত হৈছে।

এই অনলাইন জুৱাখেলৰ এপবোৰে মানুহক ঘৰতে বহি বহি কোটিপতি হোৱাৰ সপোন দেখুৱাই আৰু তেওঁলোকৰ জালত ভৰি দি সর্বস্বান্ত হোৱা মানুহৰ উদাহৰণৰ সীমা সংখ্যা নোহোৱা হৈছে। দুর্ভাগ্যজনক এইটোৱেই যে এই ভয়ংকৰ জালখনত ভৰি দিয়া ৮৪% ই ৩৫ বছৰৰ তলৰ যুৱপ্রজন্ম।

Statista নামৰ সংস্থাই প্রকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত ভাৰতৰ অনলাইন জুৱা বজাৰত ৰাজহৰ পৰিমাণ হৈছে ২.৯ বিলিয়ন মার্কিন ডলাৰ (প্রায় ২,৪৩ হাজাৰ কোটি টকা)। এই সংস্থাটোয়েই প্রকাশ কৰা তথ্য অনুসৰি অনলাইন জুৱা বজাৰত ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ২৫.৬ মিলিয়নলৈ বৃদ্ধি পাইছে। তথ্য অনুসৰি বর্তমান সময়ত ভাৰতবর্ষত প্রায় ৪০০ টা অনলাইন জুৱাৰ প্রতিষ্ঠান আছে।

এতিয়া আহো এই অনলাইন জুৱা বজাৰখনে মানুহক কেনেকৈ আকৰ্ষিত কৰে-

প্রথম কথা easy accessibility, সহজে উপলব্ধ, সহজলভ্য। অতি সহজতে এই অনলাইন জুৱাৰ বজাৰখনত এপৰ জৰিয়তে বা ৱেবছাইটৰ জৰিয়তে প্রৱেশ কৰিব পাৰি। প্ৰৱেশ কৰাত সহায় কৰে বিশেষকৈ সামাজিক মাধ্য়মত প্ৰচাৰ কৰা বিজ্ঞাপন সমূহে।

আমাৰ সকলোৰে মনত আছে আজিৰ পৰা ৭বছৰৰ পূৰ্বে JIO য়ে বিনামূলীয়া 4G য়ে আগবঢ়াওতে আমি কিদৰে আনন্দত আত্মহাৰা হৈছিলো আৰু সময়ত লগে লগে 2GB দাতা কিদৰে আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগলৈ ৰূপান্তৰিত হ'ল। ঠিক সেইদৰেই এই অনলাইন জুৱা বজাৰখনত প্ৰৱেশ কৰাৰ লগে লগেই ১৫০০টকাৰ পৰা ২৫০০ টকাৰ ছাইন আপ বনাই আগবঢ়াই আৰু বন্ধু বান্ধৱৰ মাজত প্ৰচাৰ কৰিলেও ব'নাছ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মানুহক আকৰ্ষিত কৰে।

তৃতীয়তে এই বজাৰখনত ভৰি দিয়া সকলক কেৱল বজাৰৰ মাজতেই সীমিক ৰাখিবলৈ চেষ্টা কৰে। ২০২৪বৰ্ষত JIO Cinema নামৰ OTT প্লেটফৰ্মটোৱে IPL সম্প্ৰচাৰ কৰোতে JIO DHAN DHANA DHAN বুলি প্ৰগেমৰ জৰিয়তে দৰ্শকসকলৰ মাজত কোনটো বলত ছিক্স কোবাব, কোনটো বলত আউট হ'ব তাৰ ভৱিষ্যতবাণী কৰিবলৈ দি সফল হোৱা সকলক গাড়ী, আইফন আদিৰে পুৰষ্কৃত কৰি দৰ্শকসকলক আকৰ্ষিত কৰিছিল। ঠিক সেইদৰে অনলাইন জুৱাৰ বজাৰখনত ব্যৱহাৰকাৰীসকলৰ মাজত Leaderboardৰ ব্যৱহাৰ কৰি অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি কৰে।

চতুৰ্থতে, এই বজাৰখনে ৰং, শব্দ আদিৰ জৰিয়তে আকৰ্ষিত কৰে। এই অনলাইন জুৱাৰ প্ৰত্যেকটো ৱেবছাইত বা এপত সদায় উজ্জ্বল ৰং ব্যৱহাৰ কৰা হয়। C-Tune মিউজিক ব্যৱহাৰ কৰা হয়। খেলখন জিকাৰ লগে লগে এই বিশেষ ধৰণৰ লাইট আমাৰ মোবাইলৰ স্কিনত ওলাই যায়, খুচুৰা পইচাৰ শব্দ হয়। এনেধৰণে এই বজাৰখনে আমাৰ শৰীৰত থকা 'ডপামিন হৰমন' নিঃসৰণত সহায় কৰে। গোটেই বজাৰখন হাতৰ মুঠিত থকা যেন অনুভৱ হয়। আৰু তাৰ লগে লগে বজাৰৰ গভীৰতালৈ সোমাই যোৱাৰ উত্তেজনা বৃদ্ধি পায়।

