মুখ্য-পৃষ্ঠা

কেঁচুৱাৰ গ্ৰীষ্মকালৰ ছালৰ যতনৰ নিয়ম, শিশুটিক মালিচ কৰাৰ কৌশলসমূহ

Asomiya Pratidin

কেঁচুৱাক মালিচ কৰাটো কেৱল এক সকাহ প্ৰদানৰ প্ৰক্ৰিয়াই নহয়, বিভিন্ন সাংস্কৃতিক পৰম্পৰা, বিশেষকৈ ভাৰতত এনে অভ্যাস গভীৰভাৱে প্ৰচলিত ৷ শিশু এটিক মালিচ কৰিলে কেৱল তেজৰ চলাচল উন্নত হোৱাই নহয়, লগতে হাত-ভৰিবোৰো অধিক পূৰঠ হয়, ওজন বাঢ়ে আৰু তেওঁলোকৰ আলসুৱা ছালখনে পৰিচৰ্যা পায় ৷ তদুপৰি, মালিচৰ জৰিয়তে একোটি কেঁচুৱাই শাৰীৰিক আৰু মানসিক সকাহ পোৱাৰ উপৰি ই টোপনি গভীৰ কৰে ৷

কেঁচুৱাৰ মালিচৰ গুৰুত্ব উপলব্ধি কৰি ইণ্ডিয়ান একাডেমি অব পেডিয়াট্ৰিকছ বা আই এ পিয়ে নৱজাতক, কেঁচুৱা আৰু শিশুৰ বাবে ছালৰ যতনৰ মান নিশ্চিত কৰিবলৈ কেতবোৰ মানসম্পন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ আই এ পিৰ এনে নীতি-নিৰ্দেশনা অনুসৰি কেঁচুৱাৰ মালিচত তেল ব্যৱহাৰ কৰাটো অতি লাভদায়ক, কাৰণ ই উম আৰু পুষ্টি যোগায় আৰু লগতে ওজন বৃদ্ধিত সহায় কৰে৷ গৱেষণাত প্ৰকাশ পোৱা মতে তেল ব্যৱহাৰ নকৰাৰ তুলনাত ব্যৱহাৰ কৰিলে শিশুটিয়ে অধিক আৰাম পোৱাৰ দৰে আচৰণ কৰে ৷ অৱশ্যে, এনেবোৰ নীতি-নিৰ্দেশনাত জলফাই তেল বা সৰিয়হৰ তেল ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে, কাৰণ ইয়াৰ ফলত ছালৰ আৱৰণৰ ক্ষতিসাধন হ’ব পাৰে ৷

গ্ৰীষ্মকালত মালিচ কৰোতে মনত ৰাখিবলগীয়া দিশসমূহ-

গ্ৰীষ্মকালৰ মাহবোৰত অনুগ্ৰহ কৰি এটি শীতল, ভালদৰে বতাহ চলাচল কৰা কোঠাত মালিচ কৰাটো নিশ্চিত কৰক যাতে শিশুটিয়ে আৰাম পায় ৷ এইক্ষেত্ৰত দিনটোৰ তুলনামূলকভাৱে ঠাণ্ডা সময়ছোৱাত মালিচ কৰিব লাগে, যেনে, তাপ এৰাই চলিবলৈ পুৱা আৰু সন্ধিয়াৰ ভাগত ৷

গ্ৰীষ্মকালত মালিচ কৰোতে সঠিক তেলবিধ বাছি লোৱাটো অতিকে গুৰুত্বপূৰ্ণ ৷ আই এ পিয়ে মালিচৰ আগতে পাতল বা গৰম তেল ব্যৱহাৰৰ বিৰুদ্ধে মত দিছে ৷ বৰং, এইক্ষেত্ৰত পিতৃ-মাতৃসকলে কেঁচুৱাৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা পাতল ওজনৰ ভিটামিন ইৰে সমৃদ্ধ ছালত লাগি নধৰা তেল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে ৷

