মুখ্য-পৃষ্ঠা

ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৰাইডঙীয়াৰ তিনি শিশুৰ সাফল্য

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : বিগত ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ডিফুত অনুষ্ঠিত হোৱা অসম অলিম্পিক সন্থাৰ স্বীকৃতি প্ৰাপ্ত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা ২০২৪ত নগাঁও জিলাৰ ৰাইদঙীয়াৰ তিনিটি শিশু খেলুৱৈয়ে সফলতা লাভ কৰিছে। উক্ত প্ৰতিযোগিতাত নগাঁও জিলালৈ কাৰাটে ডো'একাডেমীৰ অন্তগৰ্ত ৰাইডঙীয়াৰ ৩ জন শিশু খেলুৱৈ ক্ৰমে ল'ৰা ৰ ১৩ বছৰৰ (-৪০) কেজি শাখাত মৃগাঙ্গ বিকাশ বৰাই ব্ৰঞ্জ পদক লাভ কৰে।

একেদৰে ৰিস্মিতা দেৱীয়ে ছোৱালীৰ ১০ বছৰৰ (-২৫) কেজি শাখাত ব্ৰঞ্জ পদক আৰু হর্ষীতা কাশ্যপে ছোৱালীৰ ৮ বছৰৰ (-২০) কেজি শাখাত ব্ৰঞ্জ পদকেৰে কাৰাটে ডো'একাডেমী ৰাইডঙীয়াৰ লগতে নগাঁও জিলা লৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাইডঙীয়াৰ তিনি শিশুৰ সাফল্য

উল্লেখ্য যে এই আটাইকেইগৰাকী খেলুৱৈয়ে চেনচেই ৰিকু কটকীৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।