মুখ্য-পৃষ্ঠা

বৰভাগৰ কামপীঠত গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিমু: কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কামপীঠ হাইস্কুলত আন্ত:ৰাষ্ট্ৰীয় বে-চৰকাৰী সংস্থা "এইড এট এক্সন" ৰ উদ্যোগত গ্ৰীষ্মবন্ধৰ সময়চোৱাত বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰি দিনীয়া গ্ৰীষ্মকালীন শিৱিৰ আয়োজন কৰা হয় ।

কামপীঠ হাইস্কুলৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত তথা 'AIDE ET ACTION' ৰ কৰ্মকৰ্তা ৰক্তিম কলিতা, পপী ডেকা, পংকজ গোস্বামী আৰু জিলা সমন্বয়ক নিতুমনি কলিতাৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে শিৱিৰটোৰ আয়োজন কৰা হয়। শিৱিৰত পালেপাৰা, কঞাঁ দিপলাং, ধূহী আদি কেইবা খনো গাঁৱৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগত সংগতি ৰাখি বিজ্ঞানৰ ব্যবহাৰিক শিক্ষা, কেৰিয়াৰ গাইডলাইনৰ লগতে ছবি অঁকা লিখা, নাচ-গান আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাৰ শেষত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰি শিৱিৰৰ সামৰণি ঘটোৱা হয়।