মুখ্য-পৃষ্ঠা

দীৰ্ঘায়ু হওঁক !

Asomiya Pratidin
শৰীৰ সম্পূৰ্ণ সুস্থ হৈ থাকিলেহে দীৰ্ঘায়ু সম্ভৱ। ৰোগে আগুৰি থকা শৰীৰ এটাৰ বেছিদিন জীয়াই থকাৰ সম্ভাৱনা কমি যায়। ১০০ বছৰ জীয়াই থকাৰ ৰহস্য আপোনাৰ হাতৰ মুঠিত।কোনটো জীৱনশৈলীয়ে আপোনালোকক এক স্বাস্থ্যকৰ আৰু দীঘলীয়া জীৱন প্ৰদান কৰিব এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন... 

আমি সকলোৱে দীৰ্ঘায়ু হ'ব বিচাৰো যদিও বতৰ্মান সময়ত ১০০ বছৰলৈ সুস্থ হৈ জীয়াই থকাটো কঠিন। আজিকালি প্ৰায়ে মানুহক কম বয়সৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পাও। ফলস্বৰূপে এটা সময়লৈ শৰীৰটো দুৰ্বল হৈ পৰে।দুৰ্বল ৰোগাক্ৰান্ত শৰীৰেৰে টানি-টুনি আমি ৬০ বছৰলৈ চলি থাকো। তাৰ পিছত কোনোৱে যদি শৰীৰ ত্যাগ কৰে কোনো আকৌ শয্যাগত হয়। সুস্থ শৰীৰেৰে দীৰ্ঘায়ু জীৱন কঠিন যদিও অসম্ভৱ নহয়।

আপুনি জানেনে পৃথিৱীত কিছুমান এনে ঠাই আছে য'ত মানুহৰ গড় বয়স পৃথিৱীৰ অন্য ঠাই সমূহৰ মানুহৰ তুলনাতকৈ বেছি।১০০ বা তাতোকৈ অধিক বছৰ সুস্থ হৈ জীয়াই থকাটো একাংশৰ কাৰণে কঠিন যদিও ইয়াক সম্ভৱ কৰি তুলিছে অন্য একাংশ লোকে।

এই ঠাই সমূহক বিশেষজ্ঞ সকলে ব্লু জ'ন বুলি স্বীকৃতি দিছে। পৃথিৱীত এনে ৫ টা ব্লু জ'ন আছে য'ত মানুহবোৰ বহু বছৰলৈ সুস্থ হৈ জীয়াই থাকে। এই স্থান সমূহ ক্ৰমে- জাপানৰ অ'কিনাবা, গ্ৰীচৰ অন্তৰ্গত ইকাৰিয়া,কোষ্টা ৰিকাৰ নিকোয়া, আমেৰিকৰ অন্তৰ্গত কেলিফোৰ্নিয়াৰ লোমা লিণ্ডা আৰু এই ব্লু জ'নত ইটালীৰ সাৰ্ডিনিয়াও অন্তৰ্গত।

দীৰ্ঘায়ু বিশেষজ্ঞ ডেন বুইটনাৰৰ পৰা পোৱা তথ্য অনুসৰি, ব্লু জ'নত থকা সকলো লোকৰে জীৱন-ধাৰণত কিছুমান সাদৃশ্য আছে। নিৰ্দিষ্ট নিয়মৰ মাজেৰে চলি বহু দিনলৈ সুস্থ হৈ জীয়াই থাকে এই লোক সকল। এই নিয়ম সমূহ অনুকৰণ কৰি আপুনিও দীৰ্ঘায়ু হ'ব পাৰে।

তেনেই সাধাৰণ ৭ টা নিয়মাৱলীৰ মাজেৰে নিজক সুস্থ কৰি ৰাখক আপুনিও।

খাদ্যাভাস-

ব্লু জ'নৰ ৯০ শতাংশ মানুহে গোটা শস্য আৰু শাক-পাচলিৰে ৰন্ধা খাদ্য গ্ৰহণ কৰে। গোটা শস্য,সেউজীয়া শাক-পাচলি, বাদাম আৰু বিনেৰে তেওঁলোকে কেলৰি আহৰণ কৰে।

জীৱনৰ উদ্দেশ্য-

দীৰ্ঘায়ু জীৱন জীয়াই থকা লোকসকলৰ জীৱনৰ এক উদ্দেশ্য থাকে। যিসকল মানুহে এক উদ্দেশ্য আগত ৰাখি জীৱন অতিবাহিত কৰে তেওঁলোক উদ্দেশ্যহীন মানুহতকৈ বেছি দিন জীয়াই থাকে। জাপানৰ জনসাধাৰণে জীয়াই থকাৰ এটা কাৰণ ৰাখে যাতে জীয়াই থকাৰ ইচ্ছা অটুট থাকে।

