ফুটবলাৰ নহয়, তেওঁ আছিল পদশিল্পৰ নিপুন শিল্পী 
মুখ্য-পৃষ্ঠা

ফুটবলাৰ নহয়, তেওঁ আছিল পদশিল্পৰ নিপুন শিল্পী

Asomiya Pratidin

তুষাৰ প্ৰতিম

ফুটবল ইংৰাজৰ, ফুটবলৰ প্ৰাণ ব্ৰাজিলৰ। এই ফুটবলক পদশিল্পলৈ ৰূপান্তৰ কৰা ৰূপকাৰজন পেলে। হয়, পেলেয়ে ফুটবল খেলা নাছিল, তেওঁৰ দুভৰিত আছিল ছন্দ। দুয়োটা ভৰিৰ মাজত বলটো লৈ প্ৰতিপক্ষৰ গ'ল পোষ্টক লক্ষ্য কৰি পেলেয়ে যি ছন্দোবদ্ধ গতিৰে আগবাঢ়িছিল সেয়া জানো কোনো শিল্পতকৈ কাম আছিল? খেলপথাৰত ফুটবলাৰৰ ৰূপত পেলে হৈ পৰিছিল এজন নিপুন শিল্পী !

খেলপথাৰৰ এই নিপুন শিল্পীজন আজি আমাৰ মাজত নাই। ৮২ বছৰ বয়সতে ইহ সংসাৰ এৰি পেলে গ'লগৈ। দি গ'ল ফুটবলত উন্মাদনা, উত্তেজনা আৰু কিছু সোণালী সময়। যি সময়ৰ স্মৃতি বুকুত বান্ধি বিশ্বৰ অগণন ফুটবল প্ৰেমীয়ে পাৰ কৰিব ভৱিষ্যত সময়।

পেলেয়ে ফুটবল খেলিছিল। এয়ানো কি নতুন কথা ! ফুটবল সকলোৱে খেলে। কিন্তু পেলেয়ে যি ধৰণে ফুটবল খেলিছিল সেই খেলা চাই প্ৰজন্মৰ পিছত প্ৰজন্ম অনুপ্ৰাণিত হৈ আহিছে। ফুটবল খেলিবলৈ আগবাঢ়ি আহিছে।

সেয়ে হয়তো নেইমাৰ জুনিয়ৰে আৱেগ ৰোধিব নোৱাৰি ক'লে- পেলেৰ পূৰ্বে ১০ এটা মাত্ৰ সংখ্যা আছিল। মই এই বাক্য পূৰ্বে ক'ৰবাত পঢ়িছিলো। কিন্তু এই বাক্য ধুনীয়া, অসম্পূৰ্ণ। পেলেৰ পূৰ্বে ফুটবল কেৱল এবিধ খেল আছিল। পেলেয়ে ইয়াক সলনি কৰিলে। তেওঁ ফুটবলক কলা আৰু মনোৰঞ্জনলৈ সলনি কৰিলে।

পেলেয়ে ফুটবলৰ জৰিয়তে গভীৰ জীৱনবোধ আৰু মানৱতাৰ সন্ধান কৰিছিল। তেওঁ সমাজৰ বঞ্চিত, নিষ্পেষিত আৰু উপেক্ষিত সকলৰ বাবে সদায়েই সহায়ৰ হাত আগবঢ়াইছিল। সেয়ে পেলে মানুহৰ হৃদয়লৈ সোমাই গৈছিল।

বৰ্ণ বৈষম্যৰে জৰ্জৰিত ব্ৰাজিলত পেলে আছিল একতাৰ প্ৰতীক। কৃষ্ণাংগ আৰু স্বেতাংগৰ মাজত পেলে হৈ পৰিছিল এখন সাঁকো। দুয়োটা বৰ্ণৰ লোকৰ মাজত বান্ধিছিল একতাৰ বান্ধোন।

