মুখ্য-পৃষ্ঠা

চুমিৰ বৌৱেক জিংকীৰ জামিনত সহায় কৰাৰ অভিযোগত নিলম্বিত চৰকাৰী পক্ষৰ অধিবক্তা, ৩ কৰ্মচাৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ অনলাইন ট্ৰেডিং কাণ্ডই দেশ জোকাঁৰি যোৱাৰ সময়তে ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰী আৰু অধিবক্তাৰ বাবেই এতিয়া কাঠগড়াত উঠিছে ন্যায় প্ৰক্ৰিয়া। শেহতীয়াকৈ ট্ৰেডিং কাণ্ডৰ সৈতে জড়িত চুমি বৰাৰ বৌৱেক জিংকী মিলিক জামিন প্ৰদান কৰা কাৰ্যক লৈ ন্যায় প্ৰক্ৰিয়াত সংঘটিত হৈছে অথন্তৰ।

বিচাৰ প্ৰক্ৰিয়াত চৰকাৰী পক্ষৰ লোক অধিবক্তাই পালন কৰা নিৰ্লিপ্ত ভূমিকাৰ বাবেই জিংকি মিলিয়ে জামিন লাভ কৰা তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শোৱা অধিবক্তা বিদ্যুৎ‍ বিকাশ গগৈক ইতিমধ্যে পদৰ পৰা অব্যাহতি দিয়া হৈছে। কেৱল অধিবক্তা গগৈকে নহয়, চৰকাৰী অধিবক্তা কাৰ্যালয়ৰ সহায়ককো নিলম্বিত কৰা হৈছে চাকৰিৰ পৰা।

প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্যালয় সহায়ক ব্রজেন কুমাৰ দাস, অৰূপ কুমাৰ ডেকাকে ধৰি ৩জনক নিলম্বিত কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, লোক ফৰিয়াদী মাখন ফুকনৰ পৰা লুকুৱাই ৰাখিছিল জামিনৰ গোচৰৰ নথি-পত্ৰ । যাৰ ফলত মাখন ফুকন আদালতত উপস্থিত থাকিব পৰা নাছিল আৰু কিছু চৰ্তসাপেক্ষে অন্তৱৰ্তীকালীন অগ্ৰিম জামিন লাভ কৰিছিল জিংকিয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালেশ্বৰী নন্দীৰ আদালতে। ২৫০০০ টকা বণ্ডৰ বিনিময়ত আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে বুলি অধিবক্তাই জানিবলৈ দিয়ে ৷ প্ৰৱঞ্চনাৰ গোচৰত এজাহাৰ নং 352/2024ৰ অধীনত তেওঁক জেৰাৰ বাবে তলব কৰিছিল যদিও তেওঁ পলাতক হৈ আছে। বি এন এছ এছৰ ধাৰাৰ ৩৫(৩)ৰ অধীনত আৰক্ষীয়ে তেওঁক তলব কৰিছিল।

আদালতে তেওঁক অন্তৱৰ্তীকালীন অগ্ৰিম জামিন প্ৰদান কৰাৰ পাছতে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহাধিবক্তা দেৱজিত লন শইকীয়াক এই বিষয়টো কি হৈছে চাবৰ বাবে নিৰ্দেশ দিছিল। তাৰ পাছতে দুপৰীয়া অধিবক্তা গৰাকীক মাতি নি দেৱজিত লন শইকীয়া আৰু আইনী কোষৰ আন জ্যেষ্ঠ সকলে তেওঁক কিয় এনে হবলৈ পালে তাক লৈ ভতসৰ্না কৰিছিল।

উল্লেখযোগ্য যে, জিংকি মিলিৰ হৈ উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন দাখিল কৰিছিল অধিবক্তা আনন্দ ভূঞাই। এতিয়ালৈকে অৱশ্যে জিংকি মিলিৰ স্বামী তথা চুমিৰ ভাতৃ ৰাজীৱ বৰাই কোনো অগ্ৰিম জামিনৰ বাবে আবেদন কৰাৰ তথ্য সদৰি হোৱা নাই।