মুখ্য-পৃষ্ঠা

তিতাবৰৰ মাধপুৰ গ্ৰামীণ বিকাশ বেংকত ৮.২৮ কোটি টকা বৃহৎ জালিয়াতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ মাধপুৰ গ্ৰামীণ বিকাশ বেংকত সংঘটিত হোৱা ৮.২৮ কোটি টকা বৃহৎ জালিয়াতিৰ অভিযোগত সহকাৰী পৰিচালককে ধৰি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে আজি চিবিআইয়ে গোচৰ পঞ্জীয়ন কৰি সাতটাকৈ অভিযান চলায়।

উল্লেখ্য যে মাধপুৰ গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক আৰু সহ পৰিচালকে মিলি ভূৱা আত্মসহায়ক গোট খুলি প্ৰায় ৮.২৮ কোটি টকা বৃহৎ জালিয়াতিৰে লুণ্ঠন কৰিছিল। গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ এক অনুসন্ধান দলে অনুসন্ধান চলোৱাৰ পিছতে এই বৃহৎ কেলেংকাৰী পোহৰলৈ আহে। তেতিয়াই মাধপুৰ গ্ৰামীণ বিকাশ বেংকৰ সহ পৰিচালক সৈতে তিনিজনক নিলম্বন কৰা হয়।

তাৰ পিছতে এই বৃহৎ কেলেংকাৰী তথ্য উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰা হয়। মাধাপুৰ শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকত কৰ্মৰত তেতিয়াৰ তিনিজন সহকাৰী প্ৰবন্ধক আৰু এজন কাৰ্যালয় সহায়ককে ধৰি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ।

বেংকৰ লোকচান প্ৰৱঞ্চনাৰ আৰু ষড়যন্ত্ৰ কৰা বিৰুদ্ধে অভিযোগত এক গোচৰ ৰুজু কৰা হয় । চিবিআইয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতি কয় যে অভিযুক্তই অসৎ আৰু প্ৰৱঞ্চনাৰে ভুৱা আত্মসহায়ক গোট (এছ এইচ জি)ৰ ঋণ একাউণ্টত ধন অনুমোদন আৰু বিতৰণ কৰা হৈছে আৰু তাৰ পৰা পোৱা ধন অভিযুক্ত তেতিয়াৰ এজন সহকাৰী পৰিচালকৰ চেভিং বেংক একাউণ্ট আৰু অন্যান্য বেংক একাউণ্ট লৈ হস্তান্তৰ কৰা হৈছে। ইয়াৰ ফলত বেংকক ৮, কোটি ২৮ লাখ ৪২ হাজাৰ ৯০০/-টকাৰ লোকচান হয় ।

এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি চিবিআইয়ে যোৰহাট, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ অভিযুক্তৰ আৱাসিক আৰু চৰকাৰী চৌহদকে ধৰি ৭টা স্থানত আৰু পশ্চিম বংগৰ এটা স্থানত তালাচী চলায় । অভিযান কালত চিবিআইয়ে বহু নথি-পত্ৰ উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

বৰ্তমানেও তদন্ত অব্যাহত আছে। উল্লেখযোগ্য যে গ্ৰামীণ বিকাশ বেংকৰ মনিটৰিং ছেলে পোহৰলৈ অনা এই কেলেংকাৰীৰ পাছত বেংকটোৰ গোলাঘাটস্থিত আঞ্চলিক কাৰ্যালয়ে চলোৱা প্ৰাথমিক অনুসন্ধানত অনিয়ম স্পষ্টভাবে ধৰা পৰে। লগে লগে পৰিচালক প্ৰশান্ত বৰা, সহকাৰী পৰিচালক প্ৰিয়াংশু প্ৰতিম গগৈক চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

অন্যহাতে ধন ভৰালী সত্যজিৎ চলিহাক তাৎক্ষণিকভাৱে গোলাঘাটৰ মুহুৰামুখ শাখালৈ বদলি কৰা হৈছিল। অভিযোগ অনুসৰি যোৱা ডেৰ বছৰ ধৰি শাখাটোত পৰিচালক ৰূপে কাম কৰি অহা পৰিচালক বৰাই বিভিন্ন ভুৱা আত্ম সহায়ক গোট সৃষ্টি কৰি গোটৰ নামত ঋণ দি সমুদায় ধন সৰকোৱাৰ লগতে বহু গ্ৰাহকৰ ধন গ্ৰাহকৰ অগোচৰে এন এফ টি কৰি নিৰ্দিষ্ট কেইটামান বেংক একাউন্টলৈ প্ৰেৰণ কৰি লুণ্ঠন চলাই আছিল।

তদুপৰি কেইবাখনো ভুৱা সমবায় সমিতি খুলি বেংক বিষয়া গৰাকীয়ে ঋণৰ বেহা পাতিছিল। ব্যক্তিগত গ্ৰাহকৰ ধনো একেই মাধ্যমেৰে সৰকাই এক লুণ্ঠনৰ জাল পেলাই ব্যাপক লুণ্ঠন চলাই গৈছিল। ইফালে বেংকটোৰ এই কেলেংকাৰীয়ে চি বি আইৰ হাতত অপৰ্ণ কৰাত মাধপুৰৰ ৰাইজে আদৰণি জনাইছে।