মুখ্য-পৃষ্ঠা

হিমন্ত বিশ্ব শৰ্মা যোগী আদিত্যনাথৰ- চীনা সংস্কৰণঃ নামাজ বিৰতি কৰ্তনক লৈ তেজস্বী যাদৱৰ কটাক্ষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰীক যোগী আদিত্যনাথৰ ‘ছাইনীজ ভাৰ্ছন’ আখ্যা দিলে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে। অসম বিধানসভাত শুকুৰবৰীয়া নামাজ বিৰতি কৰ্তন কৰাৰ প্ৰসংগক লৈ এইদৰে অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাক এনেদৰে কটাক্ষ কৰিলে তেজস্বী যাদৱে। সস্তীয়া জনপ্ৰিয়তা বিচাৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগী আদিত্যনাথৰ চীনা সংস্কৰণ হিচাপে কামবোৰ কৰি আছে বুলি মন্তব্যৰ লগতে সামাজিক মাধ্যমত এক পোষ্ট লিখিছে তেজস্বীয়ে।

শেহতীয়াকৈ এক্সত এটা তেজস্বী যাদৱে এটা মন্তব্যৰ লগতে লিখিছে যে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সস্তীয়া প্ৰচাৰৰ বাবে ইচ্ছাকৃতভাৱে যোগী আদিত্যনাথৰ চীনা সংস্কৰণ হোৱাৰ চেষ্টাৰে মুছলমানসকলক হাৰাশাস্তি কৰি আছে। ঘৃণা বিয়পাবলৈ আৰু মোডী-অমিত শ্বাহৰ মনোযোগ লাভ কৰিবলৈ এনে নিকৃষ্ট পন্থাৰ সহায় লৈছে। সমাজখনক মেৰুকৰণ কৰিবলৈকে মুছলমান ভাতৃসকলক লক্ষ্য কৰি লোৱা হৈছে।

ৰাষ্ট্ৰীয় জনতা দলৰ নেতাগৰাকীয়ে লগতে কয় যে, বৰ্তমান দেশত আৰ এছ এছৰ নেতা-কৰ্মীসকলৰ বাহিৰে বেলেগৰ স্বাধীনতা নোহোৱা কৰিছে। আমি এই মুছলমান ভাইসকলৰ সৈতে আছো, আমি থকা লৈকে তেওঁলোকৰ অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰে।‘

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ অসম বিধানসভাত গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ প্ৰায় সংখ্যক বিৰোধী দলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্তক কটাক্ষ কৰিছে। বিৰোধী দলৰ লগতে এন ডি এৰ সহযোগী জে ডি ইউৰ নেতা নীৰজ কুমাৰেও অসম চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ৷ তেওঁ কয় যে ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ অধিকাৰ কাৰোৰে নাই । অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহখিনিক দাৰিদ্ৰতাৰ পৰা আঁতৰাই অনাতহে অধিক গুৰুত্ব দিয়াটো উচিত ৷