মুখ্য-পৃষ্ঠা

লক্ষ্য যদি স্থিৰ হয়...

Asomiya Pratidin

লক্ষ্মীপ্ৰিয়া দত্ত

লক্ষ্য যদি স্থিৰ হয়, একাগ্ৰতা যদি প্ৰচুৰ হয়, তেন্তে বাধা দিব কোনে? পেৰালিম্পিকতো এজন পাছত আনজন ভাৰতীয় খেলুৱৈয়ে এই কথাই প্ৰমাণ কৰিছে। বিশ্বৰ ক্ৰীড়া জগতত ভাৰতীয় খেলুৱৈয়ে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে।

পেৰালিম্পিক গেমছত ভাৰতৰ অংশগ্ৰহণৰ ইতিহাস ৬৪ বছৰ পুৰণি। ভাৰতে ১৯৬০ চনৰ পৰা পেৰালিম্পিক অংশগ্ৰহণ কৰি আহিছে। কিন্তু ২০২৪ চনত ভাৰতে ৬৪ বছৰৰ অভিলেখ ভংগ কৰিছে। যি এক নতুন ইতিহাস। ইয়াৰ পূৰ্বে ভাৰতে কোনো এখন পেৰালিম্পিকত ইমানসংখ্যক পদক অর্জন কৰিব পৰা নাছিল। পেৰালিম্পিকত ভাৰতে পদকৰ সংখ্যাৰে অভিলেখ গঢ়াৰ উপৰিও এয়া ভাৰতীয় এথলেটিকছত আটাইতকৈ ডাঙৰ সফলতা।

পেৰিছ পেৰালিম্পিকৰ বিষয়ে আলোচনা কৰাৰ মাজতে ইয়াৰ উতপত্তিক লৈ কিছু তথ্য দিব বিচাৰিছো। পেৰা শব্দটো আহিছে গ্ৰীকৰ পৰা। ইয়াৰ অৰ্থ উপৰিও আশে-পাশে। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱা বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক। এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ| ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰুপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেই সময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল| ১৯৮৮ ৰ ছিউল অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে|

সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মুলসূঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১২ লণ্ডন অলিম্পিকৰ এমাহ পিচতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল। দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰানাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ। কৃত্ৰিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও প্ৰেয়সী ৰিভাক হত্যা কৰাৰ অভিযোগত তেওঁ সম্প্ৰতি জে’লত। যিয়েই নহওক, পেৰালিম্পিক গেমছৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত পিষ্টুৰিয়াছৰ অৰিহণাক কোনোৱে উলাই কৰিব নোৱাৰিব।

অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম জন বিশেষভাৱে সক্ষম খেলুৱৈ হ’ল জৰ্জ এইছাৰ। ১৯০৪ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃত্ৰিম আছিল। পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয়। ভাৰতে প্ৰথম ১৯৬৮ চনৰ গেমছত অংশ লৈছিল।

এইবাৰ ভাৰতে পেৰিছ-পেৰা অলিম্পিকত বর্তমানলৈকে ২৭টা পদক লাভ কৰিছে। ইয়াৰে ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক। ভাৰতে পেৰিছ-পেৰা অলিম্পিকতে আটাইতকৈ বেছি পদক লাভ কৰিছে। ইয়াৰোপৰি ভাৰতে ২৭টা পদক দখলেৰে পদকৰ তালিকাত ১৮সংখ্যক স্থানত আছে। হাই জাম্পাৰ প্ৰবীণ কুমাৰ, শুটাৰ অৱনি লেখাৰা, জেৱলিন থ্র'ৱাৰ ছুমীট আণ্টিল, আৰ্চাৰ হৰবিন্দৰ সিং, বেডমিন্টন তাৰকা নীতেশ কুমাৰ আৰু ক্লাৱ প্ৰ'ৱাৰ ধৰ্মবীৰ নেইন আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে, ২৮ আগষ্টৰ পৰা আৰম্ভ হোৱা এইবাৰৰ পেৰা অলিম্পিক অন্ত পৰিব ৮ ছেপ্টেম্বৰত। এই প্ৰতিযোগিতাত ১৬৭খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰতৰ পৰা এই প্ৰতিযোগিতাত ৮৪জনীয়া খেলুৱৈৰ দলে ভাগ লৈছে। ২০২৪ চনৰ পেৰালিম্পিকৰ ২২টা শিতানৰ ভিতৰত ১২টা প্ৰতিযোগিতাত ভাগ লৈছে ভাৰতীয় খেলুৱৈসকলে।

