মুখ্য-পৃষ্ঠা

বিশালৰ ধন, চুমিৰ মন আৰু লোভীৰ সপোন

Asomiya Pratidin, মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

বিশাল ফুকনে নতুনকৈ এটা কোম্পানী খুলিছিল। কোম্পানীটোৰ নাম দিছিল পাৰচেলিয়া ফাৰ্মাচিটিকেল কোম্পানী। বিলাসিতাৰ মাজত ডুব গৈ থকা বিশালে এই কোম্পানীটোৰ লন্সিং পাৰ্টিও বৰ ধুমধামেৰে আয়োজন কৰিছিল।

৫মাৰ্চ,২০২৪ত কোম্পানীটো পঞ্জীয়ন কৰা হৈছিল যদিও ইয়াৰ পাৰ্টি বিশালে আগতীয়াকৈ দিছিল। সম্ভৱত সেইদিনা ১১ফেব্ৰুৱাৰী, ২০২৪ আছিল। কোম্পানী লন্সিঙৰ এই পাৰ্টিত গোটেই অনুষ্ঠানটো পৰিচালনা কৰিছিল চুমি বৰা নামৰ বিৰ্তকিত যুৱতীগৰাকীয়ে।

এই অনুষ্ঠানত বহু গণ্যমাণ্য লোক উপস্থিত আছিল। অনুষ্ঠানৰ মাজে মাজে সেই মূৰ্হুতবোৰ ধৰি ৰাখিবলৈ বহু আলোকচিত্ৰ আৰু দৃশ্যগ্ৰহণো কৰা হৈছিল। সামাজিক মাধ্যমত সক্ৰিয় বিশালে সেই অনুষ্ঠানৰ ৭খন আলোকচিত্ৰ নিজৰ ফেচবুক প্ৰফাইলত আপলোড কৰি লিখিছিল- ‘চম স্পিচিয়েল মমেন্টচ কেপচাৰড’।

বিশালে আপলোড কৰা আলোকচিত্ৰবোৰৰ ভিতৰত প্ৰায়কেইখনতে বিশালৰ কাষত থিয় হৈ আছিল চুমি। হাতত এটা সৰু বেগ লৈ হাঁহিমুখেৰে চুমিয়ে ফটোৰ বাবে প’জ দিছিল। ব্লেজাৰ আৰু ফৰ্মেল পেন্ট পৰিধান কৰি আছিল চুমিয়ে।

চুমিৰ বিলাসী জীৱনৰ কথা এই সময়ত বৰকৈ চৰ্চা হৈ আছে। উদয়পুৰৰ বিয়াত কিমান কোটি টকা ব্যয় কৰিলে, বিয়াত ডেৰ নে দুই কোটি টকা হীৰৰ নেকলেচ পিন্ধিলে ইত্যাদি। এইবোৰ খবৰ কিমান সঠিক চুমি বৰা আৰু বিশাল ফুকনে বেছি ভালকৈ জানিব।

বিয়ালৈ বহু নিমন্ত্ৰিত অতিথি গৈছিল। যিসকলক বিমানৰ ভাড়াৰ পৰা আৰম্ভ কৰি দুই তিনি ৰাতি পঞ্চতাৰকাযুক্ত হোটেলত ৰখাইছিল। তেওঁলোকৰ খৰচ বুলিবলৈ একোৱেই নাছিল। কেৱল বিয়াত এনজয় কৰিব লাগে।

উদয়পুৰত এনে প্ৰথমখন অসমীয়া ডেষ্টিনেশ্যন বিয়াৰ সাক্ষী হৈছিল দীক্ষুৰ দৰে কন্ঠশিল্পীও। বিয়াৰ থীম চং গাই চৰ্চাত আছিল গায়িকা দিপলিনা ডেকা। তেৱোঁ উদয়পুৰৰ সেই বিয়াৰ ৰাজকীয় অতিথি হৈছিল। ফটোবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল তেতিয়া।

