মুখ্য-পৃষ্ঠা

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনিতা উইলিয়ামছে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বয়িঙৰ ষ্টাৰ লাইনাৰ যোগে ইতিহাস ৰচি ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰে। বুধবাৰে ফ্ল’ৰিডাৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰ-৪১ৰ পৰা ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮বাজি ২২মিনিটত মহাকাশলৈ উৰা মাৰে।

পূর্বে দুবাৰকৈ মহাকাশ যাত্রা কৰা সুনিতা উইলিয়ামছে এইপর্যন্ত ৩২২ দিন মহাকাশত কটাইছে। মহাকাশ যাত্ৰাৰ ২৬ ঘণ্টাৰ ভিতৰত ষ্টাৰ লাইনাৰৰ কেপচুলৰ পৰা আন্তর্জাতিক মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰিব সুনীয়া উইলিয়ামছসহ দুই মহাকাশচাৰীয়ে।

এইবাৰ তেওঁক লগ দিয়ে বেৰী বুচ উইলম'ৰেও। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি মহাকাশলৈ উৰা মাৰে নাছাৰ দুজন অভিজ্ঞ মহাকাশচাৰীয়ে। এই মহাকাশযানখন অৰবিটিং লেবৰেটৰীত বৃহস্পতিবাৰে দিনৰ ১২বাজি ১৫মিনিটত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

মহাকাশলৈ তৃতীয়বাৰৰ বাবে যাত্ৰা কৰা সুনীতা উইলিয়ামছে ক্ৰুযুক্ত মহাকাশযানৰ উদ্বোধনী উৰণত উৰাজাহাজ চলোৱা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে। লগতে আমেৰিকাৰ ইতিহাসত এনে যাত্ৰা ষষ্ঠ বুলি জানিব পৰা গৈছে। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্রথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্ৰত্যাৱৰ্তন হ'ব।