মুখ্য-পৃষ্ঠা

কোকৰাঝাৰত দুই সুৰা মাফিয়া গ্ৰেপ্তাৰ: পলাতক মূল অভিযুক্ত...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভেজাল সুৰা প্ৰস্তুতকাৰী দুই সুৰা মাফিয়া ক্ৰমে বঙাইগাঁৱৰ প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষীয়ে। শুকুৰবাৰে বঙাইগাঁও আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰাই কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে দুজনক। বঙাইগাঁৱৰ পৰা আটক কৰাৰ পিছতেই অভিযুক্তদ্বয়ক কোকৰাঝাৰ সদৰ থানাত অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ ৩১নং (গ )ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগৰ বিছমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত সমৰপুৰত যোৱা ২৩ জুনত গুৱাহাটীৰ আৱকাৰী বিভাগৰ এটি দলে অতি গোপনে ভেজাল সুৰা প্ৰস্তুতকাৰী ফেক্টৰী এটা উৎখাত কৰিছিল। এই অভিযানত ভেজাল সুৰা নিৰ্মাণত ব্যৱহৃত ২০০০ লিটাৰৰ কণ্টেইনাৰ , ৫১ হাজাৰ নকল হলোগ্ৰাম, অফিচাৰ্চ ছইছ , মেক্ ডুবেল , হুইস্কি আদিকে ধৰি বহু ব্ৰেণ্ডৰ সাঁফৰ ৯৫২০০ টা , গ্লাছ বটল ৩৫৮৫০ টা , পেট বটল ১০২০০ টা , ৬ হাজাৰ মনোকাৰ্টন , প্লাষ্টিকৰ ষ্টৰেজ ৪০০০ লিটাৰ আদিকে কৰি বহু সামগ্ৰী জব্দ কৰিছিল।

ভেজাল সুৰা প্ৰস্তুতকাৰী দুই মূল অভিযুক্তক অৱশেষত শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। অৱশ্যে অবৈধ সুৰাৰ কাৰখানাটোৰ মূল নায়ক সৌমদৌন বসুমতাৰী ওৰফে ধনজয় এতিয়াও পলাতক অৱস্থাত আছে। অৱশ্যে শাসকীয় দলৰ নেতাৰ সতে ঘনিষ্ট, হাতদীঘল সৌমদৌন বসুমতাৰীৰ বিপক্ষে আৰক্ষীৰ তদন্ত স্তিমিত হৈ পৰিব পাৰে বুলি আশাংকা প্ৰকাশ কৰা হৈছে ।