চুমি বৰাই এনে এখন বিয়া পাতিবলৈ টকা ক’ত পালে বুলি মানুহে প্ৰশ্ন কৰিছিল। সন্দেহ তেতিয়াই হৈছিল যদিও সেই সন্দেহৰ বিপৰীতে কোনো নিৰ্দিষ্ট অভিযোগ বা তথ্য নাছিল। বিয়া পাতি আহি সগৌৰৱেৰে এই যুৱতীগৰাকীয়ে বহুকেইটা সাক্ষাৎকাৰ দি সপোন দেখা মতে তেওঁ বিয়া পাতিছে, তাত কি আহে যায় বুলি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

দুই এজন পডকাষ্টাৰে চুমিৰ সুৰতে সুৰ মিলাই সাক্ষাৎকাৰ লৈ ইয়াৰ মান্যতা দিছিল। কথাবোৰ পুৰণি হৈছিল। বিশাল ফুকনে প্ৰৱঞ্চনাৰে মানুহৰ পৰা কোটি কোটি টকা লুন্ঠন কৰাৰ খবৰ প্ৰথম অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ কৰা হৈছিল ডি বি ষ্ট্ৰক ব্ৰকিঙৰ লুন্ঠনৰ কাহিনী পোহৰলৈ অহা সমান্তৰালভাৱে।

তথ্যসহ সবিস্তাৰে এই সন্দৰ্ভত কেইবাটাও খবৰ প্ৰকাশ পোৱা পাছত বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে ১ছেপ্তেম্বৰ, ২০২৪ত গ্ৰেপ্তাৰ কৰিছিল। বিশালে শ্বেয়াৰ ষ্ট্ৰকৰ নামত চলোৱা প্ৰৱঞ্চনাৰ খবৰ অৱশ্যে পৰৱৰ্তীসময়ত প্ৰায়বোৰ সংবাদমাধ্যমৰে ধাৰাবাহিকভাৱে প্ৰচাৰ আৰু প্ৰকাশ কৰিছিল।

বিশালৰ লগতে আৰক্ষীয়ে এই গোচৰৰ সন্দৰ্ভত চুমি বৰাক বিচৰাত যুৱতীগৰাকীয়ে স্বামী তাৰ্কিক বৰাৰ সৈতে মোবাইল অফ কৰি আত্মগোপন কৰে। তাৰ পূৰ্বে কন্ঠশিল্পী দীক্ষু শৰ্মাৰ নুনমাটিৰ ফ্লেটলৈ দুয়ো গৈছিল আৰু মাজনিশালৈকে তাতে আছিল।

তাৰ পৰা চুমি বৰা ক’লৈ গ’ল সেই খবৰ কাৰো হাতত নাই। বিশালে দুইনম্বৰী পথেৰে মানুহক প্ৰলোভন দি সংগ্ৰহ কৰা ধনেৰেই যে, চুমি বৰাই বিলাসী জীৱন এটা হঠাতে আৰম্ভ কৰিছিল তাত কোনো সন্দেহ নাই।

চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাকো বিশালে পাৰচেলিয়া ফাৰ্মাচিটিকেল কোম্পানী অন্যতম সঞ্চালক আছিল। ৰেজিষ্টাৰ অৱ কোম্পানীজ, শ্বিলঙত পঞ্জীয়ন কৰা এই কোম্পানীটোৰ পঞ্জীয়ন নম্বৰ হৈছে- ০২৬০৪৭। কোম্পানীটোৰ কোৰ্পাৰেট আইডিন্টেফিকেশ্যন নম্বৰ- CIN/LLPIN/FCRN-U46497AS0224TC026047।

এই কোম্পানীটোত তৃতীয়জন সঞ্চালক হিচাপে আছিল চুমি বৰা বৌয়েক অৰ্থাৎ ৰাজীৱ বৰাৰ পত্নী জিংকি মিলি। বিশাল আছিল চুমিৰ বাবে সোণৰ কণী পৰা হাঁহ! ছবি উদ্যোগত কোনো পূৰ্বৰ প্ৰতিষ্ঠা নথকা স্বত্বেও বিশালৰ এই অবৈধ ধন জোৰতে চুমিয়ে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে পৰিয়ালৰ সদস্যকো আৰ্থিকভাৱে সবল কৰিছিল।

