মুখ্য-পৃষ্ঠা

বিহালীত উদ্ধাৰ ২৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ ৰাংছালীত হাতীৰ দাঁতসহ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে সীমা শুল্ক বিভাগে৷ ৰাংছালীৰ কমাৰপুখুৰী চাৰিআলিত হাতী দাঁতৰ চোৰাং ব্যবসায়ী সোনমনি দাসক হাতে-লোটে গ্ৰেপ্তাৰ কৰে কৰে সীমা অভিযানকাৰী দলে ৷ সোণমনি দাসৰ পৰা উদ্ধাৰ কৰে ২৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত৷

দাঁত দুটা চাৰি টুকুৰা কৰি এটা মোনাত ভৰাই গছ পাতেৰে ঢাকি আনিছিল সোনমনিয়ে ৷ ইতিমধ্যে সীমা শুল্ক বিভাগে হাতীৰ দাঁত সহ সোণমনি দাসক বন বিভাগৰ হাতত গতাই দিয়ে৷ বন বিভাগে সোনমনি দাসক জেৰা অব্যাহত ৰাখিছে আৰু এই চোৰাং ব্যৱসায়ৰ লগত কোন কোন জড়িত আছে আৰু কাক বিক্ৰী কৰিবলৈ আনিছিল তাৰ তদন্ত আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে বন বিভাগে সোনমনি দাসক আদালতত হাজিৰ কৰে।