মুখ্য-পৃষ্ঠা

ধুমুহা-শিলাবৃষ্টিঃ ঢকুৱাখনাত অবৰ্ণনীয় পৰিৱেশ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: এজাক বিধ্বংসী ধুমুহাই যোৱা নিশা সৰ্বস্বান্ত কৰি ঢকুৱাখনা মহকুমা। বৃহস্পতি বাৰে মাজ নিশা প্ৰায় ১২-১০ বজাত আৰম্ভ হোৱা তীব্ৰবেগী ধুমুহা আৰু শিলাবৃষ্টিযে মহকুমাটোৰ ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ কেইবা শতাধিক পৰিয়ালৰ ঘৰ ভাঙি , গছ গছনি ভাঙি, টিনপাত উৰুৱাই বিস্তৰ ক্ষতিসাধন কৰে ।

তাৰোপৰি সমান্তৰাল ভাৱে অহা প্ৰবল বেগৰ আৰু বৃহৎ বৃহৎ শিলাবৃষ্টিৰ ফলত মহকুমাটোৰ কেইবা শতাধিক ঘৰৰ টিনপাত ফুটাই চালনী সদৃশ অৱস্থাৰ সৃষ্টি কৰে । ধুমুহা বৰষুণ শিলাবৃষ্টিৰ প্ৰকোপত মাজনিশা অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হয় দুৰ্ভগীয়া পৰিয়াল সমূহ ।

সংগৃহীত তথ্য মতে ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত মধুপুৰ বাগানৰ, ৩০ টা ঘৰ,ধেনুখনাৰ ২০ টা ঘৰ, বাটমাৰী দিৰিং গাঁওৰ ২০ টা , কঠালপৰা গাঁওৰ ২০ টা ঘৰ, বৰভেটি গাঁওৰ ২০ ঘৰ ,ঢেলাপথাৰ গাঁওৰ ১৫ টা ঘৰ ,খজুৱা নেপালী গাঁওৰ ১৫ টা ঘৰ, মূৰ্তিয়া ,কেছেৰুগুৰি গাঁওৰ ৩০ টা ঘৰ , লেছাম বাটমাৰী গাঁওৰ ১০ টা ঘৰ  বিস্তৰ ভাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰাথমিক তথ্য পোৱা গৈছে ।

এই ক্ষতিৰ তালিকা অধিক হোৱাৰ আশা আছে । ইয়াৰোপৰি ৰাজহ চক্ৰটোৰ অন্যান্য গাঁওতো যোৱা নিশাৰ এই প্ৰাকৃতিক দুৰ্যোগে সীমাহীন ক্ষতি সাধন কৰে। তাৰোপৰি সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক পৰিয়ালৰ ঘৰ বাৰী বহাগৰ এই শেহতীয়া বৰদৈচিলাই তচনচ কৰি পৰিয়াল সমূহৰ মাজত অবৰ্ণনীয় অৱস্থাৰ উদ্ভৱ কৰে ।

মহকুমাটোত সংঘটিত এনে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ চৰজমিন জৰীপ কাৰ্য সংশ্লিষ্ট ৰাজহ চক্ৰৰ গাঁও প্ৰধান সকলে নিৰন্তৰ হাৰত কৰি আছে আৰু সবিশেষ তথ্য ৰাজহ চক্ৰ বিষয়া সকলক দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । দুৰ্ভগীয়া এনেবোৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষয় ক্ষতিৰ বিপৰীতে চৰকাৰে এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী উথাপিত হৈছে ।