মুখ্য-পৃষ্ঠা

গেদাৰবৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অংকীয়া নাট সমাৰোহৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সাংস্কৃতিক, শৈক্ষিক অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় ২৪ সংখ্যক অংকীয়া নাট সমাৰোহ নগাঁও জিলাৰ গেদাৰবৰিত আয়োজন কৰা হৈছে। সোমবাৰে এই উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাত আদৰণী সমিতিৰ সভাপতি নিৰ্মল চন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দৰ্শন মহন্তই অংকীয়া নাট সমাৰোহ সফল কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। সভাত আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে সমাৰোহ সফল কৰিবলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। লগতে তেওঁ আদৰণী সমিতিলৈ এক লাখ টকা অৰিহনা হিচাপে আগবঢ়ায়।

অনুষ্ঠান স্থলীৰ প্ৰেক্ষাগৃহ, মঞ্চ আদি নিৰ্মাণ কাৰ্য অক্টোবৰ মাহৰ আগতেই সম্পূৰ্ণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ক্ষেত্ৰ খনি আৰু নামঘৰ ভাগ ভকত সেৱাৰ বাবে দ্বিতীয় বৈকুণ্ঠৰ দৰে সজাব লাগিব বুলি বিধায়কগৰাকীয়ে ৰাইজক আহ্বান জনায়। লগতে আদৰণী সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে বিধায়ক গৰাকীয়ে মুকলি কৰে।

এই অনুষ্ঠানতে আদৰণী সমিতিৰ সহায় হোৱাকৈ গঠন কৰা উপসমিতিৰ প্ৰায় দুকুৰি সদস্যই শপত বাক্য পাঠ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গ্ৰন্থ বিপনন শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞা বাপে অনষ্ঠানটিত নগাঁও জিলাৰ সমুহ সদস্য ভকত সেৱাৰ বাবে সদায় সাজু বুলি বক্তব্যত প্ৰকাশ কৰি অৰ্থ, সাংগঠনিক আদি বিভিন্ন দিশ আলোকপাত কৰে।

সভাত শিক্ষাবিদ ৰাণা প্ৰকাশ বৰা, সমাজ সেৱিকা মামনি বৰা, নগাঁও জিলা শাখাৰ উপ সভাপতি মিহিৰ ভূঞা, সম্পাদক বিপুল শইকীয়া, সাংস্কৃতিক কৰ্মী উৎপল শইকীয়া, ৰঞ্জিত শইকীয়া, মাখন বৰা, সুব্ৰত শইকীয়া, জিলা সদস্য বুধিন্দ বৰা, মেঘৰাম শইকীয়া,পবন বৰা, ৰামেশ্বৰ বৰা, লীলা শইকীয়া, কৌশিক শইকীয়া, অকন শইকীয়া, নিত্যানন্দ শইকীয়া , বিষ্ণু বৰদলৈ,কমল শইকীয়াকে ধৰি শতাধিক বাপ বান্ধব, আইমাতৃ আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।