অনলাইন জুৱাৰ বজাৰত সৰ্বস্বান্ত হৈ আত্মহত্যাৰ পথ বাছি লোৱাৰ উদাহৰণ অগণন। যোৱা ১৭মে' তাৰিখে চেন্নাইত ধনুষ নামৰ ২৩বছৰীয়া যুৱক এজনে অনলাইন জুৱা বজাৰত Rummy নামৰ এটা খেলত বৃহৎ পৰিমাণৰ ধনৰাশি হেৰুৱাই আত্মহত্যাৰ পথ বাছি লয়। ২৬মাৰ্চ তাৰিখে কৰ্ণাটকৰ দৰ্শন আৰু ৰনজিঠা নামৰ দম্পতিহালে Dream11 নামৰ Fantasy App ত প্ৰায় ১কোটি টকা হাৰি আত্মহত্যাৰ পথ বাছি লয়, অথচ যিটো Dream11 এপে প্ৰতিদিনেই ভাৰতত কোটিপতিৰ সৃষ্টি কৰাৰ বিজ্ঞাপন দিয়ে।

আত্মহত্যাৰ উপৰিও অনলাইন জুৱাৰ বজাৰখনে ব্যৱহাৰকাৰীসকলক মানসিক, অৰ্থনৈতিক আৰু সামাজিকভাৱেও সৰ্বস্বান্ত কৰি পেলাইছে। তথ্য অনুসৰি অনলাইন জুৱা বজাৰখনে ভাৰতৰ পৰা বছৰি ১০০ বিলিয়ন মাৰ্কিন ডলাৰ জমা ধন শুহি নিছে। অনলাইন জুৱাৰ নিচাযুক্ত প্ৰকৃতিৰ বাবে ব্যৱহাৰকাৰীসকলৰ উদ্বেগ বৃদ্ধি পোৱা পৰিলক্ষিত হয়, যাৰ ফলস্বৰূপে সাধাৰণ বাধ্যতামূলক আচৰণ, ঘৰুৱা দায়িত্ব আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে বুলি মনোবিজ্ঞানীসকলে দাবী কৰিছে। এই অনলাইন জুৱাৰ বজাৰখনৰ বাবেই সমাজত অবৈধ ধন সৰবৰাহ, চাইবাৰ ক্ৰাইমৰ দৰে জঘন্য অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে আৰু এইবোৰত লিপ্ত হৈছে যুৱ প্ৰজন্ম।

এই অনলাইন জুৱাৰ বজাৰখনৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ লোৱাৰ সময় সমাগত। ২০২২ বৰ্ষত লোকসভাৰ শীতকালীন অধিৱেশনত The Online Gaming (Regulation) Bill 2022 শীৰ্ষক Private Member Bill এখন উত্থাপন কৰিছিল। চৰকাৰে অতি সোনকালেই এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰাটো প্ৰয়োজন হৈ পৰিছে।

এই অনলাইন জুৱাৰ বজাৰখনে বিকশিত ডিজিটেল বজাৰখনৰ অনিয়ন্ত্ৰিত বজাৰৰ পৰা উদ্ভৱ হোৱা বজাৰ বিফলতাৰ জৰুৰী বিষয়টো পোহৰলৈ আহিছে। অনলাইন জুৱাৰ বজাৰখনে নিচা আৰু মানসিক স্বাস্থ্যৰ সমস্যাৰ পৰা আৰম্ভ কৰি আৰ্থিক প্ৰৱঞ্চনা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিপদৰ লৈকে বহুটো চিন্তাৰ কাৰণ হৈ পৰিছে। ভাৰতত এক শক্তিশালী নিয়ন্ত্ৰণ কাঠামোৰৰ প্ৰয়োজনীয়তা কেৱল ব্যৱহাৰকাৰী আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই নহয়, কৰ ফাঁকি আৰু ছাঁ অৰ্থনীতিৰ প্ৰসাৰৰ দৰে সমস্যা সমাধানৰ বাবেও গুৰুত্বপূৰ্ণ।