মুখ্য-পৃষ্ঠা

বজালীৰ কৃষিপথাৰ পৰিদৰ্শন অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, পাটাছাৰকুছি: সোমবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এটি সজাটি দল লৈ বজালীৰ দুঠাইত কৃষিপথাৰ পৰিদৰ্শন কৰি কৃষিকাৰ্যৰ বুজ লয়৷ এই দলটিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অৰূপ কুমাৰ ডেকা, কৃষি বিজ্ঞানী ড° পিংকুধৰ বৰ্মণ, ড° ঘনকান্ত শৰ্মা, ড° কুলদীপ তালুকদাৰ, কাৰ্যসূচী সহযোগী ডা° দিলীপ কুমাৰ দেৱচৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে৷ দলটিয়ে প্ৰথমতে উপস্থিত হয় আনন্দপুৰ জৈৱিক কৃষি সমিতিৰ দ্বাৰা কৰা ৫০ বিঘা মাটিত জৈৱিক পদ্ধতিৰে কৰা কেতেকী জহা ধানৰ খেতিপথাৰত৷

দলটিয়ে আনন্দপুৰ জৈৱিক কৃষি গোটৰ দ্বাৰা জৈৱিক পদ্ধতিৰে ৰোপন কৰা বিশেষ সুগন্ধি জহা ধানৰ খেতি পৰিদৰ্শন কৰি কৃষকসকলৰ লগত মত বিনিময় কৰে৷ উক্ত গোটৰ দ্বাৰা প্ৰায় ৫০ বিঘা মাটি সামৰি কুনকুনি আৰু কেতেকী জহা ধানৰ খেতি কৰা হৈছে বুলি দলপতি গুনজিৎ নাথে জানিবলৈ দিছে৷

এই জৈৱিক কৃষি অভিযানত কেইবাগৰাকীও অৱসৰী শিক্ষকেও যোগদান কৰি এক জৈৱিক জাগৰন সৃষ্টিৰ প্ৰয়াস কৰিছে৷ দলটিৰ আগমনত উৎফুল্লিত হৈ পৰে কৃষক সকল৷ ইয়াৰ পিচত দলটিয়ে কুচিয়াজাৰত ১৫০ বিঘা মাটিত কৰা নুমলি আৰু ধলাই প্ৰজাতি ধানৰ খেতি পৰিদৰ্শন কৰি ড্ৰোনৰ সহায়ত পৰীক্ষামূলকভাৱে নেনো ইউৰীয়া প্ৰয়োগ কৰা প্ৰত্যেক্ষ কৰে৷