মুখ্য-পৃষ্ঠা

ফুলৰ কথাৰে....

Asomiya Pratidin
"এপাহ ফুলে দেখুওৱা যাদু তুমি যদি স্পষ্টকৈ দেখা পোৱা তোমাৰ জীৱনে সলনি হৈ যাব- গৌতম বুদ্ধ।" আজি আপোনালোকলৈ ফুল লৈ আহিছো। ফুলৰ সৌন্দৰ্য আমি সকলোৱে উপভোগ কৰো কিন্তু ফুলৰ ঔষধি গুণবোৰৰ ব্যৱহাৰ আমি জানো সঠিক ভাবে কৰিব পাৰিছো। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন....

কাৰ পৰশত ফুলিলি বান্ধৈ

অ’মোৰ সাদৰী ফুলাম পাহি

শ্যামলী পাটৰ ওৰণি গুচাই

কাৰ ফালে চাই মাৰিলি হাঁহি...

"ফুল" পৃথিৱীত এনে কোনো মানুহ নাই যিয়ে ফুল ভাল নাপায়। ফুল বুলিলে মনলৈ অহা ছবি খন হ’ল ৰঙা, বগা, নীলা, হালধীয়া বৰণৰ লতা,গুল্ম, তৃণ আৰু বৃক্ষ জাতীয় উদ্ভিদৰ নানা তৰহৰ পুষ্পৰ সমাহাৰ। সকলো মানুহৰে ফুলৰ প্ৰতি দুৰ্বলতা আছে। ফুলৰ সৌন্দৰ্যই আমাক মোহিত কৰে।

গোলাপ,জবা,অপৰাজিতা প্ৰকৃতিয়ে আমাক দিয়া এনে এক উপহাৰ যিবোৰ কেৱল পৰিৱেশ সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কেৱল আমাৰ চাৰিওফালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেই নহয় পুষ্টি আৰু ঔষধি ৰূপেও এই ফুলসমূহক ব্যৱহাৰ কৰা হয়।

আয়ুৰ্বেদত পূৰ্বৰ পৰাই বিভিন্ন প্ৰকাৰৰ ফুল ব্যৱহাৰ কৰি ৰোগ নিৰাময় কৰি আহিছে। সৌন্দৰ্যবৰ্ধক গোলাপ,অপৰাজিতা,জবা ফুলে বিভিন্ন সমস্যাৰ লগতে সংক্ৰমণৰ নিৰাময়ৰ ক্ষেত্ৰতো সহায়ক হিচাপে কাম কৰে।

গোলাপ- গোলাপ ফুলক সৌন্দৰ্যৰ ৰাণী বুলি কোৱা হয়৷ প্ৰিয়জনক উপহাৰ দিবলৈ পোন প্ৰথমে গোলাপ ফুলৰ কথাই মনলৈ আহে। কেৱল সৌন্দৰ্যবৰ্ধনে নহয় এই ফুলপাহত আছে বহু ঔষধি গুণ। গোলাপ ফুলৰ উপাদান সমূহ ক্ৰমে- ভিটামিন A, ভিটামিন B1,ভিটামিন B2,ভিটামিন B3, ভিটামিন B6,ভিটামিন C,ভিটামিন E,ফলিক এচিড,পটেছিয়াম, কেলছিয়াম,আইৰণ,টেনিন,পাচক ৰস।

ডায়েৰিয়া হ’লে গোলাপৰ পাহি গুড়ি কৰি কুহুমীয়া পানীৰ সৈতে মিহলাই খালে পৰিত্ৰাণ পায়৷ কোষ্ঠ-কাঠিন্যৰ সমস্যাতো গোলাপৰ পাহি উপকাৰী৷

গোলাপ ফুলৰ কলিত ভিটামিন C থাকে ৷ কাহ আৰু পানীলগা সমস্যাত গোলাপৰ কলিৰে প্ৰস্তুত কৰা চাহ খাব পাৰে৷

সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগত গোলাপ ফুলৰ পাপৰি আৰু চুজি মিহলাই হালোৱা বনাই খুৱালে ৰোগ ভাল হয়।

গৰ্ভপাত হোৱা মহিলাই চফ গুটি ৫০-৬০ গ্রাম গুড়ি কৰি গোলাপ ফুলৰ শিপাৰ ৰস ১-২, চামুচ মিহলাই তাৰ লগত পানী মিহলাই কেইদিনমান খালে ভাল ফল পাব।

গোলাপ ফুলৰ পাপৰিৰ পৰা তৈয়াৰ কৰা গোলকন্দই শৰীৰলৈ শীতলতা আনে । গোলাপ ফুলে পাচন শক্তি বৃদ্ধি কৰে।

বাত, পিত্ত আদি ৰোগতো গোলাপ ফুলৰ পাপৰি শুকুৱাই মৌৰে সিজাই খালে উপকাৰ পোৱা যায়। গোলাপৰ পাপৰি পানীত তিয়াই সেই পানীৰে মুখ মোহাৰিলে ছাল কোমল আৰু সজীৱ হয়। ওঁঠত লগালেও একেই ফল পোৱা যায়।

