মুখ্য-পৃষ্ঠা

চি বি এছ ইৰ ফলাফলত উজ্বলিল ঢকুৱাখনাৰ চেইণ্ট থমাছ স্কুল

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সোমবাৰে ঘোষণা কৰা চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিল চেইণ্ট থমাছ স্কুল। ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ সৰ্বমুঠ ৪৪ গৰাকী পৰীক্ষাৰ্থী কৃতিত্বৰে উত্তীৰ্ণ হয়।এইবেলিও বিদ্যালয়খনৰ মেধা আৰু কৃতিত্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈ গৌৰৱৰ ধ্বজা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ অধ্যক্ষ চেবী এম বেবী, সমূহ শিক্ষাগুৰু,কৰ্মচাৰীৰ লগতে অভিভাৱক তথা অনুজ শিক্ষাৰ্থী সকল অগ্ৰজ শিক্ষাৰ্থী সকলৰ এই বিজয় যাত্ৰাত উৎফুল্লিত হৈ পৰিছে। বিদ্যালয়খনৰ মেধাবী ছাত্ৰী আৰ্কিজা বৰুৱাই ৯৮% নম্বৰ,অভিপস্যা আট্টায়াই ৯৬'৬% ,জেচিকা পেগুৱে ৯৬'২% , ময়ুৰাক্ষী শইকীয়াই ৯৫'২%, খুচবু গোঁহাই য়ে ৯৪'২%, কাৰয়ুম পেগুৱে ৯৩'৪% , লিজা বৰুৱাই ৯২'৪% ,অভিনব পেগুৱে ৯২'৬%, আইন চিৰি পেগুৱে ৯২'২% , জয়দীপ পেগুৱে ৯২'৪%, গীতোৰ্পনা চমুৱাই ৯০'৪% , ৰুকচিৰি সন্দিকৈযে ৯০'২% আৰু অবন্তিকা ৰাহাই ৮৭'৮% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰোপৰি অন্যান্য মেধাবী শিক্ষাৰ্থী সকলেও সৰ্বনিম্ন ৭৬'৪% নম্বৰ অর্জন কৰে। বিদ্যালয়খনৰ মুঠ ৭ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক সহ ১২ জনে প্ৰথম বিভাগত আৰু ৩ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ কাৰয়ুম পেগুৱে গণিত বিষয়ত ১০০নম্বৰ,ময়ুৰাক্ষী শইকীয়াই অসমীয়া বিষয়ত ১০০ নম্বৰ আৰু ৰুকচিৰি পেগুৱে সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰিছে।

সোমবাৰে ফলাফল লাভ কৰি উৎফুল্লিত হৈ পৰে বিদ্যালয় পৰিয়াল।শিক্ষক শিক্ষাৰ্থী সকলো খেলপথাৰলৈ ওলাই আহি নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে।বিদ্যালয়ৰ অধ্যক্ষ চেবী এম বেবীয়ে কৃতীমান বিদ্যাৰ্থী সকলক বিদ্যালয় পৰিয়ালৰ হৈ অফুৰন্ত শুভ কামনা জ্ঞাপন কৰি স্বৰ্ণউজ্জ্বল ভৱিষ্যত কামনা কৰে।