মুখ্য-পৃষ্ঠা

দীক্ষুৰ ঘৰত আশ্ৰয়ঃ চালাক চুমিৰ সন্ধান ওলাইছে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিগত দুদিন ধৰি পলাতক হৈ থকা চুমি বৰা বহিঃৰাজ্যলৈ যোৱা নাই। এগৰাকী জনপ্ৰিয় গায়কৰ ঘৰত যোৱা নিশা আশ্ৰয় লৈ থকাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। দুদিন ধৰি ফোন অফ কৰি আত্মগোপন কৰি থকা চুমিয়ে ঘনে ঘনে সলনি কৰিছে নিজৰ অৱস্থিতি।

সোমবাৰে নিশা এগৰাকী জনপ্ৰিয় গায়কৰ ঘৰত আশ্ৰয় লোৱাৰ পাছতে পুৱাই সেই স্থান এৰি অজ্ঞাত স্থানলৈ স্থানান্তৰ হয় চুমি বৰা। চুমি বৰাৰ ঘৰত স্বামী তাৰ্কিক বৰাৰ সৈতে থাকোতেই বশিষ্ঠ আৰক্ষীয়ে কৰিছিল ফোন। প্ৰাপ্ত খবৰ অনুসৰি, চুমি বৰাক আত্মগোপন কৰি ৰখাৰ ক্ষেত্ৰত এই জনপ্ৰিয় গায়ক আৰু তেওঁৰ পত্নীয়ে বিগত দুদিন ধৰি সহায় কৰি আহিছে।

ইফালে আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি, চুমি বৰাৰ অৱস্থিতিক লৈ যথেষ্ট ক্লু লাভ কৰিছে চাইবাৰ চেলে। বিপদৰ আগজাননী পায়ে অগ্ৰিম জামিনৰ বাবেও অধিবক্তাৰ সৈতে যোগাযোগ কৰিছে চুমি বৰাই। এই সকলোখিনি কাম কৰাৰ ক্ষেত্ৰত এই জনপ্ৰিয় গায়ক তথা তেওৰ পত্নীয়ে নিৰন্তৰভাৱে সহায় কৰি আছে চুমিক।

ইফালে এই সমগ্ৰ ঘটনাক লৈ জনপ্ৰিয় গায়কগৰাকীয়ে সদৰি কৰিছে যে, তেওঁৰ ঘৰলৈ আহোতে চুমি আৰু তাৰ্কিকক আত্মসৰ্মপনৰ উপদেশ দিছিল তেওঁ। নিশা প্ৰায় ১বজালৈকে এই গায়কগৰাকীৰ ঘৰতেই আছিল চুমি আৰু তাৰ্কিক।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত বহু বছৰৰ পৰা গায়কগৰাকীৰ সৈতে একেলগে বহু কেইটা কাম কৰিছে চুমি বৰাই। চুমি বৰাৰ বিয়াতো বিশেষভাৱে দেখা গৈছিল এই জনপ্ৰিয় গায়কগৰাকীক। প্ৰাপ্ত তথ্য অনুসৰি, বিশাল আৰু চুমিয়ে প্ৰায়ে পাৰ্টিও কৰিছিল এই জনপ্ৰিয় গায়কগৰাকীৰ ঘৰত।