মুখ্য-পৃষ্ঠা

নিসংগতাক উপভোগ কৰিবলৈ শিকো আহক...

Asomiya Pratidin
নিসংগতা শব্দটোৰ সৈতে প্ৰতিজন লোকেই পৰিচিত। অসুখ, হতাশা, উদ্বেগ, শূন্যতা, অস্থিৰ আৰু বিৰক্তিৰ অনুভৱ প্ৰকৃততে নিসংগতাৰে পৰিণতি। নিসংগতা কোনো মানসিক ৰোগ নহয়। কিন্তু যেতিয়া ই চৰম পৰ্যায়লৈ যায় তেতিয়া মানুহে তীব্ৰ মানসিক বিকলতাৰ সন্মুখীন হয়। কিন্তু নিসংগতা বা একাকীত্বৰ কাৰণ যিয়েই নহওঁক ইয়াক দূৰ কৰাটো অতি প্ৰয়োজন। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...

জীৱন বাটত কোনোবা নহয় কোনোবা এনে এক মূহুৰ্ত সকলোৰে জীৱনলৈ আহে য’ত সকলোৱে এবাৰলৈ হ'লেও নিসংগতাৰ অনুভৱ কৰে। আচলতে মানুহ নামৰ আমিবোৰে আনৰ পৰা বা যিকোনো  বস্তুত  আশা-প্ৰত্যাশা বা মোহত বন্দী হৈ থাকো, যাৰবাবে সময়ত সেইবোৰ লগত নাথাকিলেই আমি একপ্ৰকাৰৰ নিসংগতাৰ অনুভৱ কৰো। সহজ অৰ্থত একাকীত্ব মানে নিসংগতা বা অকলশৰীয়া অৱস্থা।

শেহতীয়াকৈ কিছুদিন পূৰ্বে এগৰাকী আইপিএছ বিষয়াৰ আত্মহননৰ ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে মানুহ কিমান নিসংগ। পিতৃ-মাতৃ বা আন পৰিয়ালৰ সদস্য নথকা এইগৰাকী বিষয়াৰ পত্নীৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ দিনাই তেওঁ অনাগত জীৱনৰ চৰম একাকীত্বক মানি লব নুখুজিলে। হয়টো সেইবাবেই নিসংগতাৰে থকাতকৈ চৰম সিদ্ধান্ত বাচি লয়। আচলতে এই কাহিনী আজিৰ নিসংগ, অসহায় আধুনিক মানুহৰ কাহিনী।

যদি কোনোবা এজন অকলশৰীয়া ভিৰৰ মাজত, তেন্তে আন কোনোবা এজন সকলোৰে পৰা বহু দূৰত থাকি অকলশৰীয়া। কিন্তু আপুনি কেতিয়াবা উপলব্ধি কৰিছেনে ব্যস্ততাৰে ভৰা এটাৰ দিনৰ শেষত আমি সকলোৱে অকলশৰীয়া ! কিন্তু এই একাকীত্ব বা নিসংগতাৰ অনুভৱ কিয়?

একাকীত্ব বা নিসংগতা মনৰ এটা ধাৰণা; যিটোৱে আমাৰ মনক সকলো বাহিৰৰ যোগাযোগৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰে। উদাহৰণ স্বৰূপে, আপুনি বন্ধু বা কাৰ্যালয়ৰ বহুলোকৰ মাজতো অকলশৰীয়া অনুভৱ কৰিছে। আপুনি আপোনাৰ প্ৰিয় পিতৃ-মাতৃ, ভাই-ভনীৰ কাষত বা আপুনি ভাল পোৱা লোকজনৰ কাষত থাকিও অকলশৰীয়া অনুভৱ কৰিছে। হয়তো আপোনাৰ মনটোৱে অনবৰত কিবা বিচাৰি ফুৰিছে। কেতিয়াবা আপুনি হতাশ হয় যে আপুনি আপোনাৰ মনটোৱে প্ৰকৃততে কি বিচাৰে সেয়া বুজিব চেষ্টা কৰিও বিচাৰি নাপায়।