বিশুদ্ধ ভিটামিন ইৰে সমৃদ্ধ জনছনছ বেবী অইল হৈছে এই কামৰ বাবে এক অতি উত্তম পছন্দ ৷ ই পাতল আৰু তেলেতীয়া নোহোৱা হেতুকে ই ছালখনক শুষ্কতাৰ পৰা ৰক্ষা কৰি ছালখনক পৰিচৰ্যা যোগায় আৰু স্বাস্থ্য উন্নত কৰে ৷ তদুপৰি, জনছনছ বেবী অইল হৈছে পেৰাবিন, কৃত্ৰিম ৰং আৰু ফেটেলেট ইত্যাদিৰ দৰে ক্ষতিকৰ ৰাসায়নিকৰ পৰা মুক্ত হোৱা হেতুকে ই দৈনিক ব্যৱহাৰৰ বাবে অতি নিৰাপদ ৷

এটি নৱজাতকৰ মালিচ কৰাৰ গুৰুত্বপূৰ্ণ দিশসমূহ-

একোটি কেঁচুৱাক নিয়মীয়াকৈ মালিচ কৰাৰ আগতে আপোনাৰ শিশুৰোগৰ চিকিৎসকগৰাকীৰ সৈতে শিশুটিৰ বাবে সুৰক্ষিত আৰু যথোপযুক্ত তেল ব্যৱহাৰৰ বিষয়ে আলোচনা কৰাটো অতিকে জৰুৰী ৷ মালিচ কৰোতে এক শান্তিপূৰ্ণ আৰু আৰামদায়ক পৰিবেশ গঢ়ি লোৱাটো অতিকে জৰুৰী যাতে আপোনাৰ শিশুটিয়ে স্বাচ্ছন্দ্য বোধ কৰে ৷

মালিচ কৰাৰ সময় আৰু পদ্ধতি বতৰ অনুযায়ী কৰা উচিত গ্ৰীষ্মকালত গা ধুওৱাৰ আগতে আৰু শীতকালত গা ধুওৱাৰ পাচত৷ এনে এটা সময় বাছি লওক, যেতিয়া শিশুটি শান্ত আৰু নিশ্চুপ হৈ থাকে আৰু অসুবিধা পোৱা এৰাই চলিবলৈ খাদ্য খুওৱাৰ কমেও কেইঘণ্টামানৰ আগতে ৷ এনে মালিচ নৰম হ’ব লাগে যদিও লগতে নিৰাপদ হোৱাৰ অনুভূতিও প্ৰদান কৰিব লাগে ৷ পিতৃ-মাতৃয়ে কোমলকৈ হেঁচি আলসুৱা স্পৰ্শৰে সদায় শিশুটিক সহায় কৰিবলৈ চেষ্টা কৰিব লাগে ৷

বিভিন্ন বয়স আৰু অৱস্থাৰ বাবে মালিচৰ কৌশলসমূহ-

একোটি শিশুৰ মালিচ বয়স আৰু বাঢ়ি অহাৰ পৰ্যায় অনুযায়ী কৰিব লাগে যাতে সম্পৰ্ক গঢ়াৰ এই পৰ্যায়ত শিশুটি সৰ্বাধিক উপকৃত হয় ৷ নৱজাতক প্ৰথমটো বছৰত দ্ৰুততাৰে ছালৰ পৰিবৰ্তন ঘটা নৱজাতকৰ বাবে শিশুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰাৰ পাচত মসৃণভাৱে নিয়মীয়াকৈ মালিচ কৰা উচিত ৷

আৰম্ভণিৰ সপ্তাহবোৰত কোমল আৰু মসৃণভাৱে তলৰ ফালে হাত বুলাই ভৰিৰ পৰা আৰম্ভ কৰক ৷ পেট মালিচ কৰোতে নাড়ীৰ চৌপাশ যাতে সংক্ৰমণ নোহোৱাটো নিশ্চিত কৰি ই সোনকালে শুকোৱাৰ ব্যৱস্থা কৰক ৷ তাৰ পাচত পিঠিৰ ফালে গতি কৰি ডিঙিৰ পৰা আৰম্ভ কৰি তললৈ ভৰিলৈকে কোমলকৈ মালিচ কৰক ৷

