মুখ্য-পৃষ্ঠা

আইৰ সমান হ'ব কোনঃ আজি মাতৃ দিৱস...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ

"কোনে মোক তুলি-তালি কৰিলে ডাঙৰ

মৌসনা মিঠা মাতে পাহৰি ভাগৰ,

কৰিছিল স্নেহ দুগালত চুমা খাই

তেৱেঁ মোৰ পূজনীয়া মৰমৰ আই"।

মাত্ৰ এটা শব্দ 'মা' । এটা বৰ্ণৰে গঠিত এই শব্দটোতেই লুকাই আছে প্ৰতিজন সন্তানৰ বাবে সঞ্জিৱনী সুধা । মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয় পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰবাহিত হৈ থকা সৃষ্টিৰ ধাৰা । জীৱনদায়িনী মাতৃৰ স্থান এই পৃথিৱীত কাৰো সৈতে তুলনা নহয় । মা অনন্য, মা একক ।

এই মাৰ বাবে সকলো সম্ভৱ । সন্তানক জন্ম দি দুগ্ধ পান কৰাৰ পৰা ডাঙৰ-দীঘল কৰাৰ লৈ, সন্তানৰ বেমাৰ-আজাৰ হ'লেই উজাগৰী নিশা কটোৱালৈকে সকলো সন্তানৰ কাষত থাকে জন্মদাত্ৰী । সেয়ে আই স্থান প্ৰতিজন সন্তানৰ বাবেই সুকীয়া ।

মাৰ ঋণ প্ৰতিজন সন্তানে কোনো কালেই কোনো দিনে পৰিশোধ নোৱাৰে । এই , সন্তানৰ জীৱনত মাৰ যি অতুলনীয় অৱদান সেয়া কেৱল মাত্ৰ দুটামান কথাতেই লিখি সমাপ্ত কৰিব নোৱাৰি । মাতৃৰ সন্তানৰ প্ৰতি যি নিস্বাৰ্থ মৰম, ভালপোৱা, তথা মমতাময়ী যি ৰূপ সেয়া কথা কবি, গীতিকাৰৰ কলমতো জীৱন্ত হৈ উঠে ।

প্ৰতিজন সন্তানেই মাতৃৰ ওচৰত চিৰকৃতজ্ঞ, চিৰঋণী, । আইৰ সমান হ'ব কোন নৈৰ সমান হ'ব কোন বুলি গীতিকাৰসকলে মাতৃক নৈৰ সৈতে তুলনা কৰিছে।

এই মমতাময়ী মাতৃক ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বই মাতৃৰ বাবে সন্মান প্ৰদান কৰিবলৈ আজিৰ দিনটোক বিশেষ দিন হিচাপে উদযাপন কৰি আহিছে । সমগ্ৰ বিশ্বই বিভিন্ন দিনত জন্মদাত্ৰী মাতৃক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য এটা দিন নিৰ্ধাৰণ কৰি লৈছে । বেছিভাগ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, নিউজিলেণ্ড আৰু কানাডাকে ধৰি প্ৰতি বছৰৰ মে' মাহৰ দ্বিতীয় দেওবাৰে মাতৃ দিৱস পালন কৰা হয় ।

এই মাতৃ দিৱস ১৯১৪ চনত আনা জাৰ্ভিছৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে মাতৃ দিৱস  আমেৰিকা যুক্তৰাষ্ট্ৰত আনুষ্ঠানিকভাবে উদযাপন কৰা হয় । তেতিয়াৰে পৰা সমগ্ৰ বিশ্বৰ বহুতো দেশে প্ৰতি বছৰৰ মে' মাহৰ দ্বিতীয় দেওবাৰৰ দিনটোক মাতৃ দিৱস হিচাপে উদযাপন কৰি আহিছে ।

যদিওবা মাতৃ পূজাৰ বাবে কোনো নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই । প্ৰতিটো দিনেই প্ৰতিজন সন্তানৰ বাবে মাতৃ দিৱস । মাতৃ দিৱসৰ আজিৰ এই শুভ দিনটোত প্ৰতিগৰাকী মাতৃলৈ জনালো সশ্ৰদ্ধ প্ৰণাম ।