গোলাপৰ পাপৰিৰ ৰসে বীর্য বঢ়ায় আৰু তেজ পৰিস্কাৰ কৰে।

জবা- সুগন্ধি নহ'লেও জবা ফুলৰ আছে বহু ঔষধি গুণ।সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী জবা ফুল আৰু জবা ফুলৰ পাত। জবা ফুলত থকা উপাদান সমূহ ক্ৰমে- কাৰ্বহাইড্ৰেট, কেলছিয়াম,মেগনেছিয়াম,পটেছিয়াম,ভিটামিন C,ভিটামিনB।

চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত জবা ফুল মহৌষধ। জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলে চুলি উজ্জ্বল আৰু ক’লা হয় । জবাফুল, পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ হয়। উষ্ণবীৰ্য, কফ, গেছৰ সমস্যা, ইন্দ্ৰলুপ্ত ৰোগত লাভ দায়ক এই ৰঙা জবা।

জবা ফুল খালে সাধাৰণ ঠাণ্ডা লগা, ডিঙিৰ বিষ, মুৰৰ বিষ দূৰ হয়। কাৰণ জবা ফুলত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে।

জবা ফুলৰ ক্বাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপসম হয়। কৃমি নাশ কৰাটো লাভদায়ক জবা ফুলৰ চৰবত।

মহিলাৰ মাহেকীয়া অনিয়মিত হ’লে, পেট বিষ, বেছি ৰক্তক্ষৰণ, অল্প ঋতুস্রাবজনীত ইত্যাদি সমস্যা নাশ কৰাত জবা বহু উপকাৰী । পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয়।

জবা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে। মাজে মাজে জবা ফুলৰ চাহ বনাই খালে বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

শৰীৰত পানীৰ পৰিমাণ কম বা বেছি হ'লে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হয় । জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে আক্রমণ কৰিব নোৱাৰে ।

অপৰাজিতা- অপৰাজিতা হৈছে এক আয়ুৰ্বেদিক গুণযুক্ত ফুল। নীলা অপৰাজিতা মানুহৰ বাবে সহজে উপলব্ধ কিন্তু বগা অপৰাজিতা বিচাৰি পোৱাটো বিৰল বুলি গণ্য কৰা হয়। বগা আৰু নীলা দুয়োটা অপৰাজিতাৰ একেই গুণ আছে। অপৰাজিতাক আয়ুৰ্বেদত অতি উপযোগী ভেষজ হিচাপে গণ্য কৰা হয়। অপৰাজিতাত থকা উপাদানসমূহ ক্ৰমে- কেলছিয়াম, মেগনেছিয়াম,পটেছিয়াম,জিংক,আইৰণ,মেংগানিজ আৰু চ'ডিয়াম।

অপৰাজিতাত যথেষ্ট পৰিমাণৰ proanthocyanidin নামৰ antioxidant পোৱা যায় যিয়ে দৃষ্টিশক্তি উন্নত কৰাট সহায় কৰে।

এই ঔষধি পাতবোৰৰ ব্যৱহাৰ পিত্ত বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় যি অপৰাজিতাৰ উপকাৰীতা অধিক বৃদ্ধি কৰে। আপোনাৰ পাচন তন্ত্ৰৰ সৈতে সম্পৰ্কিত হ’ব পৰা এই উদ্ভিদৰ পাত ব্যৱহাৰ কৰি পাকস্থলীৰ বিষৰ চিকিৎসা কৰিব পাৰি।

বমিভাৱ প্ৰতিৰোধ(antiemetic) কৰিবলৈ অপৰাজিতা উদ্ভিদৰ পৰা আহৰণ কৰা extract ব্যৱহাৰ কৰা হয়।

মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱৰ সৈতে যুঁজ দিয়াত অপৰাজিতাই সহায় কৰে। ইয়াৰ উপৰিও, অপৰাজিতা ফুলে মহিলাৰ প্ৰজনন সমস্যা দূৰ কৰাত সহায় কৰে।

মধুমেহ ৰোগীসকলৰ বাবে অপৰাজিতাৰ লাভালাভ আশ্চৰ্যজনক কিয়নো ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

স্নায়ুতন্ত্ৰই শৰীৰত ভাল বিপাকত মুখ্য ভূমিকা পালন কৰে। অপৰাজিতাত কিছুমান যৌগ থাকে যি স্নায়ুতন্ত্ৰৰ কাৰ্যপ্ৰণালী উন্নত কৰাত সহায় কৰে।

অপৰাজিতাত Anthocyanin থাকে যি মূৰলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে আৰু চুলিক পুষ্টি প্ৰদান কৰে। লগতে সেইবোৰ সৰি যোৱা প্ৰতিহত কৰে।