মুখ্য-পৃষ্ঠা

ওদালগুৰিত জ্বলাই দিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিনৰ পূৰ্বে ওদালগুৰিত সংঘটিত হৈছে হিংসাত্মক কাৰ্যকলাপ। খৈৰাবাৰীত অচিনাকী দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়।নিশা প্ৰায় ৯ বজাত ওদালগুৰি জিলাৰ খৈৰাবাৰীত থকা কাৰ্যালয়টো জ্বলাই দিয়ে ।সম্প্ৰতি আৰক্ষী গৈ উপস্থিত হয় আৰু তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে বৰ্তমানলৈকে কাৰ্যালয়টোত কোনে অগ্নি সংযোগ কৰিছিল তাৰ সবিশেষ তথ্য উদ্ধাৰ কৰিব পৰা নাই।