নগাঁৱত আয়োজিত ৰেইকী প্ৰশিক্ষণৰ সফল সামৰণি  
মুখ্য-পৃষ্ঠা

নগাঁৱত আয়োজিত ৰেইকী প্ৰশিক্ষণৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱত চাৰি দিনীয়া কাৰ্য্যসূচীৰে নগাঁও কিশলয় সংঘত অৱস্থিত স্বাস্থ্য মন্দিৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত ৰেইকী প্ৰশিক্ষণ শিবিৰটি বৃহস্পতিবাৰে নিশা সামৰণি পৰে ৷

অনুষ্ঠানত ৰেইকী গ্ৰেণ্ড মাষ্টাৰ আৰু এঞ্জেল মাষ্টাৰ পশ্চিমবংগৰ কলকাতাৰ মিতালী ভট্টাচাৰ্যই প্ৰশিক্ষণটো আকৰ্ষণীয় কৰি তোলে ৷ চাৰি দিনীয়া প্ৰশিক্ষণত ৰেইকী মাষ্টাৰ গৰাকীয়ে বিভিন্ন বেমাৰৰ চিকিৎসা , পাৰস্পৰিক সম্পৰ্ক , মানসিক চাপ , উদ্বেগ আদি নাইকীয়া কৰি জীৱনত আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰি আদি বিষয়ৰ লগতে ৰেইকীৰ বিভিন্ন দিশৰ বিষয়ে প্ৰশিক্ষণ দিয়ে ৷

মুঠ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ অন্তত সামৰণি অনুষ্ঠানত প্ৰশিক্ষিকা গৰাকীৰ লগতে অসম ৰেইকী গ্ৰুপৰ সংগঠক তথা যোগ সাধনা আৰু যোগ প্ৰচাৰক বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰ , স্বাস্থ্য মন্দিৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ পৰিচালক শংকৰ দেৱনাথ , অসম ৰেইকী গ্ৰুপৰ জোনাকী কলিতা তালুকদাৰ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰে ৷