মুখ্য-পৃষ্ঠা

ওদালগুৰি সত্ৰ ন্যায়ধীশ আদালতৰ ৰায়দান: হত্যাৰ অপৰাধত এজনক যাৱজ্জীৱন কাৰাদণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতে চলিত মাহটোত ধাৰাবাহিকভাৱে একাধিক ঐতিহাসিক ৰায়দান প্ৰদান কৰি আহিছে। আদালতখনে শুকুৰবাৰে পুনৰ এনেধৰণৰ এক ঐতিহাসিক ৰায় প্ৰদান কৰি এজন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰ অনুসৰি, ২০২১ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত ৩ নম্বৰ পানেৰী গাওঁত সংঘটিত হৈছিল হত্যাকাণ্ডটো। এজাহাৰকাৰীৰ স্বামী ৰফিক আহমেদে পুৱা গা ধুই আহি ঘৰত থকা মিস্ত্ৰীৰ সৈতে গোহালিৰ দিশে গৈ আছিল। এনেতে পূৰ্বৰে পৰা পৰিকল্পিতভাৱে সাজু হৈ থকা হত্যাকাৰী একেখন গাওঁৰে ছমীৰ আহমেদে ৰফিক আহমেদক পিছফালৰ পৰা এডাল লাঠিৰে মুৰত আঘাত কৰে। লগে লগে ৰফিক আহমেদ মাটিত ঢলি পৰাৰ পাছতো উপৰ্যুপৰি ভুক্তভোগীক প্ৰহাৰ কৰি থাকি শেষত হত্যাকাৰী ছমীৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

লগে লগে ভুক্তভোগী ৰফিক আহমেদক সমীপতে থকা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰ কিছু সময় পাছতে তেখেতৰ মৃত্যু ঘটে। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পত্নীয়ে পানেৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১১২/২১ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

উক্ত গোচৰটো পৰৱৰ্তী সময়ত ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতত ২২/২০২২ নম্বৰত ৰুজু কৰি শুনানি আৰম্ভ কৰে। কেইবাটাও শুনানিৰ অন্তত শুকুৰবাৰে এন এছ দেউৰীৰ আদালতে হত্যাকাৰী ছমীৰ আহমেদক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।