মুখ্য-পৃষ্ঠা

বিন্দাছ জীৱনৰ আঁৰৰ কাহিনী...

Asomiya Pratidin, মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

সহজ ধনৰ লোভত পৰিছে নতুন প্ৰজন্ম। সহজ ধনৰ মোহে মেধাৱী এচাম সম্ভাৱনাময় যুৱকক বিপথে পৰিচালিত কৰিছে। বিলাসী আৰু আভিজাত্য জীৱনৰ প্ৰতি আসক্ত হৈ এনে কিছু কাম তেঁওলোকে কৰি গৈছে যে যিবোৰ সাধাৰণ লোকৰ দৃষ্টিত কেতিয়াও ধৰা নপৰে।

হাতত মোবাইল বা কম্পিউটাৰটো লৈয়ে ঘৰৰ পৰাই এই অবৈধ কামবোৰৰ জৰিয়তে এখন অপৰাধ জগতত তেঁওলোকে প্ৰৱেশ কৰে। পিতৃ-মাতৃ তথা অভিভাৱকেও তেঁওলোকৰ এই দুষ্কাৰ্যৰ তৎ ধৰিব নোৱাৰে। শেহতীয়াকৈ এনে অপৰাধ সংঘটিত কৰা এক চক্ৰক আৰক্ষীয়ে ধৰা পেলোৱাৰ পাছত সেই চক্ৰৰ পম খেদি মহানগৰীৰ কেইবাগৰাকী মেধাৱী যুৱক তেনে কৰ্মৰ সৈতে জড়িত থকা তথ্য পোহৰলৈ আহিছে।

মহানগৰীৰ এখন অসমীয়া মাধ্যমৰ প্ৰতিষ্ঠিত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ নাম সেই তালিকাত আছে। কিছুদিনৰ পূৰ্বে এজন মাংস বেপাৰীয়ে মহানগৰীৰ অপৰাধ শাখাৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল। এই অভিযোগত মাংস বেপাৰীগৰাকীয়ে জনাইছিল যে তেঁওৰ নামত কোনো অজ্ঞাত ব্যক্তিয়ে বেংকত একাউণ্ট খুলিছে।

সেই অভিযোগৰ ভিত্তিত অপৰাধ শাখাই সেই বিষয়টো তদন্ত কৰাত তেঁওলোক আচৰিত হৈ পৰিল। কিয়নো তদন্তত পোহৰলৈ অহা মতে এই বেংক একাউণ্টবোৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবঞ্চক চক্ৰৰ সম্পৰ্ক আছে।

বিভিন্ন সময়ত বেংকৰ একাউণ্টৰ পৰা বহু লোকৰ ধন হৰলুকি হয়। বিভিন্ন প্ৰলোভনেৰে এই প্ৰৱঞ্চক চক্ৰই বেংকৰ ধন লুটি নিয়া ঘটনা ঘটি থাকে। একাউণ্টৰ পৰা ধন আন এটা একাউণ্টত জমা হোৱা এই লুণ্ঠনৰ ঘটনাবোৰ বিদেশত থাকিয়েই প্ৰৱঞ্চকৰ দলে সংঘটিত কৰি আহিছে।

আৰক্ষীয়েও এই ধৰণৰ ঘটনা তদন্ত কৰিবলৈ গৈ বিমোৰত পৰে। গৰিষ্ঠসংখ্যক লোকে তেঁওলোকৰ হেৰুওৱা ধন ঘূৰাই নাপায়। গুৱাহাটীৰ মুৰ্গী বেপাৰী, পদপথৰ ব্যৱসায়ী, পাণ দোকানী, ঠেলাৱালা-ৰিক্সাৱালা আদিৰ নামত কিছুদিনৰ পৰা বেংকত একাউণ্ট খোলা যেন এক প্ৰতিযোগিতা হৈছে।

অনলাইন প্ৰৱঞ্চনাৰ জাল পেলোৱা এই চক্ৰই তেঁওলোকৰ দ্বাৰাই নিয়োজিত এজেণ্টৰ জৰিয়তেই এই একাউণ্টসমূহ খোলে। যাৰ নামত একাউণ্টসমূহ খোলে তেঁওলোকৰ বিভিন্ন নথি-পত্ৰ ব্যৱহাৰ কৰি একাউণ্টবোৰ খোলা হয়। তাৰ বিনিময়ত তেঁওলোকক ২/৩ হাজাৰ টকা দিয়ে যদিও বেংকৰ একাউণ্টৰ কোনো তথ্য মূল গৰাকী সকলৰ হাতত নাথাকে।

