মুখ্য-পৃষ্ঠা

কংগ্ৰেছ- AIUDFৰ প্ৰতাৰণাৰ বাবে সংখ্যালঘু লোকসকল জাগিছে...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে এতিয়া অসমৰ প্ৰায়কেইটা সমষ্টিত ৰাজনৈতিক পৰিৱেশ বেচ জমি উঠিছে। বিশেষকৈ নগাওঁ আৰু যোৰহাট সমষ্টিত দৃষ্টি নিৱদ্ধ ৰাখিছে ৰাজনৈতিক বিশ্লেষকসকলে।

নগাওঁ লোকসভা সমষ্টিত পূৰ্ণদমে প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই। নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় সকলো অঞ্চলত প্ৰচাৰ কাৰ্য অব্যাহত ৰখা বিজেপিৰ প্ৰক্ষেপিত প্ৰাথীগৰাকীয়ে শেহতীয়াকৈ সংখ্যালঘু ভোটাৰৰ সংখ্যলঘূ ভোটাৰৰ সম্পৰ্কত এক বিশেষ মন্তব্য প্ৰদান কৰিছে।

সুৰেশ বৰাই বিৰোধী দলক কটাক্ষ কৰি কয় যে- কংগ্ৰেছ ইউ ডি এফৰ প্ৰতাৰণাৰ বাবেই সংখ্যালঘু লোকসকল জাগিছে আৰু ওলাই আহিছে।তেওঁ কয় যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে যি উন্নয়নৰ জোৱাৰ আনিছে তাৰ প্ৰভাৱ সংখ্যালঘু ভোটাৰৰ মাজত পৰিছে।

ইয়াৰোপৰি তেওঁ কয়- অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলা সকলৰ বাবে যি আঁচনি লৈছে সেই আঁচনিবোৰেও সংখ্যালঘু ভোটাৰক বি জে পি প্ৰতি আকৰ্ষিত কৰিছে। গতিকে এইবাৰ নগাঁৱত বিজেপিৰ জয় নিশ্চিত। '