অসমৰ ছবি উদ্যোগৰ সাম্প্ৰতিক সময়ৰ দুৰৱস্থাৰ কথা প্ৰায়ে জানে। তাৰ মাজতে দুই-এখন ছবি দৰ্শকে আদৰি লৈছে। তেনে অৱস্থাত কৰিঅগ্ৰাফীৰ সৈতে জড়িত চুমি বৰাৰ এই উত্তৰণ উদ্যোগটোৰ ভিতৰৰ মানুহৰ বাবেই নুবুজা সাথঁৰ হৈছিল।

চুমিৰ বাবে বিশালে ৱেবচিৰিজ নিৰ্মাণ কৰিছিল। নাম দিছিল-মইনা কলিজা। ৫টা খণ্ডৰ আছিল এই ৱেবচিৰিজখন। পৰিকল্পনা কৰিছিল ব্যয় বহুল ছবি। প্ৰযোজক আছিল বিশাল। ছবিখনৰ নাম দিছিল দ্য ব্লেক আম্বেলা। মুখ্য নায়িকাৰ বাবে বিশালে চুক্তিৱদ্ধ কৰিছিল চুমি বৰাক। হলিউদৰ অভিনেতাকো ছবিৰ বাবে চুক্তিৱদ্ধ কৰোৱাইছিল।

অসমীয়া ছবিত কোনো নায়িকাৰ এনে সুকপাল হোৱা নাছিল যে, ছবিত অভিনয়ৰ বাবে চুক্তি ডুবাইৰ বুৰ্জ খালিফাত কৰিছিলগৈ। ইয়াকো লৈ চুমিয়ে প্ৰচাৰ চলাইছিল। ছবিখনৰ পৰিচালক আছিল আদিত্যম শইকীয়া। আচলতে এইবোৰ আছিল সহজ ধনেৰে কৰা একো একোটা শ্ব’বাজীৰ নমুনা।

আৰক্ষীয়ে খবৰ ল’ব লাগে কোনোবা কন্ঠশিল্পীক বিশালে অঙহী-বঙহীক কিনি দিয়াৰ ফৰচুৰ্নাৰ গাড়ী উপহাৰ দিছিল নেকি? পানীতোলাত সম্বন্ধীয় ভগ্নীক প্ৰসাধনৰ বিয়াগোম দোকানখন খুলি দিওতে কিমান ব্যয় কৰিলে? ৰূপাইত বিশালে কাৰ নিৰ্মাণ কৰিছিল অট্টালিকা?

আন দুগৰাকী সম্বন্ধীয় ভগ্নীক কিনি দিয়া গাড়ী দুখনত এই ইজি মানিৰ কিমান খৰচ হ’ল? কৰবাত কাৰোবাৰ নামত বিশাল ফুকনে চাহ বাগান কিনিছে নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ বিশালৰ পৰা ৪ছেপ্তেম্বৰ, ২০২৪ত আদালতত হাজিৰ কৰি জিম্মাত লোৱা আৰক্ষীয়ে নিশ্চয় বিচাৰিব।

লগতে আন এক কথাও চৰ্চা হৈছে, সেয়া হ’ল- বিশালৰ ওচৰত কোন কোন লোকে কিমান পৰিমাণৰ ধন বিনিয়োগ কৰিছিল? যিহেতু বিশালে নটাৰী যোগে ৬০টা কৰ্মদিনৰ চুক্তিৰে ধনবোৰ লৈছিল, সেই তথ্য নিশ্চয় বিশালৰ ওচৰত থাকিব। বিশাল, দিপাংকৰ বৰ্মনৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া ট্ৰেডাৰৰ লুন্ঠনৰ বেপাৰ গাঁৱে গাঁৱে বিয়পি পৰিছে।

