মুখ্য-পৃষ্ঠা

সুনীল গগৈৰ ঘটনাক লৈ আৰক্ষীৰ ন ৰূপত আৰম্ভ তদন্তঃ সুকীয়া সুকীয়াকৈ জেৰা পত্নী-পুত্ৰ-মাতৃক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  ৰাজ্য জোকাঁৰি যোৱা সুনীল গগৈৰ নাটকীয় হত্যাকাণ্ডৰ তদন্ত বুধবাৰে পুৱাৰে পৰা নতুন ৰূপত আৰম্ভ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীয়ে সুনীল গগৈৰ পত্নী-পুত্ৰ, মাতৃ আৰু ভতিজাকক বুধবাৰে থানালৈ তলব কৰাৰ পাছতে হঠাতে সুনীল গগৈৰ পুত্ৰক আৰক্ষীয়ে একাষৰীয়াকৈ লৈ গৈ তদন্ত কৰিছে।

সুনীল গগৈৰ মাতৃ, পত্নী আৰু ভতিজাকক থানাৰ ভিতৰত থৈ দুখন বাহনৰে সুনীল গগৈৰ পুত্ৰক ঘৰলৈ লৈ গৈ ঘটনাৰ ক্ৰাইম চীন কৰিছে আৰক্ষীৰ তদন্তকাৰী দলে। প্ৰাপ্ত খবৰ অনুসৰি, আৰক্ষীয়ে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

আৰক্ষীয়ে নতুনকৈ সুনীল গগৈ পৰিয়ালৰ সদস্যৰ ওপৰত তিনিটা জামিনবিহীন গোচৰ ৰুজু কৰি এই তদন্ত প্ৰক্ৰিয়া চলাই আছে। ইফালে সুনীল গগৈ পৰিয়ালে সদৰি কৰিছে যে, জাহাংগীৰৰ সৈতে তেওঁলোকৰ ভাতৃসুলভ সম্পৰ্ক আছিল। 

ইফালে সুনীল গগৈৰ পত্নীয়ে এই সমগ্ৰ ঘটনাতা ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি মন্তব্য কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা মঙলবাৰে আৰক্ষীয়ে সংবাদমেলত সুনীল গগৈক পলাতক ঘোষণা কৰাৰ লগতে বীমাৰ ৪০লাখ টকাৰ বাবেই জাহাংগীৰক হত্যা কৰি এখন নাটক ৰচনা কৰাৰ কথা উল্লেখ কৰিছিল।