মুখ্য-পৃষ্ঠা

টুপীয়া পাঁচ গাঁও একাডেমীক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ

উৎফুল্লিত অঞ্চলবাসী...

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপীয়া পাঁচ গাঁও একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে। শিক্ষা বিভাগৰ এই সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ,ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী ৷

সেই উপলক্ষে আজি বিদ্যালয়খনত আয়োজিত এক বৃহৎ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিক ভাবে উচ্চতৰ মাধ্যমিক শাখাটোৰ প্ৰথম বৰ্ষৰ পাঠদান কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয়। টুপিয়া পাঁচ গাঁও একাডেমীৰ প্ৰধান শিক্ষক মন্টু বৰালে আঁত ধৰা সভাৰ সভাপতিত্ব কৰে কৃতী শিক্ষক সমাজকৰ্মী নিতুমনি বৰাই।

ইয়াৰ পিছতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই টুপিয়া পাঁচ গাঁও একাডেমীৰ উচ্চতৰ মাধ্যমিক শাখাৰ প্ৰথম বৰ্ষৰ পাঠদান কাৰ্য্যসূচী ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে।

এই অনুষ্ঠানটিত উপস্থিত থাকে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিকৰ প্ৰাক্তন অধ্যক্ষ মুছৰাফ নাছিৰ, টুপীয়া পাঁচ গাঁও একাডেমীৰ প্ৰাক্তন প্ৰধান শিক্ষক অশোক দাহাল,সমাজকৰ্মী বকুল ভূঞা,দিগন্ত ভূঞাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ও বিদ্যালয় পৰিচালনা কমিটি, অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীসকল।