মুখ্য-পৃষ্ঠা

কৰোৱা চৌথত মেহেন্দীৰে স্বামীৰ নাম নহয়, মহিলাই লিখিলে ‘পঞ্জাৱ চৰকাৰ মুৰ্দাবাদ’! কিন্তু কিয়?

asomiyapratidin

ডিজিটেল ডেস্কঃ ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাক সৰোগত কৰি সমগ্ৰ দেশজুৰি মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি কৰোৱা চৌথ পালনৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। হাতত মেহেন্দীৰে স্বামীৰ নাম লিখি 'চালনী'ৰ ফাঁকেৰে স্বামীৰ মুখ দৰ্শনৰ আনন্দত অধীৰ আগ্ৰহেৰে বাট চাই থকা সময়তে পঞ্জাৱত দেখিবলৈ পোৱা গৈছে আন এক দৃশ্য। পঞ্জাৱৰ অমৃতসৰৰ মহিলাসকলে কৰোৱা চৌথৰ সময়ত হাতত মেহেন্দী ঠিকেই লগাইছে। কিন্তু তাত স্বামীৰ নামৰ বিপৰীতে লিখিছে 'পঞ্জাৱ চৰকাৰ মুৰ্দাবাদ'। কিন্তু কিয়?

অমৃতসৰৰ এটা শৈক্ষিক মহিলা সংগঠনে ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহাক লৈ ক্ষোভ ব্যক্ত কৰি হাতত মেহেন্দীৰে 'পঞ্জাৱ চৰকাৰ মুৰ্দাবাদ' লিখি পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

চৰকাৰী নিয়মীয়া শিক্ষকসকলৰ তুলনাত চৰকাৰে নিযুক্তি প্ৰদান কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা অতি নূন্যতম হোৱাৰ ফলত তেনে শিক্ষকৰ পৰিয়াল নানা আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে। যাৰ ফলত ঠিকাভিত্তিক শিক্ষকসকলৰো বেতন বৃদ্ধিৰ বাবে তেনে শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ প্ৰতিবাদক কোনো গুৰুত্ব দিয়া নাই।

উল্লেখ্য যে, পঞ্জাৱৰ বিদ্যালয়সমূহত নিয়মীয়া হোৱা শিক্ষকসকলক চৰকাৰে ৪২,৩০০ টকা বেতন প্ৰদান কৰাৰ বিপৰীতে ঠিকাভিত্তিক শিক্ষকসকলক প্ৰদান কৰি আহিছে মাত্ৰ ১৫,০০০ হাজাৰ টকা। যাৰ ফলত ৰাজ্যখনৰ কৰোৱা চৌথ উৎসৱৰ মাজতে শনিবাৰে শিক্ষক পত্নীসকলে হাতত মেহেন্দীৰে 'পঞ্জাৱ চৰকাৰ মুৰ্দাবাদ' লিখি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে।