মুখ্য-পৃষ্ঠা

ভাৰতৰ মছলাৰ উৎপাদন-ৰপ্তানিৰ উন্নীতিকৰণৰ বাবে স্পাইচ ব'ৰ্ডৰ বিশেষ আঁচনি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোচি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ দ্য স্পাইচেছ ব’ৰ্ডে মছলা আৰু মূল্য সংযোজিত মছলা সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ লগতে ইলাচিৰ উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে এক ব্যাপক আঁচনি আৰম্ভ কৰিছে। মছলা ব’ৰ্ডে এক বিবৃতিযোগে প্ৰকাশ কৰে যে এই আঁচনিৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰততে মছলা উৎপাদনৰ পিছত গুণগত মান ৰপ্তানিৰ বাবে উন্নীত কৰা।

ব’ৰ্ডে 'ৰপ্তানি উন্নয়নৰ বাবে প্ৰগতিশীল, উদ্ভাৱনীমূলক আৰু সহযোগী হস্তক্ষেপৰ জৰিয়তে মছলা খণ্ডত বহনক্ষমতা’ (SPICED) আঁচনিৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই আঁচনিখন ১৫সংখ্যক বিত্ত আয়োগৰ চক্ৰৰ বাকী সময়ছোৱাত, ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে কাৰ্যকৰী কৰা হ’ব। এই আঁচনিৰ বাবে মুঠ অনুমোদিত ব্যয় ৪২২.৩০ কোটি টকা।

স্পাইচ আঁচনিখনে মূল্য সংযোজনৰ সুবিধা প্ৰদান কৰাৰ লগতে মছলাৰ মূল্য সংযোজন, মছলাৰ মানদণ্ড,জি আই টেগৰ মছলাৰ প্ৰচাৰ, মছলা ইনকিউবেচনৰ জৰিয়তে উদ্যোগীকৰণৰ বাবে সমৰ্থন আদি নতুন উপাদান/কাৰ্যসূচী প্ৰৱৰ্তন কৰি মছলা খণ্ডত উদ্ভাৱন আৰু বহনক্ষমতাক আগুৱাই নিব বুলি আশা কৰা বুলি এক বিবৃতিত উল্লেখ কৰিছে।

এই আঁচনিখনে অ’ডিঅ’পি ডিইএইচৰ অধীনত চিনাক্ত কৰা কৃষক গোট/এফপিঅ’/কৃষক ক্লাষ্টাৰ (এক জিলা এক প্ৰডাক্ট - জিলাসমূহ ৰপ্তানি হাব পদক্ষেপ হিচাপে), অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়, এনই অঞ্চলৰ পৰা ৰপ্তানিকাৰক,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি ইয়াত কোৱা হৈছে।

ইলাচিৰ উৎপাদনশীলতা উন্নত কৰা আৰু মছলা চপোৱাৰ পিছৰ গুণগত মান উন্নীতকৰণৰ দৰে উপাদানসমূহৰ অধীনত কাৰ্যসূচীসমূহ বিশেষভাৱে কৃষক গোটসমূহৰ সবলীকৰণৰ বাবে প্ৰস্তুত কৰা হৈছে। য'ত কৃষক উৎপাদক সংস্থাসমূহ (এফপিঅ'), কৃষক উৎপাদক কোম্পানীসমূহ (এফপিচিসমূহ), আৰু আত্মসহায়ক গোটসমূহ (এছএইচজিসমূহ) অন্তৰ্ভুক্ত হৈ থকাৰ লগতে মূল মছলা উৎপাদন কৰা অঞ্চলসমূহো অন্তৰ্ভুক্ত হৈ আছে।

ইলাচিৰ বাবে কাৰ্যসূচীসমূহে পুনৰ ৰোপণৰ প্ৰচেষ্টা, মানসম্পন্ন ৰোপণ সামগ্ৰী উৎপাদন, পানীৰ উৎস বিকাশ, ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা গ্ৰহণ আদিৰ জৰিয়তে সৰু-বৰ উভয় ইলাচিৰ উৎপাদনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি ব’ৰ্ডে উল্লেখ কৰে। ইয়াৰ উপৰিও কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বতৰ ভিত্তিক বীমাৰ প্ৰচাৰৰ বাবে কাৰ্যসূচী আছে বুলিও ইয়াত লগতে কোৱা হৈছে। স্পাইচ আঁচনিৰ অধীনত আৱেদন গ্ৰহণ আৰু প্ৰক্ৰিয়াকৰণ অনলাইনযোগে হব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে স্পাইচেছ ব’ৰ্ডৰ বিষয়াসকলে প্ৰয়োজন হ’লে অনলাইন পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰাত খেতিয়কসকলক সহায় কৰিব। স্পাইচ আঁচনিৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত সাহায্য লাভৰ বাবে অনলাইন আবেদন দাখিল ২০২৪ চনৰ ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।