মুখ্য-পৃষ্ঠা

চুমিৰ নাই সন্ধান, স্বপ্ননীলৰ কোটিটকীয়া অফিচ ছীল কৰিলে আৰক্ষীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্বেয়াৰ বজাৰত ধন বিনিয়োগৰ নামত ৰাজ্যত প্ৰৱঞ্চনাৰ জাল পেলোৱা ইটোৰ পাছত সিটো প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ মঙলবাৰে ৰাতিটোৰ ভিতৰতে ১০ৰো অধিক এনে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গ্ৰাহকৰ পৰা কোটি কোটি টকা আত্মসাত কৰা উজনি অসমৰ আন এগৰাকী অন্যতম প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ট্ৰেডিং FX নামেৰে এটা প্ৰতিষ্ঠান খুলি বহুজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছে কাকতিৰ বিৰুদ্ধে।

ইফালে বিশাল ফুকনক প্ৰৱঞ্চনাৰ জাল পেলোৱাত সহায় কৰা তথা গ্ৰাহকৰ যোগান ধৰা অভিনেত্ৰী তথা মডেল চুমি বৰা বৰ্তমানেও পলাতক। নিজৰ ফোন অফ কৰি আত্মগোপন কৰা চুমি বৰা বহিঃৰাজ্যত আশ্ৰয় লোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। বিপদৰ আগজাননী পাই চুবুৰীয়া ৰাজ্য নেপাললৈ পলাই যোৱাৰ সন্দেহ কৰিছে একাংশই।

আনফালে দিনটোৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা স্বপ্ননীল দাসৰ গুৱাহাটী আৰু শিৱসাগৰস্থিত কাৰ্যালয় ছীল কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে ধৃত স্বপ্ননীলৰ তৃতীয়খন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে। জালুকবাৰীৰ পৰা জব্দ কৰা হৈছে স্বপ্ননীলৰ এই বগা ৰঙৰ মাৰ্চিডিজ বাহনখন। ছেবিৰ অনুমতি আৰু নীতি-নিয়ম উলংঘন কৰি স্বপ্ননীলে অধিক লাভৰ সপোন দেখুৱাই কেইবা কোটি টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।