নিসংগতা প্ৰায়েই অবাঞ্চিত আৰু অনাহুতভাৱে হোৱা সংযোগ আৰু অন্তৰঙ্গতাৰ সৈতে সংযুক্ত। নিসংগতাৰ যদিও একাকীত্বৰ সৈতে সাদৃশ্য আছে, তথাপিও ই একাকীত্বৰ পৰা পৃথক। একাকীত্ব হৈছে আন ব্যক্তিসকলৰ পৰা সাধাৰণভাৱে আঁতৰি থকা আৰু একাকীত্ব অনুভৱ কৰা সকলোৱেই নিসংগতা অনুভৱ নকৰে। সাধাৰণভাৱে ক'বলৈ হ'লে নিসংগতা অনুভৱ কৰাসকল সংগবিহীন। নিসংগতাৰ কাৰকসমূহ ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন হ'ব পাৰে। এইবিলাকৰ ভিতৰত সামাজিক, মানসিক, আৱেগিক আৰু পাৰিৱেশিক কাৰক অন্তৰ্ভুক্ত হৈ আছে।

বেছিভাগ মানুহেই জীৱনৰ কোনো একসময়ত নিসংগতাৰ মুখামুখি হয়, অৱশ্যে আন কিছুমান ব্যক্তিৰ ক্ষেত্ৰত নিসংগতা সঘন হ'ব পাৰে। হ্ৰস্বকালত আৱেগ হিচাপে নিসংগতা সুফলদায়ক হ'ব পাৰে। আনহাতে দীৰ্ঘকালীন নিসংগতা ক্ষতিকাৰক হিচাপে প্ৰমাণিত হয়।  শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰত প্ৰকাশিত হৈছে যে একাকীত্বই ৰক্তচাপ বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। তেওঁলোকে সহজে হতাশা আৰু স্নায়বিক বিকাৰ যেনে স্মৃতিশক্তি হেৰুৱা পৰ্যন্ত হ'ব পাৰে। আনকি একাকিত্বৰে যুজি থকা লোকজন হৃদৰোগতো ভুগিব পাৰে।

নিসংগতা কোনো মানসিক ৰোগ নহয়। কিন্তু যেতিয়া ই চৰম পৰ্যায়লৈ যায় তেতিয়া মানুহে তীব্ৰ মানসিক বিকলতাৰ সন্মুখীন হয়।  নিসংগতা সকলো সময়তে যে বেয়া হ'ব তেনে কথাও নহয়। কিয়নো সৃষ্টিশীল লোকসকলে নিৰ্জনতা ব্যৱহাৰ কৰি বিখ্যাত সৃষ্টি কৰাৰ উদাহৰণো আমাৰ সমাজত আছে। অৱশ্যে যিসকল লোকে নিসংগতা উপভোগ কৰিবলৈ শিকি যায়, সেইসকল লোকৰ জীৱনৰ প্ৰতি ভীষণ ইচ্ছা শক্তি বাঢ়ি যায়। কাৰণ নিসংগতাত তেওঁলোকে হেৰুৱাই পেলোৱা নিজক বিচাৰি পায় আৰু নিজৰ সৈতে কটাবলৈ তেতিয়া বেছিকৈ সময় পায়। নিজৰ চখবোৰ, হেৰাই যোৱা ইচ্ছা শক্তিক পুনৰ পূৰণ কৰাৰ হেপাহ জাগি উঠে। গতিকে জীৱনত কিছু ক্ষেত্ৰত নিসংগতাক উপভোগ কৰিবলৈও শিকিব লাগে।

পৃথিৱীত একো বস্তুৱে নিখুঁত নহয়, গতিকে আমাৰ সৈতে যিখিনি আছে সেইখিনিক লৈয়ে আমি সুখী হবলৈ চেষ্টা কৰা উচিত। ইয়াকে নকৰি বেছি আশা বা সকলোৰে সৈতে মোহ কৰি থাকিলে নিসংগতাই ভয়ংকৰ ৰূপ লব পাৰে। শেষত একাকীত্ব আৰু নিসংগতাৰ সৈতে যুজি থকা লোকজনক আপোনাৰ সংগই, এশাৰী মাতে সাহস দিব পাৰে। গতিকে পাৰ্যমানে তেনে লোকসকলৰ সাহস হবলৈ চেষ্টা কৰক, দেখিব সেইলোকজনেই এদিন আকৌ নতুনকৈ জীৱনৰ সংজ্ঞা বিচাৰি পাব।