মুখ্য-পৃষ্ঠা

প্ৰাক্তন ছাত্ৰ নেতা সুনীল দাস আৰু নাই...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : প্ৰাক্তন ছাত্ৰ নেতা সুনীল দাসৰ শেষ নিশ্বাস ত্যাগ ৷ নগাঁও জিলাৰ দক্ষিনপাটৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে সুনীল দাসে ৷ দেওঁবাৰে পুৱা ৬:৪০ বজাত দাসে ইহলীলা সম্বৰন কৰাৰ পিছতে অগনন গুনমুদ্ধৰ সমাগম হয় ৷ দাসৰ মৃত্যুত শোঁকৰ ছা পৰে দক্ষিনপাটত ৷

দক্ষিনপাট শাখা ছাত্ৰ সন্হা সম্পাদকৰ দায়িত্ব পালনৰ লগতে সভাপতিৰ দায়িত্ব পালন কৰা দাসে সদৌ নগাঁও জিলা ছাত্ৰ সন্হাকো প্ৰতিনিধিত্ব কৰিছিল ৷১৯৮৩ চনত দক্ষিন -পশ্চিম আঞ্চলিক ছাত্ৰ সন্হাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি পৰবৰ্তী সময়ত সভাপতি দায়িত্ব পালন কৰিছিল ৷

সুনীল দাস অসম গণ পৰিষদৰ প্ৰতিস্হা দিনৰে পৰা জৰিত হৈ দক্ষিনপাট আঞ্চলিক অগপৰ সম্পাদক হোৱাৰ লগতে নগাঁও জিলা যুৱ পৰিষদৰ গুৰু দায়িত্ব পালন কৰিছিল ৷ অসম সাহিত্য সভাৰ লগতো জৰিত দাস ২০০৭ বৰ্ষৰ দক্ষিনপাট সাহিত্য সভাৰ মধ্যকালীন অধিবেশনৰ শোভাযাত্ৰা সমিতিৰ দায়িত্ব আছিল ৷

ইয়াৰ উপৰি ১৯৮৫ চনত অসম চুক্তি ৰূপায়নৰ পিছতে ১৯৮৬ চনত অসম গণ পৰিষদ দলত যোগদান কৰিছিল আৰু অসম গণ পৰিষদৰ দক্ষিণপাট আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল। ইয়াৰ ওপৰিও তেখেতে নগাঁও জিলা যুৱ পৰিষদৰ দায়িত্ব ও পালন কৰিছিল ।

সিমানে নহয় দক্ষিনপাট অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰে জৰিত দাসৰ মৃত্যুত বিভিন্ন অনুষ্ঠানে শোঁক প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত দাসে পত্নী , দুই পুত্ৰক এৰি থৈ গৈছে ৷