মুখ্য-পৃষ্ঠা

আজি পৰীক্ষা আছিল...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

দেওবাৰ। হাতত বেগ লৈ দেওবাৰৰ দিনা বজাৰ কৰিবলৈ যোৱা প্ৰায়ভাগ লোক বজাৰৰ পৰা খালী হাতেৰে উভতিব লগা হ’ল। নিয়মিত বহা বজাৰবোৰৰ সন্মুখৰ ভাগত বাঁহৰ জেওৰাৰ ভেটা দি কাষত থকা ব্যৱসায়ীসকলে বজাৰ কৰিবলৈ যোৱা মানুহবোৰক জনালে- আজি বজাৰ বন্ধ।

হঠাৎ কিয় বজাৰ বন্ধ? বহুতে এই প্ৰশ্ন কৰাত উত্তৰ আহিল আজি পৰীক্ষা আছে। পৰীক্ষাৰ সৈতে বজাৰৰ সম্পৰ্ক বহুতে উলিয়াব নোৱাৰিলে। আগদিনাৰ পৰাই আৰক্ষীয়ে বজাৰ কমিটীবোৰক কঠোৰ নিৰ্দেশ দি থৈছে, কোনো কাৰণতে যাতে ১৫ছেপ্তম্বেৰ, ২০২৪ত পুৱাৰ পৰা আবেলি ৪বজালৈ যাতে বজাৰ খোলা নহয়।

ইন্টাৰনেট কৰ্তনকে ধৰি ৰাজ্যজুৰি এই ধৰণৰ ব্যৱস্থা গ্ৰহণেৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈ গ’ল। মাত্ৰ ৩,১২৭টা পদৰ বিপৰীতে এই পৰীক্ষাত অৱতীৰ্ণ হ’ল ১১,২৩,২০৪গৰাকী গৰাকী পৰীক্ষাৰ্থী।

২৮খন জিলাৰ ২৩০৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ বাবে পুৱা ১০বজাৰ পৰা ১.৩০বজালৈকে মোবাইল ইন্টাৰনেটকে ধৰি মোবাইল ডাটা, মোবাইল ৱাই-ফাই আদি বন্ধ কৰি দিয়া হ’ল।

সুচাৰুৰূপে এটা পৰীক্ষা অনুষ্ঠিত কৰাতো চৰকাৰৰ দায়িত্ব আৰু দায়ৱদ্ধতা। সেই দায়িত্ব পালন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কিছু হঠকাৰী সিদ্ধান্তই আন বহুলোকক বিপদলৈ ঠেলি দিলে।

যদিও পুৱা ১০বজাৰ পৰা ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ কথা আছিল, তাৰ বহু সময়ৰ আগৰ পৰাই বিভিন্ন স্থানত এই সেৱা বন্ধ কৰি দিয়াত বহু পৰীক্ষাৰ্থীয়ে ৰেপি’ড, উবেৰ যোগাৰ কৰিব নোৱাৰি পৰীক্ষা দিবলৈকে যাব নোৱাৰিলে।

সৰ্বভাৰতীয় পৰ্যায়ত ইয়াতকৈ কেইবাগুণো বেছি পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা পৰীক্ষা অনুষ্ঠিত হয়। কিন্তু ইয়াৰ বাবে সমগ্ৰ দেশত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া আজৱ কাণ্ড সংঘটিত হোৱাৰ উদাহৰ নাই।

কেৱল ইন্টাৰনেটেই নহয়, বজাৰ বন্ধ কৰি চৰকাৰ বা প্ৰশাসনে এক শংকিত পৰিৱেশ সৃষ্টিৰে এনে পৰীক্ষা সফলভাৱে অনুষ্ঠিত কৰাৰ কৃতিত্ব ল'ব বিচৰাটো হাস্যকৰ। নিৰ্ধাৰিত পৰীক্ষাকেন্দ্ৰসমূহত জামাৰ ব্যৱহাৰৰে কোনো পৰীক্ষাৰ্থীয়ে যাতে গোপনে হ’লেও মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰিব পৰা গ’ল হয়।

ইয়াকে নকৰি ক্ষুদ্ৰ ব্যৱসায়ীকে ধৰি আজিৰ ডিজিটেল যুগত ৰাজ্যখনকে অতি কমেও ৪ঘন্টাৰ বাবে অচল কৰি তোলা জানো যুক্তি আছিল? যি দুই এজন ব্যৱসায়ীয়ে এই অস্থিৰতাৰ মাজত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছিল, তেওঁলোকে এই সময়চোৱাত সন্মুখীন ডাঙৰ সমস্যাটোৱে আছিল অনলাইন ট্ৰানজেশ্যন।

