অগ্ৰণী খবৰ 
মুখ্য-পৃষ্ঠা

২২সংখ্যক ওদালগুৰি জিলা দিৱস আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ২০০৩ চনৰ ৩০ অক্টোবৰত এক চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে জন্ম হোৱা অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্যতম জিলা ওদালগুৰিয়ে ২১ বছৰ সম্পূৰ্ণ কৰিব। সেই উপলক্ষে অহা ৩০ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হব ওদালগুৰি জিলা দিৱসৰ বিভিন্ন কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি ৩০ অক্টোবৰৰ পুৱা ৯:০০ বজাত ওদালগুৰি জিলাৰ ইতিহাস আলোকপাত কৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠানত বিশেষ প্ৰাতঃ সভা অনুষ্ঠিত হ'ব।

দিনৰ ১২:০০ বজাত ওদালগুৰি জিলা দিৱস উদযাপনস্থলীত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব। দুপৰীয়া ২:০০ বজাত ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডলৈ উলিওৱা হব বিশেষ সাংস্কৃতিক শোভাযাত্ৰা। বিয়লি ৩:০০ বজাত ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত প্ৰদৰ্শনীৰ লগতে পৰম্পৰাগত খাদ্যৰ বিশেষ কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰা হ'ব।

আবেলি ৪:০০ বজাত ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জড়িত কৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব। সন্ধিয়া ৫:৩০ বজাত জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শকাৰী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন। সন্ধিয়া ৬:০০ বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী। উক্ত প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত পুলক পাটগিৰিয়ে।