স্বপ্ননীল দাস নামৰ এজনেতো কেনেদৰে মানুহক ঠগিব পাৰি, তেনে মানুহ গঢ়া ফেক্টৰীয়ে খুলি লৈছিল। য’ত দিয়া হৈছিল সেই লুন্ঠনৰ শিক্ষা। দুজনমান ইউটিউবাৰে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ চলাইছিল। এতিয়া বহুতে সেই ভিডিঅ ডিলিট কৰি নিজক সুৰক্ষাৰ বাবে উঠি-পৰি লাগিছে।

বিদ্যুৎ বিভাগত কৰ্মৰত চৰকাৰী খণ্ডৰ কৰ্মচাৰীয়েও ইয়াত হাত উজান দিয়াৰ তথ্য যিহেতু আছে, গতিকে বিভাগীয়ভাৱেও ইয়াৰ তদন্ত হব লাগে। মুখ্যমন্ত্ৰীয়ে সেই সেউজ সংকেত ইতিমধ্যে দি দিছে। ৩৮জনক ৪৮ঘন্টাত আটক কৰাৰ পাছত মানুহৰ মাজত সচেতনতা বৃদ্ধি পাবনে, সেয়াও কিন্তু এটা ডাঙৰ প্ৰশ্ন। গাঁৱৰ সহজ-সৰল মহিলাসকলে আনক দেখি সঞ্চিত ধন এনে কিছু এজেন্টৰ হাততে তুলি দিয়াৰ বহু ঘটনা পোহৰলৈ আহি আছে।

লোভত মৰা মানুহ আমি! তেওঁলোকে দিয়া বৰশীৰ টোপ গিলি সৰ্বহাৰা হবলৈ ভৰি দাঙি থকা মানুহেৰেই এতিয়া চৌদিশ ভৰি পৰিছে। সেই ধনেৰে চুমিহ’তে বিলাস কৰে। বিশাল ফুকনে আপলোড কৰা ফটো এখনৰ কথা ওপৰত উল্লেখ কৰা হৈছিল। সেই ফটোখনত থকা চুমিৰ হাতৰ বেগ আৰু ব্লেজাৰৰ ওপৰত মাৰি থোৱা বেল্টডালৰ দাম কিমান হ’ব পাৰে!

যিটো বেগ চুমিয়ে লৈ আছিল সেই বেগটো বিশ্বৰ এটা প্ৰতিষ্ঠিত কোম্পানী গুচ্চিৰ দ্বাৰা নিৰ্মিত। ক’লা সেই বেগটোৰ ওজন প্ৰায় ১কেজি। প্ৰিমিয়ান কোৱালিটীৰ এই বেগটোৰ সৈতে আছে, এডাল হাতত আঁৰি লব পৰা চেইন। গুচ্চিৰ GG Marmont Black নামৰ চুমিয়ে হাতত লৈ থকা বেগটোৰেই দাম ৩লাখ, ৬২হাজাৰ, ৯৯৫টকা। আৰু সেই অনুষ্ঠানলৈ যাওঁতে্ যিডাল বেল্ট চুমিয়ে মাৰি গৈছিল তাৰ মূল্য ২৫,৫০০টকা।

ভালদৰে লক্ষ্য কৰিলে দেখা যায়, এনেকুৱা দামী বেগ লেডী ডায়নাই লৈ ঘুৰিছিল। বলিউদৰ বহুকেইগৰাকী অভিনেত্ৰীৰ হাততো এই বেগ দেখিবলৈ পোৱা যায়। অসমত অৱশ্যে দুগৰাকীৰ হাতত প্ৰায়ে এই বেগ দেখা যায়। তাৰে এগৰাকী চুমি বৰা। বহুত লাভৰ আশা দি লুটি নিয়া ধনেৰে তেওঁলোকে এনেদৰেই বিলাস কৰে। চুমি বৰাই যেন তাৰ অন্যতম উদাহৰণ আছিল...