মুখ্য-পৃষ্ঠা

বঢ়মপুৰত ৰাজ্যৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ সন্মান যাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ বঢ়মপুৰৰ শ্বহীদ উদ্যানত দেওবাৰে অসমৰ ৩২গৰাকী স্বাধীনতা আন্দোলনৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুসকলৰ সন্মান যাত্ৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱাৰে পৰা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শ্বহীদ আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ লোকৰ উপৰি নগাঁও জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

অন্যান্য কাৰ্যসূচীৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া অমৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ধূপ-ধূনা-বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰ লগতে '৪২ৰ ৰাষ্ট্ৰীয় পতাকা মুক্তাকাশত উৰুৱাই, পুষ্পবৃষ্টিৰে মুক্তিযুঁজাৰু আৰু শ্বহীদসকলৰ ফটো সম্বলিত বেনাৰ, প্ৰতিচ্ছবিৰ ফেষ্টুন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱা অভিনৱ সন্মান যাত্ৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে দুই শতাধিক লোকে। আজিৰ এই অনুষ্ঠানত সৰ্বভাৰতীয় মুক্তিযুঁজাৰু উত্তৰাধিকাৰী পৰিবাৰ সমিতিৰ উপাধ্যক্ষ তথা অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে হৰিদ্বাৰ অভিমুখী অসমৰ প্ৰতিনিধি দলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।