উল্লেখ কৰাৰ প্ৰয়োজন যে- ১৯৪৮চনত লণ্ডন অলিম্পিকৰ সমান্তৰালকৈ ছাৰ লুডৱিগ গাটমেনে ২য় বিশ্বযুদ্ধৰ সময়ত আহত সৈনিক সকলৰ পুনৰ্সংস্থাপনৰ কাৰণে কেইখনমান চিকিৎসালয়ৰ মাজত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। পাছলৈ ষ্ট'ক মেণ্ডেভাইল গে'মছ নামেৰে এই প্ৰতিযোগিতা এটা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতালৈ পৰিণত হয়। তাৰ পাছৰ ১২ বছৰলৈকে গাটমেন আৰু তেওঁৰ সহযোগীসকলে এই প্ৰতিযোগিতাৰ আয়োজন কৰি যায়।

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত গাটমেনে ৪০০জন এথলিটক এই সমান্তৰাল অলিম্পিকত (parallel Olympic) অংশগ্ৰহণ কৰোৱাই আৰু এই প্ৰতিযোগিতা প্ৰথম পেৰা অলিম্পিক হিচাপে পৰিগণিত হয়। তাৰ পাছৰে পৰা প্ৰতি অলিম্পিক বৰ্ষতে পেৰা অলিম্পিক অনুষ্ঠিত হৈ আহিছে। ১৯৮৮ চনৰ ছিউল (দক্ষিণ কোৰিয়া) অলিম্পিকৰ পৰা অলিম্পিক আয়োজন কৰা চহৰখনেই পেৰা অলিম্পিক আয়োজন কৰি আহিছে। সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মুলসূঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।

২০০১ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী চমুকৈ আই অ' চি  আৰু আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটী (আই পি চি)য়ে  একেখন চহৰেই অলিম্পিক আৰু পেৰা অলিম্পিক দুয়োটা প্ৰতিযোগিতা আয়োজন কৰিব লাগিব বুলি আনুস্থানিকভাৱে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি প্ৰথম ৰূপায়িত হয় ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০১০ চনৰ ভেংকুভাৰ শীতকালীন অলিম্পিকত।

উল্লেখযোগ্য যে ২০১২ লণ্ডন অলিম্পিকৰ এমাহ পিচতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল। দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰানাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ।

কৃত্ৰিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও প্ৰেয়সী ৰিভাক হত্যা কৰাৰ অভিযোগত তেওঁ সম্প্ৰতি জে’লত। যিয়েই নহওক, পেৰালিম্পিক গেমছৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত পিষ্টুৰিয়াছৰ অৰিহণাক কোনোৱে নুই কৰিব নোৱাৰিব।

অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম জন বিশেষভাৱে সক্ষম খেলুৱৈ হ’ল জৰ্জ এইছাৰ। ১৯০৪ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃত্ৰিম আছিল। পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নাছিল। ভাৰতে প্ৰথম ১৯৬৮ চনৰ গেমছত অংশ লৈছিল। তেতিয়াৰ পৰা ২০১২ লণ্ডনলৈ ভাৰতে পেৰালিম্পিক গেমছত জয় কৰিছে আঠটা পদক, ইয়াৰে দুটা সোণ, তিনিটা ৰুপ আৰু তিনিটা ব্ৰঞ্জৰ।

পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈজন হ’ল- মুৰলীকান্ত পেটকাৰ। ১৯৭২ চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল। সাঁতোৰৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল। পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হ’ল- দেবেন্দ্ৰ ঝাঝাৰিয়া। ২০০৪ চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভলিন থ্ৰ’ত সোণৰ পদক জয় কৰিছিল।

