মুখ্য-পৃষ্ঠা

ত্ৰিপুৰাত ১.২০কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ। চেপাহিজেলাৰ বিশালগড় আৰক্ষী থানাৰ আৰক্ষীয়ে এখন মটৰ চাইকেলৰ পৰা জব্দ কৰিছে প্ৰায় ৮০০ গ্ৰাম হেৰ'ইন। জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ১.২ কোটি টকা।

চেপাহিজেলা আৰক্ষীয়ে সদৰী কৰা মতে, শনিবাৰে নিশা বিশালগড় আৰক্ষীয়ে sepahijila চিৰিয়াখানাৰ ওচৰত নাকা চেকিঙ বহুৱাই এখন সন্দেহজনক মটৰ চাইকেল আটক কৰে। মটৰ চাইকেল খনত তালাচী চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৮১ টা চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ৮০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ১.২ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে পাহাৰপুৰ থানাৰ অন্তৰ্গত যাত্ৰাপুৰৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।