ছয়সপ্তাহৰ অধিক বয়সৰ বাবেঃ

ছয় সপ্তাহৰ অধিক বয়সৰ কেঁচুৱাসকলৰ ক্ষেত্ৰত, তেওঁলোকে অধিক সঁহাৰি দিয়াৰ লগতে অধিক দৃঢ়তা প্ৰদৰ্শনৰ কৰে, যাৰ ফলত তেওঁলোক সম্পূৰ্ণ মালিচ পোৱাৰ উপযোগী হৈ পৰে ৷ এই পৰ্যায়ত পিতৃ-মাতৃয়ে শিশুটিৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰাৰ সুযোগ পায় ৷

পেটত কোমলকৈ মসৃণ স্পৰ্শৰে মালিচ কৰিলে পেটৰ সমস্যাৰ পৰা উপশম পায় ৷ এই ক্ষেত্ৰত স্নেহপূৰ্ণ স্পৰ্শ অধিক লাভদায়ক আৰু মনত ৰাখিবলগীয়া সহজ পদ্ধতিটো হৈছে- পেটত তলমুৱাকৈ স্পৰ্শ দিয়াৰ পাচত, পাচ ফাললৈ শিশুটিৰ সোঁফালৰ পৰা বাওঁফাললৈ এল আখৰৰ আকৃতিৰে আৰু তাৰ পাচত পেটৰ ওপৰৰ পৰা তললৈ আৰু পুনৰ ওপৰলৈ ‘ইউ’ আখৰৰ আকৃতিৰে স্পৰ্শ দিয়ক ৷ তদুপৰি, আপোনাৰ আঙুলিৰে হাত আৰু মুখত কোমলকৈ মালিচ কৰিলে শিশুটিয়ে সকাহ পায় ৷ এই ক্ষেত্ৰত চকুত চকু ৰাখি মালিচ কৰিলে সম্পৰ্ক অধিক দৃঢ় হয় ৷

ছয় মাহ আৰু ততোধিক বয়সৰ শিশুৰ ক্ষেত্ৰত-

ছয় মাহ অতিক্ৰম কৰাৰ কিছু দিন পাৰ হ’লে শিশুটি ক্ৰমাৎ অধিক সক্ৰিয় হৈ বাগৰ সলাবলৈ ধৰে আৰু বহিবলৈ শিকাৰ লগতে চুঁচৰিবলৈ আৰু থিয় দিয়াৰ চেষ্টা কৰিবলৈকে ধৰে ৷ এই সময়ত মালিচ কৰাটো অধিক উপযোগী হৈ পৰাৰ লগতে উপভোগ্যও হৈ পৰে ৷

এই ক্ষেত্ৰত নিয়মীয়াকৈ মালিচ অধিক উপভোগ্য কৰি তুলিবলৈ নিচুকনি গীত আৰু পদ্য আওৰাব পাৰে ৷ যিকোনো বতৰতে শিশুটিৰ নিয়মীয়া ছালৰ যতনৰ ক্ষেত্ৰত গোটেই বছৰ জুৰি যথোপযুক্ত তেল ব্যৱহাৰ কৰি মালিচ কৰাটো অতিকে গুৰুত্বপূৰ্ণ ৷

এই বিশেষ সময়ছোৱাত আপোনাৰ শিশুটিক নিয়মীয়াকৈ মালিচ কৰিলে কেৱল তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ হোৱাই নহয়, লগতে পিতৃ-মাতৃ আৰু শিশুটিৰ মাজৰ চিৰন্তন মৰম-চেনেহৰ সম্পৰ্ক অধিক দঢ় হোৱাৰ উপৰি এই অভিজ্ঞতা কাহানিও নাপাহৰা মধুৰ স্মৃতিত পৰিণত হয় ৷