মনৰ শান্তি-

দীৰ্ঘায়ু জীৱন জীয়াই থকা লোকসকলে মনটোক শান্ত কৰি ৰাখিবলৈ দিনটোত কেইবাবাৰো প্ৰাৰ্থনা কৰে। একাংশ লোকে দিনতে কিছু সময়ৰ বাবে টোপনি মাৰে যাতে তেওঁলোক মানসিক চাপৰ পৰা মুক্ত হৈ শান্তিপূৰ্ণভাৱে জীয়াই থাকে।

অতিমাত্ৰা খাদ্য সেৱনৰ পৰা বিৰত থকা-

ব্লু জ'নত বাস কৰা লোকসকলে অতিমাত্ৰা খাদ্য সেৱন নকৰে। কেতিয়াও ভোকতকৈ বেছি খাদ্য নাখায়। তেওঁলোকে সদায় নিজ নিজ পৰিয়ালৰ সৈতে বহি খাদ্য সেৱন কৰে। ব্লু জ'ন বাসীয়ে পুৱা আৰু দুপৰীয়াৰ খাদ্যত অধিক কেলৰি গ্ৰহণ কৰে। নিশা সামান্য পৰিমাণৰ খাদ্য খায় যাতে হজমত সমস্যা নহয়।

পৰিয়ালক প্ৰাধান্য দিয়া-

ব্লু জ'ন বাসীয়ে সদায় নিজ নিজ পৰিয়ালক প্ৰাধান্য দিয়ে। তেওঁলোক পৰিয়ালৰ লগতে থাকে আৰু পৰিয়ালৰ বৃদ্ধ লোকজনৰ বিশেষভাৱে আবদাৰ কৰে। বৃদ্ধসকলক  বৃদ্ধাশ্ৰমত নাৰাখে। বিশেষজ্ঞ সকলৰ মতে এনেদৰে জীৱন যাপন কৰা ফলতে ব্লু জ'নৰ লোকসকলৰ বয়স ২ ৰ পৰা ৬ বছৰলৈ বাঢ়ি যায়।

বিবাহ-

বিশেষজ্ঞ সকলে কয় যে, ব্লু জ'ন বাসীৰ বিবাহিত লোকসকল অবিবাহিত সকলতকৈ বেছি দিন জীয়াই থাকে।বিবাহিত সকল পৰিয়াল আৰু সন্তানৰ সৈতে বেছি সময় কটাই সুখী থাকে। ফলস্বৰূপে তেওঁলোকৰ জীয়াই থকাৰ ইচ্ছা অটুট থাকে।

আধ্যাত্মিকতা-

আধ্যাত্মিকতাই আমাৰ মানসিক অৱস্থাটোক অধিক শক্তিশালী কৰি ৰাখে।ধ্যানে মানুহক মানসিক চাপৰ পৰা আঁতৰাই ৰাখে। ফলত মগজু সুস্থিৰ হয় আৰু ভালদৰে কাম কৰে। সেয়ে ব্লু জ'ন বাসী অতি আধ্যাত্মিক হয়।

উপৰোক্ত ৭ টা টিপচ্ মানি পৃথিৱীৰ একাংশ লোকে হাঁহি হাঁহি শতায়ু গৰকিছে।আপোনাৰ মোৰ সকলোৰে দীৰ্ঘায়ু হোৱাৰ ইচ্ছা। যুগ যুগ ধৰি উত্থাপন হোৱা এক প্ৰশ্ন হ’ল মানুহে প্ৰকৃততে কিমান দিন জীয়াই থাকিব পাৰে? মানুহৰ সৰ্বাধিক জীৱনকাল অনুমান কৰা অতি কঠিন। কিন্তু এটা শেহতীয়া অধ্যয়নত পোৱা এক তথ্য অনুসৰি মানুহৰ জীৱনকালৰ সীমা ১৫০ বছৰৰ ওচৰত।

গতিকে আপুনি ময়ো ১৫০ বছৰ জীয়াই থাকিব পাৰো। ভাল খাদ্যাভাস গঢ়ক, আধ্যাত্মিকতাত বিশ্বাস ৰাখক লগতে শান্তি মনেৰে জীৱনৰ এক উদ্দেশ্য আগত ৰাখি জীৱনটো উপভোগ্য কৰি তোলক।এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো...