মুখ্য-পৃষ্ঠা

চিলাপথাৰ প্ৰেছ ক্লাবৰ দশম সংখ্যক অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজি জিলা সাংবাদিক সংস্থাৰ অন্তৰ্গত চিলাপথাৰ প্ৰেছ ক্লাবৰ দশম সংখ্যক অধিৱেশনখন শনিবাৰে অনুষ্ঠিত হৈ যায়। অধিৱেশনৰ দিনযোৰা কাৰ্যসূচীত অনুযায়ী পুৱা প্ৰেছ ক্লাবৰ বাকৰিত বৃক্ষৰ পুলি ৰোপন,স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলনৰ পিছতে আৰম্ভ হয় গুৰুতত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা।

প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি গুণাধৰ দলেৰ সঞ্চালনত অনুষ্ঠিত প্ৰতিনিধি সভাই নয়নমনি মহন্তক সভাপতি আৰু লভিৰাম বৰিক সম্পাদক হিচাপে লৈ চিলাপথাৰ প্ৰেছ ক্লাবৰ এক বলিষ্ঠ কাৰ্যকৰী সমিতি গঠন কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় 'সাম্প্ৰতিক সময়ত সাংবাদিকতা আৰু প্ৰত্যাহ্বান ' শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ। আলোচনাত বৰ্তমান সাংবাদিক সমাজে সন্মুখন হোৱা বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত উপস্থিত ৰাইজে বিতং ভাৱে আলোচনা কৰে।

বিয়লি ভাৰপ্ৰাপ্ত সভাপতি গুনাধন দলেৰ সঞ্চালনত আৰু সম্পাদক লভিৰাম বৰিয়ে আঁতধৰা কাৰ্যনিৰ্বাহক সভাত চিলাপথাৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক তথা কেইবাজনো প্ৰয়াত সাংবাদিক-সমাজকৰ্মীৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে। মুকলি সভাত জ্যেষ্ঠ সাংবাদিক মৃদুপৱন চুতীয়া, বনমালী মহন্ত, অসম‌ বৰ্তাজিৱী সংঘৰ সদস্য তথা ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী দুৱৰা,ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰৰ লগতে ভূৱন দাস,ড: গজেন মিপুন,ড: উত্তম দাস,ভাস্কৰ চুতীয়া,প্ৰবীণ দুৱৰা,তুলতুল ফুকন,মেঘনাথ টায়ে,খেলন্ত সোণোৱাল,লক্ষীন্দ্ৰ‌ সোণোৱাল আদি বহুতো সাংবাদিক,প্ৰাক্তন সাংবাদিক আৰু সমাজকৰ্মী আৰু শিক্ষক উপস্থিত থাকে।