লণ্ডনত অনুষ্ঠিত পেৰালিম্পিক গেমছত এন গিৰিশাই ৰুপৰ পদক জয় কৰিছিল। টকিঅ’ পেৰালিম্পিক গেমছত চাৰি সহস্ৰাধিক এথলীটে ২৩ বিধ খেলৰ ৫২৮ টা ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিছে। আনহাতে ভাৰতৰ ১৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ১৫ গৰাকী এথলেটিকছৰ। বাকী আৰ্চাৰী, শক্তি উত্তোলন, সাঁতোৰ আৰু শ্বুটিঙৰ এগৰাকীকৈ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে। টকিঅ পেৰালিম্পিকত ভাৰতীয় দলটোৱে ১৯টা পদক অৰ্জন কৰিব সক্ষম হৈছিল।

ইফালে এইবাৰৰ পেৰা অলিম্পিকত উত্তৰ-পূবৰ এগৰাকী খেলুৱৈয়েও সফলতা অৰ্জন কৰিলে। দেশৰ বাবে কিবা এটা কৰাৰ যিসকল লোকলৰ অদম্য হেঁপাহ থাকে সেইসকল লোকক কোনেও বাধা দিব নোৱাৰে। তেওঁলোকৰ সন্মুখত গুলী, বাৰুদেও হাৰ মানিবলৈ বাধ্য হয়। নাগালেণ্ডৰ হোকাটো হোটোঝেৰ কাহিনীয়ে এতিয়া এই কথাকেই প্ৰমাণ কৰিছে।

১৯৮৩ চনৰ ২৪ ডিচেম্বৰত জন্মগ্ৰহণ কৰা নাগালেণ্ডৰ এইগৰাকী ব্যক্তিক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে। হোকাটোৱে পেৰিছত চলি থকা পেৰা অলিম্পিকত ইতিমধ্যে জয় কৰিছে ব্ৰঞ্জৰ পদক। এইগৰাকী হোকাটো এসময়ত ভাৰতীয় সেনাত কৰ্মৰত আছিল। কিন্তু ২০০২ চনত সংঘটিত হোৱা এক দুৰ্ঘটনাই তেওঁৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে।

এটা দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা হোকাটোৱে ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত ২০০২ ত এল অ’ চিত কৰ্তব্যৰত অৱস্থাতে হোৱা মাইম বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল। তেওঁ হেৰুৱাইছিল বাওঁ ভৰিখন।

দেশ সেৱা কৰিবলৈ গৈ পংগুত্বক আকোৱালি ল’বলগীয়া হোৱা হোকাটোৱে হাৰ নামানিলে। জীৱনটোক এটা নতুন গতি দিবলৈ, অন্যধৰণে দেশক সেৱা কৰিবলৈ বাচি ল’লে এইবাৰ খেল।

সেই সিদ্ধান্তই আজি তেওঁক এগৰাকী সফল পেৰা অলিম্পিয়ান হিচাপে স্বীকৃতি দিয়াই নহয়, দেশকো গৌৰৱান্বিত কৰোৱালে। চলিত পেৰা অলিম্পিকত হোকাটোৱে শ্বট পুতত ব্ৰঞ্জৰ পদক জয় কৰিছে।

পুৰুষৰ এফ ৫৭ কেটেগৰীত ১৪.৬৫ মিটাৰ থ্ৰ’ কৰি তেওঁ এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মেচখনত সোণৰ পদক অৰ্জন কৰে ইৰাণৰ ইয়াছিন খোস্ৰাভিয়ে। ৰূপৰ পদক জয় কৰিছে ব্ৰাজিলৰ থিয়াগো ডছ চেণ্টুছে।

ইয়াৰ পূৰ্বে ২০২২ ত এছিয়ান পেৰা অলিম্পিক গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল হোকাটোৱে। মৰক্কো গ্ৰাপিত লাভ কৰিছিল ৰূপৰ পদক। ২০২৪ চনৰ বিশ্ব পেৰা চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থস্থান লাভ কৰিছিল। চুবুৰীয়া নাগালেণ্ডৰ এই পেৰা খেলুৱৈগৰাকীৰ এই খবৰে এতিয়া দেশবাসীক গৌৰৱান্বিত কৰিছে। সমান্তৰালকৈ চৰ্চালৈ আহিছে তেওঁৰ সৈতে হোৱা ২০০২ ৰ মাইম বিস্ফোৰণৰ সেই কাহিনী।