অথচ তেঁওলোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড সংগ্ৰহ কৰি এই বেংক একাউণ্টসমূহ খোলা হয়। ৩০ আগষ্ট ২০২৪ত আৰক্ষীৰ অপৰাধ শাখাই উজানবজাৰৰ বুবু দাস আৰু ছুপাৰ মাৰ্কেটৰ আনবেচ চান্দ নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল।

এই দুই যুৱক আছিল আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰৱঞ্চক দলৰ এজেণ্ট। মহানগৰীত গ্ৰেপ্তাৰ কৰা দুই প্ৰৱঞ্চকে এই একাউণ্টসমূহ মহানগৰীৰ মূলতঃ দুটা বেংকত খুলিছিল। সেই বেংক দুটা আছিল- ইণ্ডাচাইণ্ড বেংক আৰু ফেডাৰেল বেংক। বেংকৰ একাউণ্টসমূহত প্ৰৱঞ্চকসকলে তেঁওলোকৰ নিজা মোবাইল নম্বৰ ব্যৱহাৰ কৰে যাতে মূল একাউণ্টৰ গৰাকীয়ে ধনৰ লেনদেনৰ কোনো তথ্য লাভ নকৰে।

তেঁওলোকে খোলা বেংকৰ একাউণ্টসমূহৰ তথ্য এই চক্ৰটোৱে প্ৰদান কৰিছিল অনলাইনযোগে গ্ৰাহকৰ পৰা বিভিন্ন সময়ত লুটি নিয়া আন্তঃৰাষ্ট্ৰীয় চক্ৰটোক। এটা বেংক একাউণ্টৰ তথ্য জমা দিলে তেঁওলোকে লাভ কৰিছিল ৫০ হাজাৰকৈ কমিচন। তাৰ পাছত এই বেংক একাউণ্টসমূহত অনলানযোগে গ্ৰাহকৰ পৰা লুটি নিয়া ধন জনা হ’লে তাৰো এক কমিচন লাভ কৰি আহিছিল।

গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা এই দুই প্ৰৱঞ্চকে এনেকৈয়ে মাহিলি ৪০/৪৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। গুৱাহাটীত নিজা ঘৰ থকাৰ পাছতো বিলাসী জীৱনৰ প্ৰতি আসক্ত হৈ ইজি মানি লৈ বুবু দাস আৰু আনবেচ চান্দে বেলতলাত এটা বৃহৎ ফ্লেট ভাড়ালৈ বাস কৰিছিল। ফ্লেটটোৰ মাহিলি ভাড়াই আছিল ৮০ হাজাৰ টকা।

তেঁওলোকে বিদেশত প্ৰায় ফুৰিবলৈ গৈছিল। ঘৰত কৈ গৈছিল সেয়া বিজনেছ ট্যুৰ। এই প্ৰমোদ ভ্ৰমণৰ পৃষ্ঠপোষক আছিল আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰৱঞ্চক চক্ৰ। তেঁওলোকৰ জীৱন শৈলীৰ উমান তেঁওলোকৰ ব্যক্তিগত সামাজিক মাধ্যমৰ একাউণ্টসমূহ চালেই গম পোৱা যায়।

বালি, ডুবাই, বেংকক আদিলৈ তেঁওলোকে বিমানৰ বিজনেছ ক্লাছতে অহা-যোৱা কৰে। মাক-দেউতাক তথা লগৰ বন্ধু-বান্ধৱক কয়- তেঁওলোকে অনলাইন বিজনেছ কৰে। কিন্তু তেঁওলোকে কি কৰে তাৰ আচল কথা এয়া।

গুৱাহাটীত সক্ৰিয় এই চক্ৰটোৰ আৰু কেইবাজনো এতিয়া পলাতক। কোনে, ক’ত, কি কৰি আছে এতিয়া ধৰাই টান হৈ পৰিছে। প্ৰচুৰ সম্ভাৱনা থকা মেধাৱী ছাত্ৰৰ মন-মগজুও এতিয়া এনেকৈয়ে এইবোৰ অপকৰ্মক লৈ সক্ৰিয় হৈ পৰিছে।

সমাজৰ বাবে এয়া এক ডাঙৰ ব্যাধি হৈছে। সন্তানক অভিভাৱকসকলে ভালদৰে চকু দিয়াতো প্ৰয়োজন হৈ পৰিছে। কিয়নো এতিয়া চকুৱে নেদেখা, ধৰা নপৰালৈকে উমান নোপোৱা বহু অপৰাধ অনলাইনৰ জৰিয়তে সংঘটিত হৈ আহিছে।