ইন্টাৰনেট সেৱা উপলদ্ধ নোহোৱাৰ বাবে তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিও ব্যৱসায় কৰিব নোৱাৰিলে। একেই দশা হ’ল বহুবোৰ পেট্ৰল ডিপোত। জামাট’, আন অললাইনযোগে ব্যৱসায় কৰা লোকসকলৰো স্বাভাৱিক জীৱন ব্যাহত হ’ল এই সময়চোৱাত।

এয়া জানো সুপৰিচালিত এক পৰীক্ষাৰ সমাধানসূত্ৰ হ'ব পাৰে? ইয়াৰ পূৰ্বে ২০২২ৰ আগষ্ট মাহত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ বাবে ষ্টেট লেভেল ৰিকুইটমেন্ট কমিছনে অনুষ্ঠিত কৰা পৰীক্ষাত অসমত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে সেইবাৰ বজাৰবোৰত চকু দিয়া নাছিল।

এতিয়া ইন্টাৰনেটৰ ওপৰতে ভৰষা কৰি জীৱন চলে। প্ৰায়বোৰ লোকেই ইন্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। লোকসভাত ১৫মাৰ্চ ২০২৩ত দিয়া এক তথ্য অনুসৰি, অসমত গ্ৰাম্য অঞ্চলত, চহৰাঞ্চল সকলো মিলাই ১কোটি ৬৫লাখ লোকে ইন্টাৰনেট ব্যৱহাৰ কৰে।

সেই তথ্য আছিল ট্ৰাইৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য। ২০২২ৰ এই পৰিসংখ্যা এতিয়া আৰু বৃদ্ধি পালে। তেনে পৰিপ্ৰেক্ষিতত এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত চৰকাৰে গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহ আন মানুহৰ বাবে যাতে অসুবিধাৰ কাৰক নহয়, তাৰ প্ৰতিও গুৰুত্ব দিব লাগে।

ইফালে মোবাইল ইন্টাৰনেট সেৱা বন্ধ কৰিলেও ব্ৰডবেণ্ড সেৱা সমূহত ইন্টাৰনেট সেৱা উপলদ্ধ আছে। পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্ৰসমূহত থকা স্থায়ী ব্ৰডবেণ্ড সেৱাৰ ক্ষেত্ৰত কিন্তু কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

যি লক্ষ্য, উদ্দেশ্যৰে চৰকাৰে সাধাৰণ মানুহক এই সেৱাসমূহৰ পৰা বঞ্চিত কৰিলে, সেই উদ্দেশ্য সফলভাৱে ৰূপায়ন কৰাত এনেকুৱা সুৰুঙাবোৰ ৰৈ গৈছিল। আনহাতে বজাৰ বন্ধ কৰাৰ সপক্ষে প্ৰশাসন বা চৰকাৰৰ হাতত নাছিল কোনো সবল যুক্তি।

বাট-পথসমূহত বজাৰৰ বাবে ভিৰ লাগিব বুলিয়ে স্থানীয় আৰক্ষীৰ দ্বাৰা বজাৰসমূহ বন্ধ কৰি দিয়া হৈছিল। এয়াও এক চৰকাৰৰ অবিবেচকীয় সিদ্ধান্তই আছিল। পৰীক্ষা এটা সফল কৰাৰ বাবে ল’ব লগা কাৰ্য ব্যৱস্থা সৰ্বসাধাৰণৰ সহযোগ নিশ্চয় লাগিব।

প্ৰতিজন দায়িত্বশীল নাগৰিকে ইয়াক কৰ্তব্যৰ ভিতৰতে ধৰে। কিন্তু চৰকাৰে যদি ইয়াকে কৰিবলৈ গৈ টোগলকী কাণ্ডৰে সাধাৰণ লোকৰ অসুবিধাৰ কথা অকণো নাভাবি তেওঁলোক পণবন্দী কৰাৰ চেষ্টা কৰে, তেনে এয়া জানো সমৰ্থনযোগ্য হ’ব পাৰে। হয়তো কেতিয়াবা এনে দিনো আহিব পাৰে ইয়াতকৈ ডাঙৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত চৰকাৰে কৈ দিব পাৰে- ঘৰৰ বাহিৰ নহ’ব আপুনি, আজি পৰীক্ষা আছে...