মুখ্য-পৃষ্ঠা

উত্তৰ-পূব হৈছে ভাৰতৰ প্ৰাণঃ 'দ্য কনক্লেভ ২০২৪' উদ্বোধন কৰিলে দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে...

Dimpul Borgohain

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হোৱা সাদিন- প্ৰতিদিন গোষ্ঠীৰ 'দ্য কনক্লেভ ২০২৪' আৰম্ভ হৈছে। পুৱা ১০বজাৰ পৰা আৰম্ভ হোৱা এই কনক্লেভখনি উদ্বোধন কৰে দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। উপ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপস্থিত থাকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

প্ৰথমে ৰাষ্ট্ৰীয় সংগীত আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে, অসম তথা উত্তৰ পূবৰ সমস্যাৰাজি আৰু ঘটনাৰাজিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰাটোৱে আমাৰ এই কনক্লেভৰ মূল উদ্দেশ্যে। আমাৰ এই প্ৰয়াসৰ প্ৰতি ৰাইজ তথা আপোনালোকৰ মৰম-চেনেহে অধিক সাফল্যমণ্ডিত কৰিছে।

জয়ন্ত বৰুৱাৰ পাছতে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাদিন-প্ৰতিদিনগোষ্ঠীৰ এই উদ্যোগক উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে- অসমীয়া সংবাদজগতত সাদিন-প্ৰতিদিনগোষ্ঠীৰ অৱদান উল্লেখনীয়। কেৱল সংবাদজগততে নহয় সমাজ জীৱনতো সাদিন-প্ৰতিদিন গোষ্ঠীৰ অৱদান অতুলনীয়।

ভাষণৰ প্ৰসংগত সোণোৱালে হেমকোষ প্ৰসংগত উল্লেখ কৰি কয় যে, হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰণয়ন কৰি অসমীয়া ভাষা-সংস্কৃতিক সমৃদ্ধ কৰিলে। তাৰ পিছতে সেই ধাৰা অব্যাহত ৰাখিলে তেওঁৰ পুত্ৰ দেৱানন্দ বৰুৱাইও। তাৰ পিছতে এই ধাৰাক অধিক তুৰাম্বিত কৰিলে জয়ন্ত বৰুৱাই। হেমকোষৰ ব্ৰেইল সংস্কৰণ হৈছে অন্ধ শিক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ উপহাৰ। নিশ্চিতভাৱে এই মহান কাৰ্যৰ বাবে তেওঁক আমি সকলোৱে ধন্যবাদ প্ৰদান কৰিব লাগে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ প্ৰতিটো সংবাদমাধ্যমে নিজৰ কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি গৈছে। ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰেও অসম আৰু অসমীয়াৰ উন্নতিৰ বাবে নিৰন্তৰে কাম কৰি আছে। শেহতীয়াকৈ অসমীয়া ভাষাটো যি স্বীকৃতি প্ৰদান কৰা হ'ল সেয়া তাৰ প্ৰতিফলন বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ইফালে দ্য কনক্লেভ ২০২৪ উদ্বোধন কৰি দেশৰ উপ ৰাষ্ট্ৰপতি ধনখড়ে কয় যে, উত্তৰ-পূব হৈছে দেশৰ বাবে এক আৰ্শীবাদ। ইয়াৰ পৰাই সোণোৱালৰ দৰে নম্ৰ আৰু কৰ্মদক্ষ ৰাজনৈতিক নেতা জন্ম হৈছে। অসম তথা উত্তৰ-পূব বিভিন্ন ক্ষেত্ৰক মই প্ৰায়ে অধ্যয়ন কৰো। উত্তৰ-পূবত বহু সম্ভাৱনা আছে। সেই সম্ভাৱনাক আমি উলিয়াই আনিব লাগিব। পৰ্যটন, কৃষ্টি-সংস্কৃতিক অতিকৈ চহকী উত্তৰ পূব। উত্তৰ-পূব হৈছে ভাৰতৰ প্ৰাণ তথা আত্মা সদৃশ।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ সংবাদজগতৰ ভূমিকাকো উচ্চ প্ৰশংসা কৰে। সংবাদমাধ্যম সমাজ, ৰাজনীতি আৰু ব্যক্তিৰ মাজত এখন সাকোঁৰ দৰে কাম কৰে বুলি উল্লেখ কৰে তেওঁ। তেওঁ লগতে কয় উত্তৰ পূৰ্বৰ প্ৰতিখন ৰাজ্যৰে নিজা স্বকীয়তা আছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰেও শেহতীয়াকৈ গুৰুত্ব প্ৰদান কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, জলবায়ু পৰিৱৰ্তন, ক্ৰীড়া, সংস্কৃতি আদি বিভিন্ন দিশ সামৰি মুঠ ১২ টা বিষয় সন্দৰ্ভত হ’ব বস্তুনিষ্ঠ আলোচনা। নতুন দিল্লীৰ দ্য অশোকত অনুষ্ঠিত হ’ব লগা এই আলোচনাচক্ৰত ভাগ ল’ব নোবেল বিজয়ী কৈল্যাস সত্যাৰ্থীকে ধৰি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা কুৰিৰো অধিক সমল ব্যক্তিয়ে।

আলোচনাচক্ৰৰ প্ৰথম লানি আলোচনা সত্ৰত উপস্থিত থাকিব শান্তিৰ নোবেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থী। উদ্বোধনী অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হ’ব লগা এই আলোচনাৰ প্ৰথম বিষয়বস্তু হৈছে ‘শিশু সৰবৰাহৰ ভয়াবহতা’। এই নিৰ্দিষ্ট বিষয়টিত অংশ ল’ব নোবেল বিজয়ী কৈলাস সত্যাৰ্থীয়ে।