মুখ্য-পৃষ্ঠা

টি-২০ বিশ্বকাপ জিকিলে কিমান টকা আৰু হাৰিলে পায় কিমান টকা, জানি লওঁক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলি আছে টি-২০বিশ্বকাপৰ ফাইনেল মেচ। টীম ইণ্ডিয়াই ১০বছৰৰ মূৰত ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে টি-২০ বিশ্বকাপৰ ২০১৪চনত ফাইনেল মেচ খেলিছিল টীম ইণ্ডিয়াই। কিন্তু আপুনি জানেনে, টি-২০ বিশ্বকাপ দখল কৰা দলটোৱে পুৰস্কাৰ হিচাপে কি কি লাভ কৰিব।

এইবাৰ টি-২০কাপৰ বাবে আই চি চিয়ে ইতিহাসৰ সবাতোকৈ অধিক টকাৰ আবন্টন দিছে। এইবাৰ বিশ্বকাপৰ বাবে আবন্টন কৰা ধনৰ পৰিমাণ হৈছে ১১.২৫মিলিয়ন আমেৰিকান ডলাৰ। ভাৰতীয় হিচাপত ইয়াৰ মূল্য হব ৯৩.৮০কোটি টকা।

এতিয়া আহো বিশ্বকাপ দখল কৰা দলটোৱে পুৰস্কাৰত কি কি লাভ কৰিব। টি-২০বিশ্বকাপ ২০২৪ৰ বিজয়ী দলটোৱে লাভ কৰিব ২.৪৫মিলিয়ন আমেৰিকান ডলাৰ। ভাৰতীয় মূল্যত প্ৰায় ২০.৪৫কোটি টকা। ইয়াৰ লগতে লাভ কৰিব বিশ্বকাপৰ আটকধুনীয় ট্ৰফী।

ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ১.২৮আমেৰিকান ডলাৰ অৰ্থাত ১০.৬৭কোটি টকা। এই ধন ফাইনেল বিজয়ী দলটোৱে লাভ কৰা ধনতকৈ প্ৰায় আধা। টি-২০ বিশ্বকাপত ছেমিফাইনেল খেলা টীম কেইটাই প্ৰায় ৬কোটি টকা, ছুপাৰ ৮ত বাহিৰ হোৱা টীম কেইটাই ৩.৮কোটি টকা লাভ কৰিব।

ইয়াৰোপৰি বিশ্বকাপৰ প্ৰতিখন খেল জিকাৰ বাবদ এটা দলে ২৬লাখকৈ টকা লাভ কৰে। অৱশ্যে ছেমিফাইনেল আৰু ফাইনেলত এই ধনৰাশি প্ৰদান কৰা নহয়।