মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত অয়ন থিয়েটাৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টিৰাজীৰ পৰিশুদ্ধ প্ৰশিক্ষণ আৰু উপস্থাপনৰ এক প্ৰণালীবদ্ধ বিনামূলীয়া কৰ্মশালা ঢকুৱাখনাত অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (দিল্লী) ৰ স্নাতক অৰুন্ধতী কলিতা, সহকাৰী প্ৰশিক্ষক ৰাজীৱ দাস,কল্যান দত্ত,ৰক্তিম বুঢ়াগোহাঁইৰ নেতৃত্বত ১০ জুলাইৰ পৰা আৰম্ভ হোৱা এই শিশু নাট কৰ্মশালা অহা ২৫ জুলাই পৰ্যন্ত চলিব।

প্ৰতি দিনে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ এই কৰ্মশালা ঢকুৱাখনা নগৰৰ কচু গাঁওস্থিত অনিৰুদ্ধ দেৱ সাংস্কৃতিক সংঘত অনুষ্ঠিত হৈছে। "অয়ন থিয়েটাৰ" ঢকুৱাখনাৰ উদ্যোগত গ্রামাঞ্চলৰ সুপ্ত প্ৰতিভাধৰ সকলক চিনাক্ত কৰি সুকীয়া আৰু স্বপ্ৰতিভাৰে বিকশিত হব পৰাকৈ এখন মঞ্চ প্ৰদানৰ লক্ষ্যৰে এই প্ৰয়াস বিগত ১০ বছৰ ধৰি চলাই অহা বুলি কয় মুখ্য প্ৰশিক্ষক অৰুন্ধতী কলিতাই।

এই দশক জোৰা পৰম্পৰা অব্যাহত ৰাখি এইবাৰো বিনামূলীয়া ভাবে গঞা শিশু সকলক নাটক আৰু গুৰুজনাৰ অমূল্য গীত নাট পৰিবেশনৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ দিয়া হৈছে।

অৰ্ধ শতাধিক শিশুৰ অংশগ্ৰহণেৰে জীপাল হৈ পৰা এইসকল শিশুক হৰিনাম,বৰগীত, দিহা নাম আদি পৰিবেশনৰ পৰিশুদ্ধ প্ৰশিক্ষণ প্ৰদানৰ লগতে শিশু নাট অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। নাট প্ৰশিক্ষণ কালত বচন নিক্ষেপন, অভিব্যক্তি প্ৰকাশ, বচনৰ সৈতে অংগ সঞ্চালন আদিৰ গুণগত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অৰুন্ধতী কলিতাই।

কৰ্মশালাৰ সামৰণি দিনা সাংস্কৃতিক সংঘ প্ৰাঙ্গনত এখন শিশু নাট মঞ্চস্থ কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলৰ ভিন্নৰঙী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব বুলি অয়ন থিয়েটাৰ কৰ্তৃপক্ষৰ হৈ অমৰজ্যোতি কলিতাই জানিবলৈ দিলে। উক্ত সামৰণি অনুষ্ঠানত সংস্কৃতি প্ৰেমীৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে অয়ন থিয়েটাৰে।