তেওঁ কেতিয়াও বৰ্ণ বৈষ্যৰ বলি হোৱা কৃষ্ণাংগসকলৰ হৈ মাত মতা নাছিল। অথচ তেওঁ আছিল নিজেই এজন কৃষ্ণবৰ্ণৰ লোক। যাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল পেলে। আৰু পেলেয়ে কথাৰে নহয়, ইয়াৰ উত্তৰ দিছিল দুভৰিৰ ছন্দৰে।

১৯৫৮, ১৯৬২ আৰু ১৯৭০ বিশ্বকাপ ব্ৰাজিলৰ দখললৈ গৈছিল। ইয়াৰ আঁৰত আছিল পেলেৰ দুভৰিৰ যাদু। ১৭ বছৰ বয়সতেই পেলেয়ে জয় কৰিছিল প্ৰথমখন বিশ্বকাপ। সেয়া আছিল ১৯৫৮ চনৰ কথা।

সেইবাৰ বিশ্বকাপৰ ফাইনেলত পেলেৰ দুভৰিৰ পৰা আহিছিল ২ টাকৈ গ'ল। সেই দুটা গ'লেই ব্ৰাজিলৰ বিশ্বকাপ জয়ত মুখ্য ভূমিকা পালন কৰিছিল। পৰৱৰ্তী ১৯৬২ ৰ বিশ্বকাপটো ব্ৰাজিলৰ জয়ৰ আঁৰৰ নায়ক আছিল পেলে।

অৱশ্যে জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰি জয়ৰ হেট্ৰিক অৰ্জন কৰাত ব্যৰ্থ হৈছিল পেলেৰ ব্ৰাজিল। সেইবাৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছিল পেলে। পেলেৰ আঘাতে পেলেকেই নহয়, ব্ৰাজিলকেই বিশ্বকাপৰ পৰা বাহিৰ কৰিলে। পেলে অবিহনে খেলপথাৰত নমা ব্ৰাজিলে সেইবাৰ দখল কৰিব নোৱাৰিলে ব্ৰাজিল।

১৯৭০ বিশ্বকাপত আকৌ উজলি উঠিল পেলে। সেইবাৰ বিশ্বকাপত চলিছিল কেৱল পেলেৰ দুভৰিৰ যাদু। চৌদিশে কেৱল ক'লা হীৰাৰ চৰ্চা, চৌপাশে পেলেৰ বন্দনা। ১৯৭০ বিশ্বকাপত দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰি পেলে আৰু পেলেৰ ব্ৰাজিলে পুনৰ নিজৰ দখললৈ নিলে বিশ্বকাপ।

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান পেলেৰ শৈশৱৰ নাম আছিল এডশ্যন এৰিন্টেছ দ্য নুচিমেন্টো। শৈশৱতে পেলে আছিল এজন গ'লৰক্ষক। সমনীয়াই তেওঁক মাতিছিল বিলে বুলি। আৰু সেই বিলে পৰৱৰ্তী সময়ত হৈ পৰিল বিশ্ব বন্দিত পেলে।

পেলে কিমান মহান, কিমান জনপ্ৰিয় সেই কথা পেলেৰ মৃত্যুৰ পিছত বিশ্বৰ বিভিন্ন প্ৰান্তত, বিভিন্ন শ্ৰেণীৰ বিভিন্ন নাগৰিকৰ প্ৰতিক্ৰিয়াই সেই কথা প্ৰমাণ কৰে। জীৱিত কালত তেওঁ কেতিয়াও খেলা নাছিল ইউৰোপত। কিন্তু পেলেৰ মৃত্যুৰ লগে লগে শোকত ভাঙি পৰিছে সমগ্ৰ ইউৰোপ।

পেলেৰ মৃত্যুৰ খবৰৰ বিয়পি পৰাৰ লগে লগে লা লীগাৰ মেচ চলি থকাৰ মাজতে স্তব্ধ কৰি দিয়া হৈছে। সকলোৱে একেলগে মৌন প্ৰাৰ্থনা কৰিছে। এখন বা দুখন নহয়, ধাৰাবাহিক ভাৱে এটা সপ্তাহলৈ প্ৰতিখন লা লীগাৰ মেচত পেলেৰ বাবে কৰিব প্ৰাৰ্থনা। অথচ পেলে জড়িত নাছিল নাছিল লা লীগৰ সৈতে।

