উদ্বেগজনকঃ অসমত বৃদ্ধি পাইছে সুৰাপায়ী সংখ্যা... 
মুখ্য-পৃষ্ঠা

উদ্বেগজনকঃ অসমত বৃদ্ধি পাইছে সুৰাপায়ী সংখ্যা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে সুৰাপায়ী লোকৰ সংখ্যা। এই তথ্য প্ৰকাশ পাইছে খোদ আবকাৰী মন্ত্ৰীৰ তথ্যতে। যোৱা বুধবাৰে বিধানসভাৰ মজিয়াত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাখিল কৰা তথ্যত প্ৰকাশ পোৱা তথ্য অনুসৰি, শেহতীয়া ৫ বছৰত চৰকাৰে সুৰাৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে  ১৬ হাজাৰ ৪২৮ কোটি।

ইয়াৰে ২০১৯-২০চনত ২,৬০৬কোটি। ২০২০-২১চনত ২৯৭৭ কোটি। ২০২১-২২চনত ৩০৪৭ কোটি। ২০২২-২৩ চনত ৩,৯৮০ কোটি। ২০২৩-২৪চনৰ জানুৱাৰীলৈ ৩,৮১৬ কোটি টকা ৰাজ্যত সংগ্ৰহ হৈছে।

ছয়গাও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই তথ্য ৰাজহুৱা কৰিছে। বৰ্তমান অসমত ৩হাজাৰ ৩০০খন সুৰাৰ বিপনী আছে বুলিও তথ্য

বিধানসভাৰ বাজেট অধিবেশনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ইয়াৰ উপৰি ৰাজ্যত এতিয়ালৈ মুঠ সুৰাৰ দোকান আছে ৩,৩০৩খন। ইয়াৰে বাৰ আছে ৯২৩খন, বিলাতী সুৰাৰ দোকান আছে ১৭০৭খন আৰু ৩৭৩খন আছে দেশীয় সুৰাৰ দোকান।

ক্লিক কৰি পঢ়কঃ তৈল অন্বেষণৰ বাবে আন্দামানত ২৫শ কোটি টকা বিনিয়োগ কৰিব অইলে...