মুখ্য-পৃষ্ঠা

মঙলদৈত চৰকাৰী পেন্সনাৰ সন্থাৰ সাধাৰণ অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ চৰকাৰী পেন্সনাৰ সন্থা অসমৰ ৩৯ সংখ্যক অধিৱেশন এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত হ'ব। ইতিমধ্যে ডাঃ জয়কান্ত চহৰীয়াক সভাপতি, মদনচন্দ্ৰ দত্ত, ক্ষিতেশ্বৰ কছাৰীক উপ-সভাপতি, নৃপেন্দ্র কুমাৰ ডেকাক প্রধান সম্পাদক, অমৃত চন্দ্র শর্মা, মুনীন্দ্ৰ কুমাৰ বড়াক সম্পাদকৰূপে লৈ এখন অভ্যর্থনা সমিতি গঠন কৰাৰ উপৰি আঠখন উপ- সমিতিয়ে অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ পূর্ণ প্রস্তুতিৰ কাম চলাই আছে।

অহা ১৮ আৰু ১৯ মে'ত মঙলদৈ সনাতন ধর্মসভা প্রাংগণত অনুষ্ঠিত হ'ব লগা অধিৱেশনৰ প্ৰথম দিনা প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পাছত বিয়লি প্রতিনিধি শিবিৰ মুকলি কৰিব আজীৱন সদস্য ডাঃ কামাখ্যা প্রসাদ মিশ্রই। প্রতিনিধি সভাৰ প্ৰথমখন বৈঠক উদ্বোধন কৰিব ডাঃ ৰমাকান্ত বড়াই। নিশা প্রতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব।

পতাকা উত্তোলন কৰিব চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ সভাপতি ছফিউৰ ৰহমান শইকীয়াই। স্মৃতি তৰ্পণ কৰিব সন্থাৰ আজীৱন সদস্য মীনা ডেকাই। সন্থাৰ সভাপতি ছফিউৰ ৰহমান শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি অধিৱেশন উদ্বোধন কৰিব আজীৱন সদস্য ড° বুদ্ধিন চন্দ্ৰ হাজৰিকাই।

সভাত নির্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব দীনদয়াল মহাবিদ্যালয়ৰ-দলগাঁৱৰ অধ্যক্ষ ড° লক্ষীপ্রসাদ হাজৰিকা। মুখ্য অতিথিৰূপে উপস্থিত থাকিব 'দৈনিক অসম'ৰ মুখ্য সম্পাদক ড° হিতেশ ডেকা আৰু বিশিষ্ট অতিথিৰূপে ভাগ ল'ব চিকিৎসক-সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ।

সভাত স্মৃতিগ্রন্থ উন্মোচন কৰিব আজীৱন সদস্য ফুলেন্দ্র নাথ চহৰীয়াই। এই সভাতেই ৮০ বছক উর্ধ্বৰ পেন্সনাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে উদ্যোক্তাসকলে।