পেলেৰ মৃত্যুত ইংলেণ্ডত ওয়েম্বলি ষ্টেডিয়ামত পেলেৰ বেনাৰ আঁৰি দিয়া হৈছে। ব্ৰাজিলৰ পতাকাৰ ৰঙেৰে ৰঙীন কৰি তোলা হৈছে। অথচ পেলেয়ে খেলা নাছিল প্ৰীমিয়াৰ ক্লাবৰ খেল। পেলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে উয়েফাই।

ফুটবলত সৰ্বকালৰ শ্ৰেষ্ঠ কোন? বিতৰ্ক অবধাৰিত ভাৱেই হ'ব পাৰে। ইতিমধ্যে বিশ্বই স্বীকৃতি দিছে, ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনা। আৰ্জেণ্টিনাৰ ডিয়েগো মাৰাডোনা ফুটবলৰ ৰাজপুত্ৰ। তেওঁ পেলেৰ সৈতে খেলিছিল একেলগে।

যিদৰে মাৰাডোনা ফুটবলৰ ৰাজপুত্ৰ ঠিক সেইদৰে পেলে ফুটবলৰ সম্ৰাট বা ৰজা। বহুতেই নিজৰ প্ৰিয় ফুটবলাৰক শ্ৰেষ্ঠ বুলি বিতৰ্কত ভাগ ল'ব পাৰে। কিন্তু পেলে যে ফুটবলৰ সম্ৰাট সেই কথাক মানি ল'বলৈ বাধ্য কৰাব। কোনো যুক্তিয়েই এই কথাক নস্যাত কৰিব নোৱাৰে।

বৰ বেছি লিখি থকাৰ প্ৰয়োজন নাই। লিখিলে লিখি থাকিব লাগিব। পেলেৰ কাহিনী, পেলেৰ ফুটবল শৈলীৰ অনেক কাহিনী। তেওঁৰ দুৰন্ত গতি, অপ্ৰতিৰোধ্য শক্তি, ৱান টাচ্চ্ ৰিচিভিং, হেড আদিয়ে প্ৰতিপক্ষৰ ৰক্ষণ বিভাগত কম্পন তুলিছিল।

সেই পেলে আজি নাই। পেলেয়ে এই দুনিয়া এৰি গুছি গৈছে। যি বাটেৰে এসময়ত গুছি গৈছিল তেওঁৰ চিৰপ্ৰতিদ্বন্দী মাৰাডোনা। মাৰাডোনাৰ মৃত্যুত পেলেয়ে কৈছিল- যোৱা বন্ধু, কোনো এক সময়ত সৰগত আকৌ দুয়োৱে ফুটবল খেলিম।

সময় আহিল। বন্ধুৰ সৈতে ফুটবল খেলিবলৈ হস্পিতালৰ বিচনা এৰি পেলে গুছি গ'ল সৰগলৈ। মাৰাডোনা আৰু ইতিপূৰ্বে সৰগলৈ গতি কৰা সতীৰ্থৰ সৈতে ফুটবল খেলিবলৈ।

বিশ্বত থৈ গ'ল ৭ টা দশকৰ স্মৃতি। সৃষ্টি কৰি থৈ গ'ল ফুটবল বলীয়া কেইবাটাও প্ৰজন্ম। নতুন প্ৰজন্মৰ প্ৰতিনিধি, কাটাৰ ফিফা বিশ্বকাপ-২০২২ৰ সৃষ্টি এমবাপ্পেৰ ভাষাৰেই সামৰণি মাৰো- ফুটবল থাকে মানে থাকিব পেলে।

ক্লিক কৰি পঢ়কঃ বিবাদ, বিতৰ্ক, বিকাশেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ- '২০২২'