মুখ্য-পৃষ্ঠা

সংৰক্ষিত বনভূমিত বিদ্যালয়, পথ, চাহ বাগান কেনেকৈ? দোষী বন বিষয়াৰ তালিকা দিবলৈ মুখ্য সচিবক নিৰ্দেশ সেউজ প্ৰাধিকৰণৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  উদক পাতিছিল ভেটাৰখীয়া! কেন্দ্ৰীয় বন আৰু  পৰিৱেশ মন্ত্ৰালয়ৰ নিৰ্দেশকো কেৰেপ নকৰে ৰাজ্যৰ বন বিভাগে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দায়ৱদ্ধ এই বিভাগটোৰ এচাম উচ্চ পদস্থ বিষয়াৰ সহযোগত ৰাজ্যত সংঘটিত হয় বন ধ্বংস অভিযান। 

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত চলি থকা এক গোচৰত উন্মোচিত হৈছে এই বিস্ফোৰক তথ্য। দায়িত্বপ্ৰাপ্ত বন বিভাগৰ শীৰ্ষ বিষয়াৰ সেউজ সংকেততে মুক্তভাৱে চলিছিল সোণাই-ৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চল ধ্বংস অভিযান। সংৰক্ষিত এই বনভূমিত নিৰ্মাণ কৰা হৈছিল বিদ্যালয়, পথ, চাহ বাগান।

আনকি সেই বনভূমিত কেইবাখনো চৰকাৰী আচঁনি ৰূপায়ন কৰাৰ পাছতো বন বিভাগ মৌন হৈ আছিল। এই সন্দৰ্ভত আৰ টি আই কৰ্মী দিলীপ নাথে দাখিল কৰা অভিযোগৰ ভিত্তিত ইতিমধ্যে সেউজ প্ৰাধিকৰণত সেই গোচৰৰ ৪টাকৈ শুনানি অনুষ্ঠিত হৈ গৈছে।

শেহতীয়াকৈ ৩জুলাই, ২০২৪ত সেউজ প্ৰাধিকৰণে অন্তিম শুনানি গ্ৰহণ কৰি ৰাজ্যৰ মুখ্য সচিবক এই বন ধ্বংস অভিযানৰ বাবে কোন কোন বিষয়া দায়ী তাৰ তালিকা প্ৰস্তুতৰে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুযায়ী ১০জুলাই, ২০২৪ত মুখ্য সচিবে সেউজ প্ৰাধিকৰণৰ ওচৰত এই শপতনামা দাখিল কৰিব লাগিব।

উল্লেখযোগ্য যে, বন সংৰক্ষণ আইন-১৯৮০ ভংগ কৰি এই দুয়োখন শোণিতপুৰ জিলাত থকা সংৰক্ষিত বনাঞ্চলত পূৰ্বৰ কংগ্ৰেছ শাসনৰ কালৰে পৰাই বন ধ্বংসৰ অভিযান পাতনি মেলা হৈছিল। ১২খনকৈ বিদ্যালয় স্থাপন কৰা হৈছিল এই সংৰক্ষিত বনাঞ্চলৰ ভূমিত। আনকি সেই বনাঞ্চলৰ বেদখল ভূমিত নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনক লৈও প্ৰশ্ন উত্থাপন হৈছিল।

চৰকাৰী বিষয়াই উক্ত বনাঞ্চলৰ ভূমিত নতুন স্কুল বিল্ডিং নিৰ্মাণৰ কথা পূৰ্বে জ্ঞাত আছিল। শোণিতপুৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত পি কে মহন্তই ২৮ডিচেম্বৰ ২০১১ত বন বিভাগলৈ লিখা এক পত্ৰত সেই বিদ্যালয়সমূহ বনাঞ্চলৰ ভূমিত নিৰ্মাণৰ বাবে অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল।

সেউজ প্ৰাধিকৰণে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি দিলীপ নাথৰ অভিযোগৰ তথ্যৰ ভিত্তিত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া লক্ষ্যণীয় হব ৰাজ্য চৰকাৰে সংৰক্ষিত বন ভূমি চৰকাৰী পৃষ্ঠপোষকতাত বেদখল কৰিবলৈ অনুমতি দিয়া এই বিষয়াসকলৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰে।

ইফালে, সেই সময়ত বনাঞ্চল ধ্বংস অভিযানত হাত উজান দিয়া সদা বিৰ্তকিত বন বিষয়া তথা বৰ্তমানৰ বিশেষ মুখ্য সচিব এম কে যাদবলৈও প্ৰেৰণ কৰা হৈছিল কাৰন দৰ্শোৱাৰ জাননী। কিন্তু সেউজ প্ৰাধিকৰণৰ এই জাননীক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিষয়াগৰাকীয়ে কোনো নীতি ভংগ কৰা নাই বুলি মত ব্যক্ত কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, এই এম কে যাদৱ মুখ্য বন সংৰক্ষক পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে প্ৰায় ৭২হেক্টৰকৈ ভূমিত এনে অবৈধ নিৰ্মাণ কাৰ্য চলিছিল।