মুখ্য-পৃষ্ঠা

তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত তিৱা ভাষা গৌৰৱ উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : তিৱা মাথনলাই তখ্ৰা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ডিফু মণ্ডলীক সমিতি ৰজাপথাৰ শাখা সমিতিৰ সহযোগত ৰজাপথাৰ চামগাঁও প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয় মাত মুজুৰা ফাৰি অৰ্থাৎ ভাষা গৌৰৱ উৎসৱ। উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে তিৱা কবিতা পাঠ, তিৱা নৃত্য পৰিৱেশন আৰু তিৱা গীত পৰিৱেশন কৰে।

অনুষ্ঠানত তিৱা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰভাত দাৰফাং, তিৱা মাথনলাই তখ্ৰা কেন্দ্ৰীয় মুখপত্ৰ সম্পাদক তথা জিলা সম্পাদক জনাৰ্দন পাটৰ মৰং , সদৌ তিৱা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সম্পাদক অচ্যুৎ মচৰং, তিৱা সংস্কৃতিক সমাজ কাৰ্বি আংলং জিলাৰ উপ সভাপতি কাৰ্তিক ডেকাৰজা, চামগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী মাধৱ পাটৰ, তখ্ৰা ডিফু মণ্ডলীক সম্পাদক ঋতু মচৰং, সদৌ তিৱা ছাত্ৰ সন্থা ৰজাপথাৰ শাখাৰ অৰূপ বৰদলৈ হুকাই, বিদ্যালয় মতৃগোটৰ সদস্যা সকল আৰু অভিভাৱকসকল উপস্থিত থাকে।

উক্ত অনুষ্ঠানত তখ্ৰা জিলা সম্পাদক জনাৰ্দন পাটৰ মচৰঙে আগন্তুক সময়ত তখ্ৰাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানসমূহ আৰু আগন্তুক শিক্ষা বৰ্ষৰ পৰা তিৱা মাধ্যম আৰম্ভ হ'ব লগা বিষয়টো অৱগত কৰে। জানিব পৰা মতে ৭ নৱেম্বৰত উমচুৱাইতো জিলা তখ্ৰাই ভাষা গৌৰৱ উৎসৱ অনুষ্ঠিত কৰিব।