মুখ্য-পৃষ্ঠা

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্যদা প্ৰদানৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিটিচিত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ আৰু সা-সুবিধাক লৈ মঙলবাৰে সদৌ ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ যৌথ গুৰুত্বপূৰ্ণ সভা এখন কোকৰাঝাৰৰ মাগুৰমাৰীত অনুষ্ঠিত হয় ৷ মাগুৰমাৰী সমূহীয়া ভৱনত ৰাভা জনগোষ্ঠীৰ সমস্যা আৰু অধিকাৰক লৈ অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ৷

টংকেশ্বৰ ৰাভাই সভাখনত অংশ লৈ বিটিচিত ৰাভা জনগোষ্ঠীৰ লোক সকলৰ জাতীয় সমস্যাক লৈ সুক্ষ্ম দৃষ্টিভংগীৰে আলোকপাত কৰি আগন্তুক বিটিচি নিৰ্বাচনত ৰাভা সকলে কি ভূমিকা লব তাক লৈ গভীৰভাৱে বৈঠকত পৰ্যালোচনা হোৱা বুলি জনায় ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই সভাখনত এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে দুটাকৈ বিষয়ত প্ৰাধান্য দি নিজৰ ৰাজনৈতিক দৃষ্টিভংগী দাঙি ধৰা বুলি কয় ৷ তেওঁ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংবিধানৰ ষষ্ঠ অনুসূচীত কাউন্সিলৰ মৰ্যদা দিবলৈ দাবী উত্থাপন কৰে।

ৰাভা হাছং কাউন্সিলত অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ কৰিব হ'লে ষষ্ঠ অনুসূচীৰ মৰ্যদাৰ বিকল্প নাই বুলি সদৰি কৰি এইক্ষেত্ৰত ৰাভা হাছং পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্যাদা দিবলৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰি যি পদক্ষেপ গ্ৰহণ কৰিলে তাক টংকেশ্বৰ ৰাভাই আশাবাদী বুলি মন্তব্য আগবঢ়ায় ৷ আনহাতে ১৯৯৫ চনত গঠন হোৱা ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্যদা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিবলৈ তেওঁ বিজেপি চৰকাৰক আহ্বান জনায়।

অন্যথা ৰাভা হাছং পৰিষদীয় এলেকাৰ চাৰিটা বিধানসভা সমষ্টিৰ আসন বিজেপি দলে হেৰুৱাব বুলি একপ্ৰকাৰ সকিয়নি দিয়ে টংকেশ্বৰ ৰাভাই ৷ তেওঁ ৰাভা হাছং পৰিষদৰ চাৰিটা বিধানসভা আসন ৰাভা যৌথ মঞ্চৰ দখলত বুলি উল্লেখ কৰি তেনেক্ষেত্ৰত ৰাজ্যত চৰকাৰ বনাবলৈ হলে ৰাভা হাছং পৰিষদৰ চাৰিটা বিধানসভাৰ প্ৰত্যেকটো আসন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি সোৱৰাই দিয়ে ৷ গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক সদিচ্ছাৰে যিমান সোনকালে ৰাভা হাছং পৰিষদক ষষ্ঠ মৰ্যদা দিব সিমানে মংগলজনক হব বুলি কয় ৷ এইক্ষেত্ৰত ৰাভা হাছং কাউন্সিল ষষ্ঠ অনুসূচীত মৰ্যদা নোপোৱালৈ আন্দোলন চলি থাকিব বুলি মন্তব্য আগবঢ়াইছে টংকেশ্বৰ ৰাভাই ৷

ইপিনে ৰাভা হাছং পৰিষদক ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাটো গোৱালপাৰাৰ বড়ো সকলৰ ওপৰত নিৰ্ভৰ কৰিব বুলি বিগত ২৯ ছেপ্টেম্বৰত ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই কৰা মন্তব্যক লৈ ৰাভা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি কোকৰাঝাৰৰ সমীপৱৰ্তী মাগুৰমাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা আৰু সাধাৰণ সম্পাদক সুভাষ ৰাভাই মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক অইন জনগোষ্ঠীৰ আৱেগ- অনুভূতিক বুজিবলৈ আহ্বান জনায়। লগতে তেওঁৰ মন্তব্যত যিটো প্ৰত্যাহ্বান মূলক দৃষ্টি ভংগী প্ৰকাশ পাইছে তাক পৰিহাৰ কৰি সহযোগ কৰিবলৈও আহ্বান জনাই নিখিল ৰাভা ছাত্ৰ সন্থাই।

আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই বিটিচিত শান্তি স্থাপন কৰাৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আদৰণি জনাই কথা দিয়া মতে কামবোৰ কৰি যাব আহ্বান জনাই নিখিল ৰাভা ছাত্ৰ সন্থাই। ইয়াৰোপৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে একতা স্থাপনৰ বাবে যি আহ্বান জনাইছে তাক পূৰ্ণ সমৰ্থন আগবঢ়াই ৰাভা সকলে কৰা চুক্তিকো সন্মান জনাবলৈ আহ্বান জনাই নিখিল ৰাভা ছাত্ৰ সন্থাই।

উল্লেখ্য যে আজিৰ বৈঠকত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা,সাধাৰণ সম্পাদক সুভাষ ৰাভা,ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা, মুখ্য সম্পাদক অশোক ৰাভা, নিখিল ৰাভা মহিলা সমিতিৰ উপ সভানেত্ৰী শেৱালি ৰাভা আৰু সম্পাদিকা কবিতা ৰাভাকে ধৰি আন কেইবাগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