মুখ্য-পৃষ্ঠা

কদৰ্যময়, অস্বাস্থ্যকৰঃ বৰষুণত জলমগ্ন নগাঁৱৰ আয়ুক্ত কাৰ্যালয়...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰ জলমগ্ন । চহৰখনৰ স্হানে স্হানে বৰষূণৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে । একেদৰে নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ো জলমগ্ন হৈ পৰিছে । আয়ুক্ত কাৰ্যালয়ৰ স্হানে স্নানে জলমগ্ন হৈ থকাত বিষয়া , কৰ্মচাৰীৰ পৰা সৰ্বসাধাৰনলৈকে সমস্যাৰ সৃষ্টি হৈছে ।

জিলাখনৰ ৯৮ খনকৈ ৰাজহ গাওঁ বৰ্তমানেও বানৰ কবলত । বান পৰিস্হিতি নিয়ন্ত্ৰন কৰি থকা হৈছে আয়ুক্ত কাৰ্যালয়ৰ পৰাই । কিন্তু আয়ুক্ত কাৰ্যালয়ৰ যিবোৰ স্হান জলমগ্ন সেই স্হানৰ পৰা জমা হোৱা পানী নিষ্কাষণ কৰাৰ কোনো ব্যৱস্হা নাই । কাৰ্যালয়টোৰ চৌহদত পৰিকল্পিত নলা নথকাত স্হানে স্হানে পানী জমা হৈ সমস্যাই দেখা দিছে ।

আয়ুক্ত কাৰ্যালয়ৰ মূল প্ৰবেশ পথ চাৰিটা । ইয়াৰে দুটি প্ৰবেশ পথত পানী জমা হৈ থাকে । সাধাৰন বৰষূণত পানী খচকি সৰ্বসাধাৰনে অহা যোৱা কৰিব লগা হয় । নগাঁও পৌৰসভাৰ দিশেৰে আয়ুক্ত কাৰ্যালয়ত প্ৰবেশ কৰা চৌহদৰ এলেকা জলমগ্ন । উন্নয়ন আয়ুক্তৰে গাড়ী খোদ পানীৰ মাজত ৰখাই থব লগা হয় । অনান্য সহকাৰী আয়ুক্তই পানীৰ মাজত গাড়ী থৈ লেতেৰা পানী খচকি কাৰ্যালয়ত প্ৰবেশ কৰে ।

ইফালে নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ সন্মূখেৰে প্ৰবেশ কৰিলেও তদ্ৰূপ অৱস্হা । আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে পানীৰ মাজত মটৰ চাইকেল , স্কুটাৰ আদি থৈ কাৰ্যালয়ত প্ৰবেশ কৰিব লাগে । উক্ত দিশত থকা ন্যায়ালয়ৰ সন্মূখৰ চোতাল ভাগ সম্পূৰ্ন ভাবে জলমগ্ন ।

নগাঁৱৰ আয়ুক্ত কাৰ্যালয়টি সাধাৰন বৰষূণতে এনেদৰে জলমগ্ন হোৱাত কাৰ্যালয়ৰ চৌহদটি কদৰ্যময় হৈ পৰাৰ লগতে অস্বাস্হ্যকৰ হৈ পৰিছে । মহ-দাহৰ প্ৰকোপ বৃদ্ধি পাইছে । আনকি জলমগ্ন স্হানত সৰ্পৰ মুক্ত বিচৰনক লৈ আতংকিত আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ।