মুখ্য-পৃষ্ঠা

সিন্ধু: মানস সৰোবৰৰ পৰা আৰব সাগৰলৈ...

Asomiya Pratidin

ভাৰতবৰ্ষত নদীৰ এক বিশেষ স্থান আছে। দেশখনৰ বক্ষৰে বৈ গৈছে প্ৰায় ২০০ খন নদ-নদী। ভাৰতৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত এখন অন্যতম নদী হৈছে সিন্ধু। পাকিস্তান, ভাৰতৰ জম্মু- কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে এই সিন্ধু নদী।

মানস সৰোবৰৰ কাষৰ তীব্বত মালভূমিৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰব সাগৰত মিলিত হৈছে সিন্ধু নদী।

এই নদীখনৰ অধিকাংশ ভাগ পাকিস্তানত প্ৰৱাহমান। তাত এই নদীখন "দৰিয়া এ সিন্ধ" নামেৰে জনাজাত। যদিও নৈখনৰ মুঠ পৰিধি ১১,৬৫,০০০ বৰ্গ কিলোমিটাৰ আৰু মুঠ দৈৰ্ঘ্য ৩,১৮০ কিলোমিটাৰ কিন্তু ভাৰতত সিন্ধু নদী কেৱল ১১১৪ কিলোমিটাৰ।

সিন্ধু নৈৰ কেইবাখনো উপনৈ আছে যেনে জাস্কৰ,চিনাৱ,শতলুজ, সোল ব্যাস,ৰাৱা ইত্যাদি।

সিন্ধু নদী আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল সিন্ধু সভ্যতা। এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে সংস্কৃত সিন্ধু শব্দৰ পৰাই হিন্দু শব্দটো উচ্ছাৰিত হৈছিল। হিন্দু ধর্ম হ'ল সিন্ধুৰ দ্বিতীয় বৃহত্তম ধর্ম।

প্ৰাচীন কালত পাৰ্চী সকল ভাৰতলৈ আহি পোনতে সিন্ধু নদীৰ পাৰতে বসবাস কৰিবলৈ লৈছিল। তেওঁলোকে সিন্ধু নদীৰ উচ্চাৰণ কৰিছিল হিন্দু বুলি। কালক্ৰমত সিন্ধু (হিন্দু) নদীৰ কাষৰীয়া অঞ্চল হিন্দুস্তান নামেৰে পৰিচিত হয়।

এনেদৰে সমগ্ৰ ভাৰতেই সময়ৰ লগে লগে হিন্দুস্তানলৈ ৰুপান্তৰিত হয়। সেই সিন্ধু-হিন্দু শব্দৰ পৰাই কালক্ৰমত মুখ বাগৰি ইণ্ডাছ (Indus) আৰু তাৰ পৰাই ভূ-খণ্ডৰ নাম ইণ্ডিয়া হয়।