ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ বাসিন্দা হোমেন শইকীয়া আৰু গীতাশ্ৰী(পাপৰি) শইকীয়াৰ সুযোগ্য পুত্ৰ তথা ছাত্ৰ সূৰ্য শইকীয়াই গোৱাত Indian Para Olympic Committee আৰু Goa Sports Authority ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত সাঁতোৰ চেম্পিয়নশ্বিপত -২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত হাওৰাঘাটৰ বহু বিশিষ্ট ব্যক্তি, দল আৰু সংগঠনৰ লোকে সুনাম অৰ্জন কৰা ছাত্ৰজনলৈ শুভেচ্ছা জনাইছে ।