মুখ্য-পৃষ্ঠা

ৰ'দালি কাব্যালোচনীৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট: গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ সৰুপথাৰৰ পৰা অসমীয়া কাব্য জগতলৈ বৰঙণি আগবঢ়োৱাৰ মানসেৰে আত্মপ্ৰকাশ ঘটোৱা ৰ'দালি কাব্যালোচনী আৰু ৰ'দালি প্ৰকাশনে ১ ছেপ্টেম্বৰত সুকলমে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে। ৰ'দালি কাব্যালোচনীৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে সৰুপথাৰস্থিত হনুমান মন্দিৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। 'ৰ'দালি প্ৰকাশন'ৰ সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে আতঁ ধৰা অনুষ্ঠানত নলবাৰী, গুৱাহাটী, কাৰ্বি আংলং, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ আদি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট কবি আৰু সাহিত্যিকে অংশগ্ৰহণ কৰা অনুষ্ঠানত মুঠ ২৮ খন পুথি উন্মোচন কৰা হয়।

উল্লেখ্য যে ৰ'দালি কাব্যালোচনীৰ মুখ্য সম্পাদক স্পনানী গগৈ চেতিয়াৰ কাব্যগ্ৰন্থ 'তাজমহলৰ ৰং' , সম্পাদক মহেশ্বৰ বসুমতাৰীৰ প্ৰবন্ধ সংকলন 'সাময়িকী' আৰু কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ 'তোমাক ভাল পাবলে' মোৰ বাবে নালাগে কোনো এটি দিৱস' শীৰ্ষক কাব্যগ্ৰন্থসহ মুঠ ২৮ খন পুথি উন্মোচন কৰা হয় । উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কবি তথা বিশিষ্ট সাহিত্যিক ড° জ্যোতিৰেখা হাজৰিকা, নিৰ্দিষ্ট বক্তা হিচাপে অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকন, বড়ো কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, বিশিষ্ট লেখক ধৰ্মেশ্বৰ দুৱৰা, শিক্ষাবিদ সিদ্ধেশ্বৰ শইকীয়া, দ্বীপেন বৰা, বিশিষ্ট কবি ৰূপালী বসুমতাৰী, প্ৰাক্তন অধ্যক্ষা মণিপ্ৰভা বৰা, সাংবাদিক তুলসী চেতিয়া, দিলীপ কুমাৰ শৰ্মা, কাৰ্বি আংলং জিলাৰ সাংবাদিক ক্ৰমে পংকজ ডেকা, ধৰ্মেন্দ্ৰ খাখলাৰী, নাৰায়ণ বৰুৱা আৰু ৰত্নকান্ত পাঠক, শিশু সাহিত্যিক তিলু সোণোৱাল, শেষৰ চুব্বাসহ দুকুৰিতকৈ অধিক কবি, সাহিত্যিক আৰু সাংবাদিক সকলক ফুলাম গামোচা আৰু বড়ো আৰণাইৰে সম্বৰ্ধনা জনোৱা হয়।

ইপিনে সাহিত্যৰ ক্ষেত্ৰখনত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা দেৰগাঁও ৰঙামাটিৰ স্বৰ্ণালী গগৈ দাসক "ৰ'দালি কাব্য বঁটা ২০২৪" আৰু অঞ্চলটোৰ সংবাদ জগতৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে প্ৰতিদিন টাইমৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰালৈ "ৰ'দালি সংবাদ সেৱা বঁটা ২০২৪" প্ৰদান কৰা হয়। ইপিনে ৰ'দালি কবিতা আলোচনীৰ সম্পাদনা সমিতিয়ে 'চতুৰ্থ বৰ্ষপূৰ্তি' উপলক্ষে ৰাজ্যিক ভিত্তিত আয়োজন কৰা স্বৰচিত কবিতা লিখা প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰা নলবাৰীৰ নিৰ্জু নিশা দত্ত আৰু দ্বিতীয় স্থান লাভ কৰা যোৰহাটৰ অৰুণ গগৈক বঁটা প্ৰদান কৰা হয়।